Iran:✒️হিংসাত্মক আন্দোলনত বিধ্বস্ত ইৰানৰ পৰা দেশলৈ উভতি আহি ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে ভাৰতীয়সকলে। দিল্লী বিমানবন্দৰত নামিয়েই তেওঁলোকৰ মুখত দেখিবলৈ পোৱা গ’ল স্বস্তিৰ হাঁহি ।
শুক্ৰবাৰে নিশা দুখন বিমানে ভাৰতীয়সকলক দেশলৈ উভতাই অনা হয়। আমেৰিকাৰ সকিয়নিৰ পাছত আয়াতোল্লা আলি খামেনেই প্ৰশাসনে ইৰানৰ আকাশসীমা বন্ধ কৰিছিল। এতিয়া পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হোৱাত বহু ভাৰতীয়ে দেশ এৰিবলৈ চেষ্টা কৰিছে।
ইতিমধ্যে দুখন বাণিজ্যিক বিমানত কেবাজনো ভাৰতীয় উভতি আহিছে। বাকীসকলেও শীঘ্ৰেই দেশলৈ আহিব পাৰে বুলি আশা কৰা হৈছে।
ইৰানত হিংসা আৰম্ভ হোৱাৰ পাছতেই তেহৰানস্থিত ভাৰতীয় দূতাবাসে পৰ্যটক, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীৰ স’তে নিয়মীয়াকৈ যোগাযোগ ৰাখিছিল আৰু সতৰ্কতা নিৰ্দেশনা জাৰি কৰিছিল।
ইৰানত থকা ভাৰতীয়সকলে দেশলৈ উভতি আহিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।
এগৰাকী ভাৰতীয় চিকিৎসা ছাত্ৰই জনাইছে, “আগতেও আন্দোলন দেখিছোঁ, কিন্তু ইৰানত যি হিংসা দেখিলোঁ, তেনেকুৱা কেতিয়াও নাছিল। ৰাস্তাত কেৱল মৃতদেহ, বতাহত বাৰুদৰ গোন্ধ, চাৰিওফালে জুই আৰু গুলীৰ শব্দ। প্ৰায় দুসপ্তাহ ঘৰৰ বাহিৰ হ’ব পৰা নাছিলোঁ। ইণ্টাৰনেট নাছিল, পৰিয়ালৰ স’তে যোগাযোগো কৰিব নোৱাৰিছিলোঁ।”
আন এজন ভাৰতীয়ই কয়, “বাহিৰলৈ ওলাই যোৱামাত্ৰেই বিক্ষোভকাৰীয়ে ঘেৰি ধৰিছিল। একেবাৰে দিশাহীন অনুভৱ হৈছিল।” কামৰ সূত্ৰে ইৰানলৈ যোৱা এজন বৈদ্যুতিক অভিযন্ত্ৰই জনাইছে, “কেইদিন আতংকত আছিলোঁ, এতিয়া তেহৰানত পৰিস্থিতি অলপ স্বাভাৱিক হৈছে।”
উল্লেখযোগ্য যে, ডিচেম্বৰৰ শেষৰ পৰা খামেনেই প্ৰশাসনৰ বিৰুদ্ধে ইৰানজুৰি তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। এই হিংসাত কেবা হেজাৰো প্ৰতিবাদী আৰু বহু নিৰাপত্তা বাহিনীৰ সদস্য নিহত হৈছে।
এই হিংসা-বিধ্বস্ত পৰিস্থিতিৰ মাজতে প্ৰথম পৰ্যায়ত শুক্ৰবাৰে কিছু ভাৰতীয় অৱশেষত দেশলৈ উভতি আহিল।






























