Skin care:✒️শীতকালত সূর্য সোনকালে অস্ত যায়। সন্ধিয়াও মানুহে শীতৰ বাবে প্ৰায় ঘৰতে সোমাই থাকে। নিশা দীঘল হোৱাৰ ফলত মানুহৰ শোৱাৰ সময়ো বেছি হয়। ফলত শাৰীৰিক কাৰ্যকলাপ হ্রাস পায়। গতিকে মানুহৰ শৰীৰৰ জঠৰভাৱ বেছি হয় আৰু অলসভারেও বাৰুকৈ জৰ্জৰিত কৰে। ইয়াৰ উপৰি শীতকালতে মানুহৰ গাৰ ছাল শুকান হোৱা, ওঁঠ ফটা, সাধাৰণ জ্বৰ হোৱা আদি সমস্যাই দেখা দিয়ে।
এইবোৰ বতৰীয়া সমস্যাৰ পৰা সকাহ পাই শীতকালটো উপভোগ কৰিবলৈ কেতবোৰ উপায় ধাৰাবাহিকভাবে প্রদান কৰা হ’ল।
ছালৰ পৰিচৰ্যাৰ উপায়
⇨ নিতৌ কোনো উত্তম বডীলোচন ব্যৱহাৰ কৰিব। গা ধোৱাৰ পাছতে বডীলোচন সানিব। ই আপোনাৰ গাৰ ছালক উজ্জ্বলতা প্রদান কৰিব। লগতে অতিৰিক্ত স্নিগ্ধতা লাভতো সহায়ক হ’ব।
⇨ শীতকালত অনেকেই গৰম পানীৰে গা ধোৱে। গৰম পানীৰে গা ধুলে ঠাণ্ডাদিনত বৰ ভাল লাগে। কিন্তু গৰম পানীৰে সদায় গা ধুলে ছাল নষ্ট হোৱাৰ প্ৰবল সম্ভাবনা থাকে। ছাল শুকান হোৱাৰ পৰা বাছিবলৈ কুহুমীয়া গৰম পানীৰে গা ধুব। গা ধোৱাৰ লগে লগে টারেল বা গামোচাৰে গা মচি পেলাব।
⇒ শীতকালৰ অন্যতম সমস্যা হ’ল ওঁঠ ফটা। এই সমস্যাৰ পৰা বেহাই পাবলৈ ‘লিপবাম’ ব্যৱহাৰ কৰিব। ওঁঠ পুনৰ মসৃণ হৈ পৰিব।
⇨ শীতকালত সূৰ্যৰ তাপ ল’বলৈ সকলোৱে ভাল পায়। পুৱাৰ মিঠা ৰ’দৰ আমেজ অতি মধুৰ। কিন্তু অতিমাত্ৰা ৰ’দৰ উত্তাপ ল’লে গাৰ ছাল ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা থাকে। সেয়ে ঘৰৰ বাহিৰলৈ যোৱাৰ কমেও ১৫ মিনিটৰ পূৰ্বে হাত-ভৰি-মুখ আদিত নিতৌ কমেও ১৫ মিনিট সময় ভৰি দুখন গৰম পানীত ভৰাই থ’ব। তাৰ পাছত মসৃণ শিল এটাৰে ফটা অংশখিনি ঘঁহিব। কিছু সময়ৰ পাছত কোনো ক্রীম ছানক্রীম ঘঁহিব।
⇨ শীতকালত বহু মানুহৰে ভৰিৰ গোৰোহা ফাটে। ই শীতকালৰ এটা প্রধান সমস্যা। তেনে সমস্যাৰ পৰা বাছিবলৈ সানি থ’ব। এনে কার্য নিয়মিতভাৱে কৰিলে ঘটা গোৰোহাৰ সমস্যা দূৰ হৈ ভৰি দুখন সুন্দৰ হৈ পৰিব।
⇨ মানুহৰ হাতৰ ছাল শৰীৰৰ আন অংশৰ তুলনাত পাতল। হাতৰ ছাল সিক্ত হৈ থকাৰ বাবে কোনো ক্রীম ব্যৱহাৰ কৰিব। নিশা শোৱাৰ পূৰ্বে হাতত ক্রীম সানিব। বাহিৰলৈ ওলাই গ’লে হাত মোজা পৰিধান কৰিব। হাত মোজাই কোনো আকস্মিক সমস্যাৰ পৰা হাতৰ নখকো সুৰক্ষা প্ৰদান কৰিব ।






























