গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !
#প্রাঞ্জলসেন ডেকা
গণতন্ত্ৰৰ নামত দেশত এতিয়া প্রহসনৰ চূড়ান্ত ৰূপ। গণতান্ত্রিক ব্যৱস্থাটোৰ মাধ্যমৰে সমগ্র দেশক মুষ্টিমেয় লোকৰ কুক্ষিগত কৰাৰ এনে চমৎকাৰী কৌশল বোধকৰো সম-সাময়িক বিশ্বৰ আন ক’তো দৃষ্টিগোচৰ নহ’ব। এই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন যে যুগে যুগে বিভিন্ন দেশত একনায়কত্ববাদী স্বেচ্ছাচাৰী শাসকৰ আবিৰ্ভাৱ ঘটিছে, যিসকলে মানৱ সমাজকে কলংকিত কৰি থৈ গৈছে; কিন্তু তাৰ পৰিৱৰ্তে গণতন্ত্ৰক ব্যৱহাৰ কৰি স্বৈৰাচাৰী শাসন প্ৰৱৰ্তনৰ এই নতুন ধাৰাই দেশক কোন দিশে ঠেলি নিয়ে, সিহে সবাতোকৈ উদ্বেগৰ বিষয়।
৭৭ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ ৰাজপথৰ পৰা গুৱাহাটীৰ খানাপাৰালৈ চৌদিশে গণতন্ত্ৰৰ জয়গানেই গোৱা হ’ব। কিন্তু সাম্প্রতিক পৰিৱেশলৈ লক্ষ্য কৰি এই প্রশ্ন উত্থাপিত হোৱাটো তেনেই স্বাভাৱিক যে এয়া কি গণতন্ত্র? আপাতঃ দৃষ্টিত দেশত গণতান্ত্রিক শাসন ব্যৱস্থাই অব্যাহত আছে, য’ত ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে দেশ শাসন কৰিছে; কিন্তু প্রকৃততে এই দেশত এতিয়া ৰাইজে তেওঁলোকৰ প্রতিনিধি নিৰ্বাচনৰ সুযোগ লাভ কৰিছেনে?
প্রধান ৰাজনৈতিক দলকেইটাৰ প্ৰাৰ্থীসকলক বাছনি কৰে সংশ্লিষ্ট দলৰ মুষ্টিমেয় শীর্ষস্থানীয় নেতাইহে। সেই প্রার্থী বাছনিত ভোটাৰ ৰাইজৰ কোনো ভূমিকা নাথাকে; অর্থাৎ কোনো এটা সমষ্টিত ক দলে যদি এজন ঘৃণনীয় অপৰাধত অভিযুক্তক আৰু তাৰ মূল প্রতিদ্বন্দ্বী খ দলে এজন চৰম দুর্নীতিগ্রস্তক প্রার্থিত্ব প্রদান কৰে; তেন্তে অৱধাৰিতভাবে সেই দুজন প্ৰাৰ্থীৰ মাজৰে কোনোবা এজনে উক্ত সমষ্টিৰ পৰা সাংসদ বা বিধায়করূপে নির্বাচিত হ’ব; অথচ সমষ্টিবাসী ৰাইজে সেই দুয়োজন ব্যক্তিকে প্রার্থীৰপে বিচৰা নাই। তৎসত্ত্বেও তেওঁলোকৰে এজনক নিৰ্বাচিত কৰি পঠিয়াবলৈ বাধ্য হ’ব। তেন্তে ইয়াত ৰাইজৰ ইচ্ছা ক’ত আৰু কেনেদৰে প্ৰতিফলিত হ’ল? ৰাজনৈতিক দলৰ মুষ্টিমেয় শীর্ষ নেতাই দিল্লীত বহি নিজৰ উদ্দেশ্য তথা ৰণকৌশল অনুসৰি যিজন ব্যক্তিক প্রার্থীৰূপে বাছনি কৰিব, সেইজনকে সমষ্টিৰ ৰাইজে ভোট দিবলৈ বাধ্য।
দ্বিতীয়তে, শেহতীয়া সময়ছোৱাত নির্বাচনী ব্যয় কিদৰে আকাশলংঘী হৈছে সেয়া সকলোৰে জ্ঞাত। সম্প্রতি অসমৰ এটি প্রভাবশালী ৰাজনৈতিক দলৰ একাংশ সম্ভাব্য প্রার্থীক নেতৃত্বই নির্বাচনত অৱতীৰ্ণ হ’বলৈ ১০ কোটি টকা সাজু কৰিবলৈ পৰামৰ্শ দিছে। তাৰ ওপৰঞ্চি ব্যয় দলে বহন কৰাৰো ইংগিত দিছে। শাসক দলৰ একাংশ বিধায়কৰ স’তে হোৱা বাৰ্তালাপৰ জৰিয়তে