সময়ৰ স’তে আগবাঢ়ি যোৱাটো জীৱনৰ স্বাভাৱিক নিয়ম। বয়স বঢ়াৰ লগে লগে মুখখনতো সেই সময়ৰ ছাঁ পৰে। আগৰ দৰে উজ্জ্বলতা নাথাকে, ছাল শুকান হয়, গাল আৰু ডিঙিত ৰেখা স্পষ্ট হয়। এই সকলোবোৰে বহু নাৰীক ভিতৰৰ পৰা অস্বস্তিত পেলায়। যদিও বয়সক জয় কৰা সম্ভৱ নহয়, তথাপি ছালৰ সুস্থতা আৰু সৌন্দৰ্য বহুদিন ধৰি ৰখাটো আজিৰ যুগত একেবাৰে অসম্ভৱো নহয়।
ঠিক এইখিনিতেই ছালৰ যত্নৰ জগতত নতুনকৈ চর্চালৈ আহিছে এক গুৰুত্বপূৰ্ণ উপাদান- স্কোৱালেন। বহু নাৰীৰ দৈনন্দিন যত্নত ইতিমধ্যে ই বিশ্বাসযোগ্য সংগী হৈ উঠিছে।
স্কোৱালেন কি? কিয় ই ইমান গুৰুত্বপূৰ্ণ?
স্কোৱালেন হৈছে এক প্রাকৃতিক স্নেহজাতীয় অর্থাৎ তেলজাতীয় উপাদান, যি আমাৰ শৰীৰতেই স্বাভাৱিকভাৱে উৎপন্ন হয়। লিভাৰত সৃষ্টি হোৱা এই উপাদান ছালৰ পৰা নিঃসৰিত প্ৰাকৃতিক তেলৰ স’তে মিহলি হৈ ছালৰ ওপৰত এক সূক্ষ্ম সুৰক্ষা আৱৰণ গঢ়ি তোলে। এই আৱৰণে ছালৰ ভিতৰৰ পৰা আৰ্দ্ৰ কৰি ৰাখে আৰু বাহিৰৰ ধূলি-বালি, প্রদূষণ তথা ক্ষতিকাৰক জীৱাণুৰ পৰা ৰক্ষা কৰে। বিশেষজ্ঞসকলৰ মতে, ছালৰ স্বাভাৱিক স্নেহপদাৰ্থৰ এক উল্লেখযোগ্য অংশই স্কোৱালেন।
বয়স বাঢ়িলে ছাল কিয় শুষ্ক হয়?
যুৱ অৱস্থাত শৰীৰে পৰ্যাপ্ত পৰিমাণে স্কোৱালেন উৎপন্ন কৰে। কিন্তু বয়স বঢ়াৰ লগে লগে এই উৎপাদন হ্রাস পায়। ফলস্বৰূপে ত্বক শুকান, ৰুক্ষ আৰু নিষ্প্রাণ হ’বলৈ ধৰে। সেইবাবে বাহিৰৰ পৰা স্কোৱালেন যোগান ধৰাটো প্রয়োজনীয় হৈ পৰে। আজিকালি অলিভ তেল, দানাশস্য আৰু কিছুমান উদ্ভিদৰ পৰা সংগ্ৰহ কৰা স্কোৱালেন বিভিন্ন ছালৰ যত্ন, সামগ্ৰীত ব্যৱহাৰ কৰা হৈছে।
নাৰীৰ ত্বকত স্কোৱালেনৰ উপকাৰিতাঃ ছালৰ আৰ্দ্ৰতা দীর্ঘসময় ধৰি ৰাখে।ছাল কোমল, মসৃণ আৰু উজ্জ্বল কৰি তোলে।ব্রণ, ফোঁহা আৰু ত্বকৰ প্রদাহ কমায়।সূক্ষ্ম বয়সৰেখা স্পষ্ট হ’বলৈ নিদিয়ে। সংবেদনশীল ত্বকক সুৰক্ষা দিয়ে। ত্বকক ভিতৰৰ পৰা সুস্থ আৰু সবল কৰি তোলে। বিশেষকৈ কৰ্মব্যস্ত নাৰী, যিসকলে প্ৰদূষণ, ৰ’দ আৰু মানসিক চাপৰ মাজত দিন কটায়, তেওঁলোকৰ বাবে স্কোৱালেন যথেষ্ট উপকাৰী।
স্কোৱালেন ব্যৱহাৰৰ সঠিক পদ্ধতি:
মুখ ধুই অলপ ভিজা অৱস্থাত দুই-তিনি টোপা স্কোৱালেন তেল মুখত পাতলকৈ লগাব লাগে। ইয়াক সপ্তাহত তিনি-চাৰি দিন ব্যৱহাৰ কৰিলেই যথেষ্ট। নিয়মিত ব্যৱহৃত ময়শ্চৰাইজাৰৰ স’তে অলপ স্কোৱালেন তেল মিহলাই ল’ব পাৰে।হাত, ডিঙি আৰু চকুৰ চাৰিওফালে লগালে ভাল ফল পোৱা যায়।চুলিৰ যত্নতো ব্যৱহাৰ কৰিব পাৰে। চুলিৰ তেল বা শ্বেম্পুৰ স’তে অলপ মিহলাই ল’লে চুলিও কোমল হয়।সাজ সজ্জাৰৰ আগতে অলপ স্কোৱালেন লগালে ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষিত থাকে।
কোনে স্কোৱালেন ব্যৱহাৰ কৰা উচিত?
অতি শুকান আৰু ৰুক্ষ ত্বক থকা নাৰী।সংবেদনশীল ত্বক যিসকলৰ সহজে ছালৰ ক্ষতি হয়।ব্রণ বা ত্বকৰ সৰু সমস্যাত ভুগি থকা নাৰী। বয়সৰ ছাঁ আগতেই দেখা দিয়া নাৰী।অৱশ্যে যিসকলৰ তীব্র এলাৰ্জিৰ সমস্যা আছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ নকৰাই ভাল। নিজৰ ত্বকক ভালপোৱা মানে নিজৰ প্ৰতি যত্নশীল হোৱা। স্কোৱালেন কোনো যাদু নহয়, কিন্তু নিয়মিত আৰু সঠিক ব্যৱহাৰে ত্বকক দীঘলীয়া সময়লৈ সুস্থ, কোমল আৰু উজ্জ্বল কৰি ৰাখিব পাৰে। বয়স যিমানেই বাঢ়ক, আত্মবিশ্বাস আৰু যত্নৰ ফলত নাৰীৰ সৌন্দর্য সদায় অটুট থাকে।






























