ভয়ংকৰ তুষাৰপাতৰ প্ৰচণ্ড প্ৰকোপত বিপর্যস্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দেশখনৰ কেবাখনো ৰাজ্যত অস্বাভাৱিক তুষাৰপাতে স্বাভাৱিক জীৱনযাত্ৰা সম্পূৰ্ণ ৰূপে ব্যাহত কৰিছে।
বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ ফলত বাতিল কৰিব লগা হৈছে পাঁচ হেজাৰৰো অধিক বিমান সেৱা।
বতৰ বিভাগে জনোৱা অনুসৰি, এক প্ৰবল শীতল বায়ুপ্ৰবাহৰ স’তে অহা তুষাৰপাত উত্তৰ আৰু মধ্য-পশ্চিমাঞ্চলৰ বহু ৰাজ্য আৱৰি ধৰিছে। বহু ঠাইত দ্ৰুতগতিত বৰফ জমা হোৱাৰ ফলত ৰাস্তা-ঘাট বৰফে ঢাকি পেলাইছে।
যাতায়াত ব্যৱস্থা গুৰুতৰভাৱে ব্যাহত হৈছে আৰু বহু যানবাহন পথৰ মাজতে আৱদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে।
প্ৰতিকূল বতৰৰ বাবে বিভিন্ন বিমানবন্দৰত হেজাৰ হেজাৰ বিমান উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে। ইয়াৰ ফলত যাত্ৰীসকল বিমানবন্দৰত আবদ্ধ হৈ পৰিছে আৰু ভ্ৰমণসূচী সম্পূৰ্ণ ৰূপে বিপৰ্যস্ত হৈছে।
কেৱল বিমান সেৱাই নহয়, তুষাৰপাতৰ ফলত বহু বিদ্যালয়-কলেজ বন্ধ ঘোষণা কৰা হৈছে। বহু অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰো তথ্য পোৱা গৈছে। প্ৰশাসনে জনসাধাৰণক অতি প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান জনাইছে।
বতৰ বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে অহা কেইদিনো তাপমাত্ৰা স্বাভাৱিকতকৈ যথেষ্ট তললৈ নামি থাকিব পাৰে। ফলত পৰিস্থিতি আৰু জটিল হোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰ আৰু জৰুৰীকালীন সেৱাসমূহ সজাগ অৱস্থাত ৰখা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।






























