বলিউডত উদ্বেগৰ ছাঁ।অভিনেতা ছলমান খানৰ পিতৃ তথা খ্যাতনামা চিত্ৰনাট্যকাৰ ছেলিম খান অসুস্থ ।
ADVERTISEMENT
হঠাৎ স্বাস্থ্য অৱনতি হোৱাত তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতাল ভৰ্তি কৰোৱা হৈছে।
তথ্য অনুসৰি পিতৃৰ অসুস্থতাৰ খবৰ পাই ততাতৈয়াকৈ ছলমান খানে চিকিৎসালয়ত গৈ পৰিস্থিতিৰ বুজ লয়।
বৃদ্ধাৱস্থাজনিত অসুস্থতাৰ বাবে চিকিৎসকৰ কঠোৰ তত্ত্বাৱধানত ৰখা হৈছে ছেলিম খানক।
এই খবৰ অহাৰ পাছতেই অনুৰাগী আৰু চলচ্চিত্ৰ জগতৰ বহুতে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।






























