দক্ষিণ গোলাৰ্ধৰ বহু দেশক প্রচণ্ড গৰমে দহিলে, কেতবোৰ স্থানত বিধ্বংসী বনজুই

IMG 20260213 141738

গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ অশুভ প্রভাৱ চকুত লগা হ’বলৈ ধৰিছে। ইউৰোপ আৰু উত্তৰ আমেৰিকাত চলিত বৰ্ষৰ জানুৱাৰীৰ ইতিহাসৰ ভিতৰতে পঞ্চম উষ্ণ মাহত পৰিণত হয়। অথচ মাহটোত দুয়োখন মহাদেশত প্রচণ্ড তুষাৰপাতো হয়। বহু ঠাইত এই তুষাৰপাত অস্বাভাৱিকৰূপে চিহ্নিত হয়।

বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত কোনোদিনে তুষাৰপাত নোহোৱা স্থানতো এইবাৰৰ জানুৱাৰীত প্রচণ্ড তুষাৰপাত হয়। জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বতৰৰ এনে অস্বাভাৱিক ৰূপ দেখিবলৈ পোৱা গৈছে বুলি পৰিৱেশ বিজ্ঞানীসকলে প্রকাশ কৰিছে।

এই সম্পর্কত ইউৰোপৰ কপাৰনিকাছ ক্লাইমেট চেঞ্জ ছার্ভিচ (চি-৩এছ) আৰু ইউৰোপীয়ান চেণ্টাৰ ফ’ৰ মিডিয়াম ৰেঞ্জ বেডাৰ ফৰকাষ্টে কয় যে এইবাৰৰ জানুৱাৰীত উত্তৰ আৰু দক্ষিণ গোলার্ধত তাপমাত্ৰাৰ বৈপৰিত্যই দেখা দিয়াত মাহটো ইতিহাসৰে পঞ্চম উষ্ণ মাহত পৰিণত হয়।

অথচ দক্ষিণ মেৰুৰ পৰা প্ৰৱাহিত এক অস্থিৰ শীতল বতাহে উক্ত মাহত ইউৰোপৰ অধিকাংশ আৰু উত্তৰ আমেৰিকাৰ বৃহৎ অংশত প্রচণ্ড শীতৰ সৃষ্টি কৰে। ইয়াৰ বিপৰীতে অস্ট্রেলিয়া, চিলি আৰু আর্জেন্টিনাৰ দৰে দক্ষিণ গোলাৰ্ধৰ দেশসমূহত তাপমাত্রা অত্যধিক বৃদ্ধি পোৱাত প্রচণ্ড উষ্ণ প্রৱাহ দেখা যায়।

একেদৰে এই দেশসমূহত বনজুয়েও ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰে। কপাৰনিকাছ ক্লাইমেট চেঞ্জ ছার্ভিচ (চি-৩এছ) ব মতে ইউৰোপ আৰু উত্তৰ আমেৰিকাত এইবাৰৰ জানুৱাৰীত তাপমাত্রা প্রাক-ঔদ্যোগিক যুগ (১৮৫০-১৯০০) ৰ গড় তাপমাত্রাতকৈ ১.৪৭ ডিগ্রী চেলচিয়াছ অধিক হয়।

একেদৰে যোৱা বছৰৰ জানুৱাৰীতো মহাদেশ দুখনত তাপমাত্রা প্রাক-ঔদ্যোগিক ক-ঔদ্যোগিক যুগৰ গড় তাপমাত্ৰাতকৈ ১.৭৫ ডিগ্রী চেলচিয়াছ অধিক আছিল। উত্তৰ গোলার্ধত তাপমাত্ৰাৰ এনে পৰিৱৰ্তনে মেৰু দেশ দ্রুততৰে উষ্ণ হ’বলৈ ধৰাটো প্ৰতিপন্ন কৰিছে বুলি বিজ্ঞানীসকলে আঙুলিয়াই দিছে।

পৰিৱেশ বিজ্ঞানীসকলৰ মতে দক্ষিণ মেৰুত সৃষ্ট অস্থিৰ বতাহে নিম্ন উচ্চতাত অবস্থিত দেশসমূহত প্রচণ্ড শীতল বতাহৰ সৃষ্টি কৰে। ইয়াৰ ফলত ইউৰোপ, উত্তৰ আমেৰিকা আৰু ছাইবেৰিয়াত বহু অঞ্চলত প্রচণ্ড তুষাৰপাত হয়। ইয়াৰ পৰিণতি স্বৰূপে ইউৰোপৰ গড় ভূমিৰ উষ্ণতা যোৱা জানুৱাৰীত শূন্যৰ তলৰ ২.৩৪ ডিগ্রী চেলচিয়াছলৈ নামে। গতিকে মাহটো মহাদেশখনৰ বাবে ২০১০ৰ সবাতোকৈ শীতল জানুৱাৰীত পৰিণত হয়।

তৎসত্ত্বেও ইতিহাসত এই মাহ পঞ্চমটো উষ্ণ মাহত পৰিণত হয়। আনহাতে দক্ষিণ গোলাৰ্ধৰ যিসমূহ দেশত সম্প্রতি গ্রীষ্ম কাল চলি আছে, সেই দেশসমূহত তাপমাত্রা সম্প্রতি স্বাভাৱিকতকৈ বহু দেখা গৈছে। ইয়ে এই দেশসমূহত প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ সৃষ্টি কৰিছে আৰু কেতবোৰ স্থানত বনজুইৰ উদ্ভৱ ঘটাইছে।

যোৱা মাহৰ দ্বিতীয় সপ্তাহত অস্ট্রেলিয়াৰ দক্ষিণ-পূব অঞ্চলত সৃষ্টি হোৱা অত্যধিক তাপে প্রচণ্ড বনজুইৰ সৃষ্টি কৰে।এই বনজুইৰ কাৰণো গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন বুলি বর্ল্ড বেডাৰ এট্রিবিউচন (ডব্লিউডব্লিউএ)-এ চিহ্নিত কৰিছে। পৰিৱেশ বিজ্ঞানীসকলৰ মতে ভূমিৰ শীত প্রবাহে দক্ষিণ গোলার্ধ প্রধানকৈ ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ ওচৰা-উচৰি অঞ্চলসমূহত সাগৰৰ উপৰিপৃষ্ঠৰ তাপমাত্ৰাত বিশেষ প্রভার নেপেলালে। আনকি ৬০ ডিগ্রী দক্ষিণ আৰু ৬০ ডিগ্রী উত্তৰ অক্ষাংশৰ মাজৰ সাগৰসমূহৰ উপৰিপৃষ্ঠৰ তাপমাত্রা বৃদ্ধিহে পায়।

Exit mobile version