Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। প্ৰেমত বিবাহৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৮।
বৃষ: নতুন কোনো উদ্যোগ, ব্যৱসায়, বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 81
মিথুন: কর্মক্ষেত্রত ব্যস্ততা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুঃশ্চিন্তা। প্ৰেমত সন্দেহ কাৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
কর্কট: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কৰ্মত সাফল্য আৰু মৰ্যাদা বৃদ্ধি পাব। প্ৰেমত উৎসাহ। শুভ ৰং নীলা। শুভ সংখ্যা ৯।
সিংহ: নতুন কর্মপ্ৰেৰণা পাব। স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে। প্রেমত আবেগ। শুভ ৰং পাতল হালধীয়া। শুভ সংখ্যা ৫।
কন্যা: ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি। প্রেমত শুভ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৭।
তুলা: ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। বিদ্যাত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৯।
বৃশ্চিক: অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ। প্রেম-প্রণয়ত শুভ। বিদ্যাত জটিলতা। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।
ধনুঃ দিনটোত ধন কষ্ট পাব। ভাই-ভনীৰ পৰা সমাদৰ লাভ কৰিব। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে। প্ৰেমত সতর্কতাৰ প্ৰয়োজন। বিদ্যাত বাধা। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
মকৰ : নতুন প্রতিষ্ঠিত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ। গৱেষণামূলক কাম-কাজত প্ৰতিভাৰ বিকাশ ঘটিব। সন্তানৰ কৰ্মতৎপৰতাই আপোনাক আনন্দিত কৰিব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ১।
কুম্ভ: আর্থিক দিশত জটিলতা নাই। আয় বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰোগত দেহ কষ্ট পাব। প্রেমত মধ্যম। শুভৰং হালধীয়া। শুভ সংখ্যা ৩।
মীন: আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব। উচ্চপদস্থ কৰ্মচাৰীসকলৰ বাবে অনুকূল সময়। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৩।
































