ULFA (I)calls for boycott of Republic Day:
৭৭ সংখ্যক গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ ৷ এই সন্দৰ্ভত আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ:সম্পাদক অনুৰণন অসম স্বাক্ষৰিত এক বিবৃতিত উল্লেখ কৰে যে
বুৰঞ্জী প্ৰসিদ্ধ প্ৰকৃতিৰ বিনন্দীয়া অতুল্য সৃষ্টি ৰূপ-সৌন্দৰ্য আৰু সম্পদেৰে সমৃদ্ধিশালী অসম-নাগালেণ্ডকে ধৰি সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়া [Western South East Asia] অঞ্চল। কিন্তু ঔপনিৱেশিক তথাকথিত ভাৰতৰাষ্ট্ৰই এই অঞ্চলসমূহ অনৈতিহাসিক, অযুক্তিকৰ তথা ভিত্তিহীনভাৱে ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি আভুৱা ভাঁৰা কথাৰে ভুৱা দি আহিছে। গণতন্ত্ৰৰ অৰ্থ একেবাৰে সাধাৰণ ভাষাত ৰাইজৰ কাৰণে ৰাইজৰ চৰকাৰ। অৰ্থাৎ এখন প্ৰকৃত গণতান্ত্ৰিক দেশৰ সাৰ্বভৌম কৰ্তৃত্বৰ অধিকাৰী হ’ল; সেই দেশৰ জনগণ। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধান সংশোধন, নতুন আইন প্ৰণয়ন, সাৰ্বভৌমত্ব আদি বিষয়ত গণভোটৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ইয়াৰ উদাহৰণ স্বৰূপে আমি যদি কানাডাক লওঁ তেনেহ’লে দেখা পাম যে কানাডাত বৰ্তমানলৈকে ৫ বাৰকৈ গণভোট অনুষ্ঠিত হৈছে, ইয়াৰে ভিতৰত স্বাধীনতাকামী ‘কিউবেক’ৰ সাৰ্বভৌমত্বৰ বিষয়ত দুবাৰকৈ অনুষ্ঠিত হোৱা গণভোট অন্যতম। তদুপৰি শেহতীয়াকৈ কানাডাৰ পৰা স্বাধীনতা বিচাৰি আন এখন ৰাজ্য এলবাৰ্টাইও গণভোটৰ প্ৰস্তাৱ দিছে আৰু সেই অনুসৰি চলিত বৰ্ষৰ মে’ মাহত গণভোট অনুস্থিত কৰিবলৈ দেশখনে যো-জা চলাইছে। এই বিষয় সমূহৰ যোগেদি কানাডাৰ প্ৰকৃত গণতান্ত্ৰিক চৰিত্ৰৰ প্ৰতিফলন ঘটিছে। তেনেদৰে গ্ৰেট ব্ৰিটেইন, ইষ্ট টিম’ৰ, জৰ্জিয়া আদি দেশসমূহেও প্ৰকৃত গণতন্ত্ৰক সন্মান জনাই আহিছে। তাৰ বিপৰীতে যুদ্ধবাজ শত্ৰু ৰাষ্ট্ৰ ভাৰতে কিন্তু প্ৰকৃত গণতন্ত্ৰৰ সংজ্ঞা বিচাৰি নাপায়; বৰঞ্চ ৰাজনৈতিক কু-অভিসন্ধিৰে থলগিৰি জাতিসমূহৰ মৰ্যাদাপূৰ্ণ জীৱন যাপন তথা সুৰক্ষাৰ মৌলিক উপাদান ‘স্বাধীনতা’ক খৰ্ব কৰি আহিছে। আনহাতে গণতন্ত্ৰৰ নামত যদিওবা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰাই ভাৰতে তথাকথিত সংবিধান কাৰ্যকৰী কৰিলে তথাপি সংবিধানৰ ১৬তম সংশোধনী, ১৯৭১ ৰ যোগেদি গণভোট নিষিদ্ধ কৰি ভুৱা গণতন্ত্ৰৰ স্বৰূপ উদঙাই দিলে।