এই কথাই বোধগম্য হ’ল যে আসন্ন বিধানসভা নির্বাচনত প্রার্থীসকলে ২০ কোটি টকা পর্যন্ত ব্যয় কৰিব লগা হ’ব। শেহতীয়া বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (বিটিচি) নির্বাচনতো একো একোজন প্রার্থীয়ে পাঁচৰ পৰা ১২ কোটি টকা পর্যন্ত ব্যয় কৰিবলৈ বাধ্য হৈছিল বুলি চর্চিত হৈছিল। নির্বাচনী ব্যয় কি ভয়াৱহভাবে বৃদ্ধি পাইছে ই তাৰ এক নমুনা।
এতিয়া প্রশ্ন উঠে যে ২০ কোটি টকা ব্যয় কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কেইজন সাধাৰণ নাগৰিকে কল্পনা কৰিব পাৰে? যথেষ্ট বিত্তশালী আৰু দলীয় নেতৃত্বৰ আশিসপুষ্ট নহ’লে এতিয়া আৰু নির্বাচনত জয়ী হৈ সাংসদ-বিধায়ক হোৱাটো অলীক কল্পনা মাথোঁ। দৰাচলতে অতি পৰিকল্পিতভাৱে নির্বাচনী ব্যয় এনে আকাশলংঘী পৰিমাণত বৃদ্ধি কৰি তোলা হৈছে যাতে পুঁজিপতি গোষ্ঠীৰ সহযোগী ৰাজনৈতিক নেতৃত্বই বিচৰা সকলহে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সক্ষম হয়। ইয়াৰ জৰিয়তে সমগ্র ব্যবস্থাটোকে অতি কৌশলেৰে কেইজনমান ব্যক্তিৰ কুক্ষিগত কৰা হৈছে। ভোটাৰ ৰাইজৰ আস্থাভাজন হ’লেও এতিয়া আৰু কোনো সাধাৰণ নাগৰিকে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাহস কৰিব নোৱাৰে।
তৃতীয়তে, নির্বাচনী ব্যৱস্থাটো নতুন ধৰণে ৰিগিং কৰাটো শেহতীয়া একাধিক নির্বাচনত দেশবাসীয়ে প্রত্যক্ষ কৰিলে। নগদ ধন তথা অন্যান্য সা-সুবিধা প্ৰদানৰ দৰে চৰকাৰী আঁচনি ৰূপায়ণ কৰি শাসক পক্ষই ভোট আদায় কৰাটো সম্প্রতি এক নিয়মত পৰিণত হৈছে। শেহতীয়া বিহাৰ বিধানসভা নির্বাচনত আনকি ভোটদানৰ দিনা পর্যন্ত চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰীৰ বেংক একাউন্টত জমা দিয়াৰ বিষয়ে প্রকাশ পাইছে। তৎসত্ত্বেও এনে অসাংবিধানিক, অগণতান্ত্রিক কার্যক বাধা দিয়া নহ’ল। কেন্দ্ৰ আৰু ৰাজ্যত ‘ডবল ইঞ্জিন’ চৰকাৰ থকাৰ সুযোগতে সম্পূর্ণ অবৈধভাবে এনে পদক্ষেপ গ্রহণ কৰি ভোট আদায় কৰা হ’ল।
ভাৰতত ভোট লাভৰ বাবে বিভিন্ন ৰাজনৈতিক দলে নগদ ধন, সুৰা তথা অন্যান্য সা-সামগ্রী ভোটাৰৰ মাজত বিতৰণ কৰি আহিছে। কিন্তু শেহতীয়া সময়ছোৱাত ৰাজকোষৰ ধনেৰে এনেবোৰ চৰকাৰী আঁচনি ৰূপায়ণ কৰি শাসক দলে ভোেট লাভৰ কৌশল লৈছে। এনে পৰিস্থিতি অব্যাহত থাকিলে প্রতিটো নির্বাচনতে যে শাসক পক্ষই অগ্রাধিকাৰ লাভ কৰিব তাত সন্দেহ নাই। এনে পৰিপ্ৰেক্ষিতত নির্বাচনী যুঁজ সম-পর্যায়ত হোৱাটো কেতিয়াও সম্ভৱ নহ’ব; অথচ গণতন্ত্ৰৰ অন্যতম চর্তই হৈছে সমতা। জনপ্রতিনিধি নির্বাচনৰ ক্ষেত্ৰতেই য’ত সমতা নাই তাত আৰু আন ক্ষেত্রত সমতাৰ প্ৰশ্ন ক’ত?
