Banks:
অহা এপ্ৰিলৰ পৰা আৰম্ভ হ’ব দেশত পুনৰ বেংক সংযুক্তিকৰণৰ প্ৰক্ৰিয়া। চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি এইবাৰ দেশত ১২ টা চৰকাৰী বেংকক সংযুক্তিকৰণৰ জৰিয়তে ছটালৈ হ্রাস কৰা হ’ব। অৱশ্যে এই সংযুক্তিকৰণ পর্যায়ক্রমে সম্পন্ন কৰা হ’ব। এই প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত ভাৰতত ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা চাৰিটালৈ পাব কি কি আওতালৈ অনা হ’ব তাৰ মাজত আছে ইণ্ডিয়ান অভাৰচীজ বেংক, চেস্ট্রেল বেংক, বেংক অব ইন্ডিয়া আৰু বেংক অব মহাৰাষ্ট্ৰ।
এই বেংকসমূহে পৰস্পৰৰ স’তে সংযুক্ত অথবা আন কোনো বৃহৎ বেংকৰ অধীনস্থ কৰা হ’ব। প্রথমে চাৰি বেংকৰ সংযুক্তিকৰণৰ পাছত তালিকাত অন্তর্ভুক্ত হ’ব ইউক’ বেংক আৰু পঞ্জাৱ এণ্ড সিন্ধ বেংক। ২০১৭ত দেশত ২৭ টা চবকাবী বেংকৰ সংখ্যা কমাই অনাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছিল।
ছটা বেংকক স্টেট বেংকৰ স’তে সংযুক্ত কৰা হৈছিল। ইয়াৰ পাছত ২০১৯৩ বিজয়া বেংক আৰু দেনা বেংকক সংযুক্ত কৰা হৈছিল বেংক অব বৰোডাৰ স’তে। ২০২০ত সর্ববৃহৎ বেংক সংযুক্তিকৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল। এইবাৰ প্রথমে চাৰিটা আৰু তাৰ পাছত দুটা বেংকৰ সংযুক্তিকৰণ কৰা হ’ব।



































