ইতিহাস ৰচিবলৈ সাজু দেশৰ সংসদ। ২০২৬–২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আজি সংসদত উপস্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই বাজেট বিশেষ গুৰুত্বপূৰ্ণ, কিয়নো স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেওবাৰে সংসদত বাজেট দাখিল হ’ব।
এই বাজেটৰ স’তে এক অনন্য কৃতিত্বো জড়িত। নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰি এই সফলতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হ’ব।
আনহাতে, এইখন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ ১৫ সংখ্যক কেন্দ্ৰীয় বাজেট।
২০২৪ চনত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (NDA) একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত এইখন হৈছে দ্বিতীয়খন পূৰ্ণাংগ বাজেট।
লগতে, মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত এই বাজেট তৃতীয়খন পূৰ্ণ বাজেট হিচাপে উপস্থাপন হ’ব।
প্ৰায় ৭.৪ শতাংশ অৰ্থনৈতিক বিকাশৰ অনুমান আৰু বিশ্বজুৰি চলি থকা ভূ-ৰাজনৈতিক অস্থিৰতাৰ পটভূমিত এই বাজেট দেশৰ অৰ্থনীতিৰ বাবে কিমান দিশ নিৰ্দেশক হয়, সেই দিশে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ।






























