ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব ধপাতজাতীয় সামগ্ৰীৰ মূল্য

IMG 20260112 151747

অহা মাহৰ পৰা চিগাৰেট, বিড়ি, পাণ-মছলাকে ধৰি সকলো ধৰণৰ ধপাতজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে এক বিবৃতিযোগে এই কথা প্রকাশ কৰিছে।

মনকৰিবলগীয়া যে ২০১৭ত জিএছটি কাৰ্যকৰী হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই প্রথমবাৰৰ বাবে কেন্দ্ৰীয় আবকাৰী আইন আৰু কেন্দ্রীয় আবকাৰী (সংশোধনী) আইনত কৰ আন্তঃগাঁথনিৰ বৃহৎ পৰিৱৰ্তন আনিছে।

বিবৃতিত প্রকাশিত তথ্য অনুসৰি, অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা পাণ-মছলা, চিগাৰেট, ধপাত আৰু অনুৰূপ সামগ্ৰীৰ ক্ষেত্ৰত ৪০ শতাংশ জিএছটি হাৰ প্ৰযোজ্য হোৱাৰ বিপৰীতে বিড়িত ১৮ শতাংশ জিএছটি প্রযোজ্য হ’ব। তদুপৰি পাণমছলাৰ ওপৰত স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা কৰো আৰোপ কৰা হ’ব।

ইপিনে, ধপাত আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰা হ’ব। চিগাৰেট প্রস্তুতকর্তা সংস্থাসমূহে অদ্যাপি নতুন মূল্যৰ কথা ঘোষণা কৰা নাই যদিও প্রতিটো চিগাৰেটৰ মূল্য সাতৰ পৰা ১১ টকা পর্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Exit mobile version