Israel:✒️মধ্য প্রাচ্যৰ শেহতীয়া যুদ্ধই সৃষ্টি কৰা শক্তি সংকট বৃদ্ধিৰ আশংকা দূৰ হোৱা নাই। ইন্ধনজাত সামগ্রীৰ আমদানি নির্ভৰ ভাৰতকে।ধৰি বিভিন্ন দেশক উদ্বিগ্ন কৰি ইৰানে পুনৰ বন্ধ কৰিছে হৰমুজ প্রণালী।
মার্কিন প্রশাসনৰ বিৰুদ্ধে চুক্তিৰ চৰ্ত উলংঘাৰ অভিযোগ উত্থাপন কৰি ইৰানৰ সামৰিক নেতৃত্বই এক বিবৃতিত এই কথা প্রকাশ কৰিছে। বিবৃতিটোত কোৱা হয়, ‘ইবানলৈ অহা আৰু ইবানব পৰা যাতায়াত কৰা সকলো জাহাজৰ চলাচলত মার্কিন প্রশাসনে স্বাধীনতা প্রদান নকৰা পর্যন্ত হৰমুজ প্রণালীৰ পৰিস্থিতি কঠোৰভাৱে নিয়ন্ত্রিত হৈ থাকিব।’
উল্লেখ্য যে শুকুৰবাৰে ইৰানে হৰমুজ প্রণালী মুকলি কৰি দিছিল। তৎসত্ত্বেও দেশখনৰ বিৰুদ্ধে মার্কিন প্রশাসনে অৱৰোধ অব্যাহত ৰাখিছে। ইয়াক লৈ ক্ষুব্ধ হৈ ইৰানৰ সামৰিক কর্তৃপক্ষই বিশ্ব বাণিজ্যৰ অন্যতম জীৱনৰেখা স্বৰূপ এই সাগৰীয় জলপথ পুনৰ বন্ধ কৰিছে।
উল্লেখ্য যে মধ্য প্রাচ্য যুদ্ধৰ সূত্রপাত হোৱাৰ সময়ৰে পৰা তথা যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াত ইতিমধ্যে গেছ-তেলৰ নাটনিক লৈ বিশ্বৰ বহু দেশত হাহাকাৰ লাগিছে। অৱশেষত শুকুৰবাৰে ইৰানে এই প্রণালী মুকলি কৰি দিয়ে যদিও দেশখনৰ এই ঘোষণাৰ ২৪ ঘণ্টা নৌহওঁতে পুনৰ প্ৰণালীটো বন্ধ হৈ পৰিছে।
আনহাতে, মার্কিন ৰাষ্ট্রপতি ট্রাম্পে আঁকোৰগোজালিৰে হুংকাৰ দিছে যে দেশখনে ইৰানৰ বিৰুদ্ধে পূর্ণ বলবে নৌ অৱৰোধ অব্যাহত ৰাখিব। এনে পৰিস্থিতি পুনৰ জটিল হৈ উঠিছে। অবশ্যে ইৰান সম্পৰ্কত আজি পুৱা ট্রাম্পে সুৰ সলনি কৰে। সাংবাদিকৰ পোনপটীয়া প্রশ্ন এৰাই তেওঁ কয়, ‘আমাৰ মাজত ভাল আলোচনা চলি আছে। তেওঁলোকে প্রণালীটো পুনৰ বন্ধ কৰিবলৈ বিচাৰিছে।’
ইৰানে মার্কিন যুক্তৰাষ্ট্ৰক ব্লেকমেইল কৰিব নোৱাৰে বুলিও ট্রাম্পে এক তাৎপর্যপূর্ণ মন্তব্য কৰে। হৰমুজ প্রণালীত ভাৰতৰ পতাকা লগোৱা দুখন তৈলবাহী জাহাজলৈ ইৰানৰ গুলিবর্ষণ হৰমুজ প্রণালীক কেন্দ্ৰ কৰি পৰিস্থিতি পুনৰ জটিল হোৱাৰ সময়তে ভাৰতৰ পতাকা লগোৱা দুখন তৈলবাহী জাহাজলৈ ইৰানী নিৰাপত্তা বাহিনীয়ে গুলিবর্ষণ কৰাৰ তথ্য পোহৰলৈ আহিছে।
সূত্রই প্রকাশ কৰা অনুসৰি ভাৰতীয় পতাকাযুক্ত এই তৈলবাহী জাহাজ দুখনলৈ অ’মানৰ উত্তৰ-পূব দিশত ইৰানী বাহিনীয়ে গুলিবর্ষণ কৰে। অৱশ্যে এই গুলিবর্ষণৰ ফলত জাহাজ দুখনৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই বুলি প্রকাশ কৰিছে। একেদৰে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই। আক্রান্ত জাহাজ দুখনৰ এখন অতি বৃহৎ খাকরা তেলবাহী জাহাজ।
এনে জাহাজ দীর্ঘ দূৰত্বৰ তেল পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়। আনহাতে, এই ঘটনাৰ পাছতে ভাৰত চৰকাৰে নতুন দিল্লীস্থ ইৰানৰ ৰাষ্ট্রদূত মহম্মদ ফাথালিক তলব কৰি আনি আনুষ্ঠানিকভাৱে ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই সংক্রান্তত শীঘ্রে বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ে বিবৃতি প্রকাশ কৰাৰ কথা।
ইৰানৰ অসামৰিক চৰকাৰ-সামৰিক বাহিনীৰ মাজত দূৰত্ব বৃদ্ধি হৰমুজ প্রণালী বাণিজ্যিক জাহাজ চলাচলৰ বাবে মুকলি কৰা হৈছে নে নাই সেয়া ইবানে স্পষ্টকে জনাব পৰা নাই। দৰাচলতে যোৱা ২৮ ফেব্ৰুৱাৰীত মধ্য প্রাচ্য যুদ্ধৰ সূত্রপাত ঘটাৰ সময়ৰে পৰা দেশখনৰ অসামৰিক চৰকাৰ আৰু সামৰিক কর্তৃপক্ষৰ মাজত এক দূৰত্ব স্পষ্ট হৈ আছে।
সম্প্রতি এই দূৰত্ব অধিক বৃদ্ধি পোৱাৰ ইংগিত স্পষ্ট হৈছে। সেয়েহে কালি দেশখনৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাঘছিয়ে হৰমুজ প্রণালী মুকলি কৰা বুলি ঘোষণা কৰাৰ পাছতে আজি সামৰিক কর্তৃপক্ষই এই প্রণালী বন্ধ কৰা বুলি বিবৃতি প্রকাশ কৰে। গতিকে এই সাগৰীয় জলপথ মুক্ত হৈ আছে নে বন্ধ হৈ আছে সেয়া স্পষ্ট হোৱা নাই। একেদৰে ইৰানৰ দুই কর্তৃপক্ষৰ মাজত সংঘাত বৃদ্ধিকো সূচাইছে বুলি চর্চা হৈছে।






