চতুৰ্থতে, ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণৰ নামত কে’বাখনো ৰাজ্যত তীব্ৰ বিতৰ্কৰ সূত্রপাত হৈছে। আনহাতে, সম্প্রতি অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ একপ্ৰকাৰ অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্রায় দুই কোটি ৫২ লাখৰ অধিক ভোটাৰসম্পন্ন খচৰা তালিকাৰ পৰা প্রায় ৩০ লক্ষ নাম কৰ্তনৰ বাবে অভিযোগ দাখিল কৰা হৈছে। তেনে অভিযোগ দাখিলৰ নামত বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ বিষয়ে ধাৰাবাহিকভাবে প্রকাশ পাইছে। লক্ষ্যণীয়ভাৱে শাসক দলৰ নেতা-কর্মীয়ে এনে অবৈধ কার্যত উঠি-পৰি লগাৰ বিষয়েও প্রকাশ পাইছে। শাসক দলৰ লক্ষ্যই হৈছে, তেওঁলোকৰ সমৰ্থক নহয় বুলি সন্দেহ কৰা ভোটাৰসকলৰ নাম তালিকাৰ পৰা যিকোনো প্ৰকাৰে আঁতৰ কৰাটো।
মাত্ৰ কেইটামান দিনৰ ভিতৰত বাজ্যিক নির্বাচনী কর্তৃপক্ষই যে খচৰা ভোটাৰ তালিকাক লৈ দাখিল কৰা ৩০ লক্ষ অভিযোগৰ নিষ্পত্তি কৰাটো সম্ভৱপৰ নহয়, সেয়া সকলোৰে জ্ঞাত। ফলস্বৰূপে এক বৃহৎ সংখ্যক ভোটাৰ হয়তো আসন্ন নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ’ব। আইনৰ দ্বাৰস্থ হৈ তাৰ নিষ্পত্তি কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হোৱাটো স্বাভাবিক। গতিকে তাৰ পূর্বেই নির্বাচন সম্পন্ন হৈ গ’লে লাভৱান কোন হ’ব সেয়া সহজে অনুমেয়। এনেদৰে জাতি-ধর্ম-বর্ণ নির্বিশেষে বৈধ ভোটাৰক নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বলপূর্বকভাবে বাধাদান কৰিলে গণতন্ত্ৰৰ কাঠামোকে আঘাত কৰা নহ’বনে?
কোৱা হয় যে যিকোনো বস্তুৱে বয়স বৃদ্ধিৰ লগে লগে সি অধিক পূৰঠ আৰু পৈণত হৈ উঠে; অথচ ভাৰতত ইয়াৰ বিপৰীত ছবিহে দৃষ্টিগোচৰ হৈছে। গণতান্ত্রিক শাসন ব্যৱস্থাই ৮০ বছৰ স্পৰ্শ কৰিবলৈ আগবঢ়াৰ সময়তো ই স্বৈৰচাৰিতাৰ দিশেহে দ্রুত অগ্ৰসৰ হৈছে। মতপ্রকাশৰ স্বাধীনতাক মষিমূৰ কৰিবলৈ অহৰহ অপচেষ্টা অব্যাহত ৰাখিছে শাসক পক্ষই। চৰকাৰী শ্রুতলিপি অনুসৰণ নকৰা বাবেই বিভিন্ন প্ৰকাৰে চাপ সৃষ্টি কৰা হৈছে।
সংবাদপত্ৰৰ চৰকাৰী বিজ্ঞাপন বন্ধ কৰি দিয়া হৈছে। এনে কার্যক ন্যায়ালয়ে অবৈধ আখ্যা দিয়াৰ পাছতো সেই নির্দেশ অনুসৰণ নকৰি সংবাদ পত্ৰৰ মুখ বন্ধ কৰাৰ অপচেষ্টা অব্যাহত ৰখা হৈছে চৰকাৰৰ বিৰোধী বক্তব্য প্রকাশ কৰা বাবেই বিভিন্নজনক বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হৈছে। অথচ চৰকাৰৰ বৰমূৰীয়াসকলৰ মুখত অনবৰত গণতন্ত্ৰৰ জয়গান আখৈ ফুটাদি ফুটিছে সমুখত গণতন্ত্ৰৰ আৱৰণ দি প্রতিটো দিশতে চৰম স্বৈৰচাৰিতা অব্যাহত থকা দেখিও কোন সতেনো ‘গণতন্ত্র জিন্দাবাদ’ ধ্বনি দিওঁ।
ফোন: ৯৪৩৫০১০৬৭৩




































