Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: আর্থিকত বাধা দেখা নাযায়। কর্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব। শৰীৰ মধ্যম। আগবেলা অলপ বাধা দেখিব। শুভ ৰং গুলপীয়া।
বৃষ: দিনটো উৎসাহজনক নহ’ব পাৰে। পৰিৱেশৰ লগত মনৰ মিল কম হ’ব। স্থায়ী কোনো কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব। শুভ ৰং নীলা।
মিথুন: কর্মক্ষেত্রত বাধা থাকিব। বিদ্যাত জটিলতা নাই। পঢ়াত মন বহুৱাওক। প্ৰেমত নতুন সংযোগ। প্রেমত শুভ। শুভ ৰং মেৰুণ।
কর্কট: অনুকূল দিন। যোগাযোগত প্রায় ভালেই। নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা। ঘৰুৱাতো সিমান জটিলতা নাথাকিব। শুভ ৰং হালধীয়া।
সিংহ: কোনো কৰ্মৰ লগত কৌশলগত সংযোগ ৰাখি কৃতকাৰ্য হ’ব। মনৰ অৱস্থা ভালেই থাকিব। বিদ্যাত মধ্যম। প্রেমত অশুভ। শুভ ৰং সেউজীয়া।
কন্যা: মধ্যম দিন। শৰীৰো একৰকম। বিদ্যাত খেলি-মেলিৰ মাজেৰে অগ্রগতি। দাম্পত্যত চিন্তা থাকিব। শুভ ৰং বগা।
তুলা: আর্থিক উন্নতিৰ চেষ্টাত অনুকূল। প্রাপ্য মান-সম্মান লাভৰ সংবাদ। জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং কমলা।
বৃশ্চিক: অস্থিৰতা লাহে লাহে হ্রাস পাব। কিছু পৰিৱৰ্তনীয় কামৰ অগ্ৰসৰতা। শৰীৰ ভালেই যাব। পঢ়াত বাধা। শুভ ৰং ক্রীম।
ধনুঃ খৰচ বৃদ্ধি পাব। ঘৰুৱা দিশতো সমস্যা বৃদ্ধি পাব। ভ্রমণত সতর্ক থাকিব। মূৰৰ বিষ হ’ব পাৰে। শুভ ৰং কজলা।
মকৰঃ দিনটো আপোনাৰ প্ৰায় ফৰকাল বুলিব পাৰি। কর্মক্ষেত্ৰত জটিলতা নাথাকিব। শৰীৰো মধ্যম। বিয়াৰ যোগাযোগত শুভ। শুভ ৰং ৰঙা।
কুম্ভ: কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব। আৱেগ প্ৰৱণতাৰ দ্বাৰা নচলিব। ভ্রমণত লাভজনক ফল। বিদ্যাত শুভ। শুভ ৰং সোণালী।
মীন: কৰ্মত নিৰাশ নহ’ব। চেষ্টাত অটল থাকক। বিদ্যাত শুভ। আর্থিকত দুশ্চিন্তা কম। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। শুভ ৰং ক’লা।































