‘জেড জি’ৰ বুদ্ধি দুর্বল কৰিছে গুগলে!

IMG 20260206 115835

প্রযুক্তিৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাইছে। মানুহৰ হাতৰ মুঠিতে আবদ্ধ হৈ পৰিছে সমগ্র বিশ্ব। অথচ ইয়াৰ ফলত বাৰু মানুহৰ বুদ্ধি হ্রাস পাইছে নে? সাম্প্রতিক এক গৱেষণাই অৱশ্যে তেনে ইংগিতেই দিছে।

তথ্যই দাবী কৰিছে যে ইতিহাসত এই প্রথমবাৰলৈ কোনো প্ৰজন্মৰ বুদ্ধ্যাংক বা আইকিউ তাৰ আগৰ প্রজন্মতকৈ তলৰ ফালে নামি আহিছে। এই তালিকাৰে কাঠগড়াত থিয় হৈ আছে আজিৰ ‘জেন জি’।

গৱেষণা অনুসৰি, ‘জেন জি’ বা ‘জেন জেড’ৰ সদস্যসকল তেওঁলোকৰ আগৰ প্ৰজন্ম অর্থাৎ ‘মিলিনিয়াল’সকলৰ তুলনাত কম বুদ্ধিমান। একাংশ স্নায়ুবিজ্ঞানীয়ে দাবী কৰিছে যে এই পিছুৱাই পৰাৰ নেপথ্যত ডাঙৰ খলনায়ক হৈছে ‘এডু-টেক’ বা শিক্ষা ক্ষেত্রত প্ৰযুক্তিৰ অতিব্যৱহাৰ।

সম্প্ৰতি বহু দেশত তৰুণ প্রজন্মৰ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি সমস্যা সমাধানৰ ক্ষমতা- সকলো ক্ষেত্রতে অভাবে দেখা দিছে।

স্নায়ুবিজ্ঞানী ড° জেৰেড কুনি হোৰভাথে মার্কিন ছিনেটৰ এক কমিটীৰ সন্মুখত জনাইছে যে ‘জেন জি’য়ে আগৰ প্ৰজন্মৰ তুলনাত বহু বেছি সময় স্কুলত কটালেও তেওঁলোকৰ মেধা উল্লেখযোগ্যভাবে কমিছে।

২০১০ৰ পাছৰ পৰাই বিশ্বজুৰি মানুহৰ বৌদ্ধিক ক্ষমতাৰ গ্ৰাফ নামিবলৈ আৰম্ভ কৰিছে। প্রধানকৈ গ্রন্থ পঢ়াৰ অভ্যাস গুচি যোৱা তথা ভিডিঅ’ বা এআই-নিৰ্ভৰ অধ্যয়নেই ইয়াৰ প্ৰধান কাৰণ। হোৰভাথৰ মতে, মানুহৰ মস্তিষ্ক জটিল বিষয় শিকাত অভ্যস্ত। তাৰ বাবে অৱশ্যে প্রয়োজন গভীৰ মনোযোগ আৰু মানুহৰ স’তে মিলামিছা। অথচ আজিৰ কিশোৰ-কিশোৰীয়ে জাগ্ৰত অৱস্থাত থকাৰ অর্ধেক সময় কটায় স্ক্ৰীণৰ সন্মুখত।

সৰু ভিডিঅ’ ক্লিপ বা তথ্যৰ সাৰমৰ্ম সংক্ষেপত চাই তেওঁলোকে জটিল বিষয় বুজি পোৱাৰ ক্ষমতা হেৰুৱাই পেলাইছে। ফলত প্রভার পৰিছে স্মৃতিশক্তি আৰু গাণিতিক দক্ষতাতো।

একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে স্মার্টফোন বা টেবলেটৰ পর্দা কেতিয়াও শিক্ষক বা বন্ধুৰ বিকল্প হ’ব নোৱাৰে। অন্ততঃ ৮০খন দেশৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে যি দেশত যিমান বেছি ডিজিটেল প্রযুক্তিয়ে শ্রেণীকোঠাত প্রৱেশ কৰিছে, তাতেই শিক্ষার্থীৰ প্ৰদৰ্শন সিমান বেয়া হৈছে।

বিশেষজ্ঞসকলে কয় যে মানুহৰ মস্তিষ্ক মুখামুখি মিথস্ক্রিয়া অবিহনে পূর্ণ বিকশিত হ’ব নোৱাৰে। স্ক্ৰীণৰ আসক্তিয়ে বাৰু আধুনিক প্ৰজন্মৰ বুদ্ধিলৈ নাশকতা মাতি আনিছে নেকি? সম্প্রতি এই প্রশ্নৰে উত্তৰ বিচাৰিছে বিজ্ঞান মহলে।

Exit mobile version