নতুন বছৰটোৰ কেলেণ্ডাৰে মহাকাশ প্ৰেমীসকলৰ বাবে লৈ আহিছে ৰোমান্সকৰ খবৰ। কিয়নো এই বছৰটোত চাৰিটাকৈ গ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। ইয়াৰ ভিতৰত দুটা সূর্যগ্রহণ আৰু দুটা চন্দ্রগ্রহণ। অৱশ্যে ভাৰতৰ আকাশত প্রতিটো গ্রহণ দেখা নাপাব মানুহে। জ্যোতির্বিজ্ঞানীসকলৰ মতে, চাৰিটা গ্ৰহণৰ ভিতৰত মাত্ৰ এটাহে ভাৰতৰ পৰা স্পষ্ট ৰূপত দেখা পোৱা যাব।
বাকী তিনিটা গ্রহণ আমাৰ দেশত দৃশ্যমান নহ’ব অথবা দৃশ্যমান হ’লেও তাৰ পৰিমাণ অতি সামান্য হ’ব। বছৰৰ প্ৰথমটো মহাজাগতিক চমক দেখা যাব ১৭ ফেব্ৰুৱাৰীত। ই হ’ব এক বলয়গ্রাস সূর্যগ্রহণ, যাক বিজ্ঞানীসকলে ‘ৰিং অৱ ফায়াৰ’ বুলিও কয়।
সেইদিনা সূৰ্যৰ প্রায় ৯৬ শতাংশ ঢাক খাই পৰিব চন্দ্ৰৰ ছাঁত। প্রায় দুই মিনিট ২০ ছেকেণ্ড স্থায়ী হ’ব এই বিৰল মুহূর্ত। অৱশ্যে হতাশাৰ কথাটো হৈছে দক্ষিণ আফ্রিকা, আর্জেন্টিনা আৰু এন্টার্কটিকাৰ পৰা স্পষ্টভাৱে দেখা গ’লেও ভাৰতৰ আকাশৰ পৰা এই ‘অগ্নিবলয়’ দেখা পোৱা নাযাব।
ভাৰতীয়ৰ সেই আক্ষেপ অৱশ্যে দূৰ হ’ব তিনি মার্চত। সেইদিনা ভাৰতবাসীয়ে প্রত্যক্ষ কৰিব বছৰৰ একমাত্র দৃশ্যমান গ্রহণ, এটা পূর্ণগ্রাস চন্দ্রগ্রহণ। প্রায় ৫৮ মিনিট ধৰি চলিব এই মহাজাগতিক লীলা।
পূৰ্ণগ্ৰাসৰ সময়ত চন্দ্রই উজ্জ্বল ৰঙা বৰণ ধাৰণ কৰিব, যাক কোৱা হয় ‘ব্লাড মুন’। জ্যোতিষ শাস্ত্ৰ আৰু বিজ্ঞান উভয় দিশৰ পৰাই এই ঘটনা অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো ২০২৯ৰ পূৰ্বে ইয়েই হ’ব পৃথিৱীৰ শেষ পূর্ণগ্রাস চন্দ্রগ্রহণ।
ভাৰতত এই গ্রহণ দৃশ্যমান হোৱাৰ বাবে বিভিন্ন নিয়ম-নীতিও পালন কৰা হ’ব। একাংশ মহাকাশ গৱেষকে জনাইছে যে এই গ্রহণবোৰে বিজ্ঞানীসকলৰ ওচৰত গৱেষণাৰ নতুন পথ মুকলি কৰিব।
সাধাৰণ মানুহৰ বাবে ই যিদৰে এক অদ্ভুত অভিজ্ঞতাৰ সুযোগ, সেইদৰে জ্যোতিষ মতেও ইয়াৰ গুৰুত্ব অপৰিসীম। তিনি মার্চত আকাশ পৰিষ্কাৰ থাকিলে ভাৰতৰ আকাশৰ পৰা সেইদিনা ৰঙা ৰঙৰ চন্দ্ৰৰ মায়াবী ৰূপ দেখা পোৱা যাব। সকলো মিলাই মহাকাষ চৰ্চাৰ ক্ষেত্রত ২০২৬ এক উল্লেখনীয় বছৰ হ’ব।






























