Maharashtra:✒️ মুম্বইৰ পৰা বাৰামতিলৈ যাত্ৰাৰ সময়তে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত ।
ADVERTISEMENT
মহাৰাষ্ট্ৰ আৰক্ষী-প্ৰশাসনৰ প্ৰাথমিক তথ্য অনুসৰি,অবতৰণৰ সময়ত পাইলট আৰু এটিচিৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ।
বাৰামতিত ব্যক্তিগত আৰু প্ৰশাসনিক কামত উপস্থিত থাকি আজি আবেলি মুম্বইলৈ উভতি যোৱাৰ কথা আছিল অজিত পাৱাৰৰ।
দলীয় সূত্ৰৰ মতে, আৰম্ভণিতে তেওঁ গুৰুতৰভাৱে আহত হোৱা বুলি খবৰ পোৱা গৈছিল।
কিন্তু শেহতীয়া তথ্য অনুসৰি, এই শোকাবহ দুৰ্ঘটনাত অজিত পাৱাৰসহ মুঠ চাৰিজনৰ মৃত্যু ঘটিছে। অৱশ্যে মহাৰাষ্ট্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।






