এই কথা অনস্বীকাৰ্য যে, অসম, নাগালেণ্ড, মণিপুৰকে ধৰি পশ্চিমা দক্ষিণ-পূব এছিয়া [WeSEA] অঞ্চলত গঢ়ি উঠা স্বাধীনতা বিপ্লৱ সমূহক ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰই দমন তথা আইন-শৃংখলা ৰক্ষাৰ অজুহাতত আন্তৰ্জাতিক নীতি-নিয়ম নতুবা মানৱ অধিকাৰৰ চৰম উলংঘন কৰি হ’লেও নৃশংসতাৰ ধ্বজাবাহী ৰাষ্ট্ৰসন্ত্ৰাসৰ জৰিয়তে ভাৰতীয় আগ্ৰাসন আৰু সাম্ৰাজ্যবাদ বিয়পাই তুলিছে। আনকি আধিপত্যবাদী মনোভাৱেৰে তথা ভৱিষ্যতৰ শোষণ, শাসনৰ স্বাৰ্থত তথাকথিত ভাৰতৰ শাসকবৰ্গই বলপূৰ্বকভাৱে বিগত ৭৬ বছৰে ভুৱা ‘গণতন্ত্ৰ দিৱস’ উদযাপনৰ নামত এই অঞ্চলৰ থলগিৰি জনগণৰ ন্যায়সংগত অধিকাৰসমূহ অন্যায়ভাৱে ভু-লুণ্ঠিত কৰি আহিছে। প্ৰণিধানযোগ্য যে, প্ৰথমে নগা স্বাধীনতাকামী জনগণক দমন কৰিবলৈ আৰম্ভ কৰা; পিছলৈ সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়াত প্ৰণয়ন কৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, নামৰ এই কলা আইন বলৱৎৰ আলমত হত্যা কৰিলে লক্ষাধিক নিৰীহক; নিগৃহীত তথা কাৰাৰুদ্ধ কৰিলে বহুজনক। তাৰোপৰি কাললৈ কলংকৰ স্বাক্ষৰ বহন কৰা কুখ্যাত বজৰং, ৰাইন’, অল iক্লয়াৰ [ভূটান], থানডাৰ [ম্যানমাৰ], ইউনিফাইড কামাণ্ড ষ্ট্ৰাকচাৰ আদি অপাৰেচন সমূহৰ জৰিয়তে এই অঞ্চলৰ জাতি সমূহৰ স্বাধীনতাৰ আকাংক্ষাক ধূলিসাৎ কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে। প্ৰকৃত গণতন্ত্ৰৰ চৰ্চা অব্যাহত আছে বুলি সততে ঢাক-ঢোল বজাই ফুৰা ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ দখলদাৰী বাহিনীয়ে শেহতীয়াকৈ এন.এছ.চি.এন, আলফা [আই] আদি বিপ্লৱী সংগঠনসমূহৰ শিবিৰ সমূহৰ ওপৰত চলোৱা ড্ৰ’ণ-মিছাইল আদি আক্ৰমণ তাৰ জ্বলন্ত উদাহৰণ। প্ৰকৃতাৰ্থত এনেবিলাক জিঘাংসাৰূপী অমানৱীয় তথা বৰ্বৰোচিত আক্ৰমণে বাৰে বাৰে উদঙাই দিছে তথাকথিত ভাৰতৰাষ্ট্ৰৰ ভুৱা গণতন্ত্ৰৰ নগ্ন স্বৰূপ। এয়া গণতন্ত্ৰ নহয়, এয়া গণতন্ত্ৰৰ নামত ৰক্ততৃষ্ণাৰ উন্মাদনাহে মাথোঁন।
গতিকে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা ‘গণতন্ত্ৰ দিৱস’ পালনত আমি বিৰোধিতা কৰি আহিছোঁ। এইবাৰো আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ২৬ জানুৱাৰীৰ নিশা এক বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সৰ্বাত্মক বন্ধ থাকিব ৷ উক্ত বন্ধৰ কালছোৱাত অসম, নাগালেণ্ড আৰু অৰুণাচলৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা স্বাধীনতাকামী জনগণক ভুৱা ‘গণতন্ত্ৰ দিৱস’ সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আৰু বন্ধৰ কালছোৱাত সকলো চৰকাৰী-বেচৰকাৰী অনুস্থান-প্ৰতিষ্ঠান আদিত জনসমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনালোঁ। অৱশ্যে উল্লিখিত বন্ধৰ সময়ত স্বাস্থ্য সেৱাৰ দৰে অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাসমূহৰ লগতে সংবাদ মাধ্যমৰ কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব।




































