Satellites:✒️প্রতিদিনেই মহাবিশ্বৰ অনন্তত নক্ষত্ৰৰ সন্ধান অব্যাহত ৰাখিছে মানুহে। অথচ বহিঃবিশ্বৰ দিশে চাবলৈ গৈ আৰু যোগাযোগ ব্যৱস্থাক আৰু উন্নত কৰাৰ লক্ষ্যত নিজৰ সুন্দৰ নীলা গ্ৰহটোকে মানুহে বিপদৰ মুখত পেলাইছে নেকি বুলিও প্রশ্ন উঠিছে।
কিয়নো পৃথিৱীৰ চাৰিওফালে এতিয়া ই-আবৰ্জনাৰ পৰিমাণ দ্রুতগতিত বৃদ্ধি পাইছে আৰু তাৰ প্রকোপতে বাঢ়িছে আশংকা। কেৱল ২০২৪তে ১২০০টা বস্তু মহাকাশৰ পৰা খহি পৰিছিল পৃথিৱীত।
অদূৰ ভৱিষ্যতে ভয়ংকৰ বিপদ আহি পৰিব পাৰে বুলিয়ে আশংকা কৰা হৈছে। এনে পৰিস্থিতিত এক নতুন গবেষণাত সেই ভয় আৰু বৃদ্ধি পাইছে। সেই গবেষণাত ‘ক্রেছ ক্ল’ক’ নামৰ এক পদ্ধতিৰ কথা কোৱা হৈছে।
যি দাবী কৰিছে যে কৃত্রিম উপগ্রহসমূহে যদি ২৪ ঘণ্টাৰ বাবে নিজৰ নিয়ন্ত্রণ হেৰুৱাই পেলায়, তেন্তে বিপৰ্যয়ৰ আশংকা ৩০ শতাংশ বৃদ্ধি পাব।
আচলতে পৃথিৱীক প্রদক্ষিণ কৰি থকা কৃত্রিম উপগ্ৰহৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ফলত বিশ্বব্যাপী ইণ্টাৰনেট আৰু বিজ্ঞানৰ উন্নতি ঘটিছে।
ইয়াৰ সমান্তৰালকৈ মহাকাশত আবর্জনা বৃদ্ধি, সংঘৰ্ষৰ আশংকা আৰু পৰিৱেশ প্রদূষণো বৃদ্ধি পাইছে। এনে পৰিস্থিতিতে আতংক বৃদ্ধি কৰিছে এই ‘ক্ৰেছ ক্ল’ক’ নামৰ পদ্ধতিয়ে।
এতিয়া প্রশ্ন হয় যে কি এই ‘বিপর্যয় ঘড়ী’? এই ঘড়ীৰ সহায়ত প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ নকৰিলে এটা বিধ্বংসী সংঘর্ষ ঘটিবলৈ আৰু কিমান সময় আছে তাৰ জোখ লয়। তাতেই দেখা গৈছে যে সৌৰ ধুমুহাৰ দৰে ডাঙৰ বিপদত পৰিলে নিশাৰ ভিতৰতে অসাৰ হৈ পৰিব সকলো কৃত্রিম উপগ্রহ।
মাত্র ২৪ ঘণ্টাৰ বাবে নিয়ন্ত্রণ হেৰুৱালেও ঘটিব মহা বিপদ।পৃথিৱীৰ ওপৰত এই মুহূর্তত ভিৰ কৰি আছে প্রায় ১০ হেজাৰ ছেটেলাইটে। যি সংখ্যা অতি শীঘ্ৰেই ১৫ হেজাৰ হ’বগৈ।
ফলত যিমানেই সময় আগুৱাই গৈছে, সিমানেই সম্ভাবনা বাঢ়িছে বিকল হৈ পৰা কৃত্ৰিম উপগ্ৰহৰ পৰা বিপদৰ আশংকা। বিকল কৃত্রিম উপগ্ৰহৰ সমান্তৰালকৈ ৰকেটৰ পৰিত্যক্ত অংশ, অভিযান সংক্রান্তীয় আবর্জনা (লেন্স কেপ বা ছেপাৰেচন ব’ল্ট জাতীয় যন্ত্রপাতি), মহাকাশত মানুহে প্ৰেৰণ কৰা বস্তুবোৰৰ ভিতৰত হোৱা সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা যন্ত্রাংশ ইত্যাদি নানা বস্তুও আছে তাত। দেখা গৈছে যে মহাকাশত কমেও ৪০ হেজাৰ বস্তুৱে ঘূৰি ফুৰিছে।
যদিও সংখ্যাটো আৰু বেছি বুলিয়েই অনুমান কৰা হৈছে। বিজ্ঞানীসকলে জনাইছে যে এক ছেন্টিমিটাৰতকৈ বেছি আকাৰৰ বস্তুৱেই পৃথিৱীত আছাৰ খাই পৰিলে বিপদ হ’ব পাৰে।
১২ লক্ষৰো অধিক মহাকাশ-আবর্জনা জমা হোৱা বুলিয়ে আশংকা কৰা হৈছে। গৱেষকসকলে জনাইছে যে যদি এটা ডাঙৰ ধুমুহাৰ সময়ত কৃত্রিম উপগ্রহ পৰিচালনাকাৰীসকলে নিয়ন্ত্রণ হেৰুৱাই পেলায়, তেন্তে এক ভয়াৱহ সংঘর্ষ ঘটিবলৈ মাত্র তিনিটা দিনহে সময় লাগিব।






























