Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মৰ কাৰণে বিদেশ গমন হ’ব পাৰে। যৌথ ব্যৱসায়ত সতর্ক থকা ভাল।
বৃষ: আপোনাৰ দিনটো খং ৰাগ নিয়ন্ত্রণ কৰিলে ভাল ফল পাব। ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাৰ স’তে পৰামৰ্শ কৰা ভাল হ’ব।
মিথুন: পুৰণি বেমাৰে শাৰীৰিক কষ্ট বৃদ্ধি কৰিব পাৰে। ঘৰৰ কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যোগ। সন্তানৰ ভাল।
কর্কট: নিবনুৱাৰ ভাল-বেয়া মাজেৰে পাৰ হ’ব। শৰীৰ মধ্যম। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। দাম্পত্য আৰু প্রেমত মজলীয়া।
সিংহ: আপোনাৰ আৰ্থিকত বেয়া নহ’ব। বিদ্যাত শুভ। উচ্চ শিক্ষাৰ যত্নৰ প্ৰয়োজন আছে। ভ্ৰমণৰ যোগ আছে। দাম্পত্য আৰু প্ৰেমত মজলীয়া।
কন্যা: মনৰ কোনো পুৰণি আশা পূৰণ হ’ব। ভাই-ভনীৰ মাজত সম্ভাৱ বজাই ৰাখিব। ভ্রমণত শুভ। প্রেমত বাধা।
তুলা :দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ৰাজনীতিবিদসকলৰ কাৰণে পৰিস্থিতি জটিল হ’ব পাৰে। প্রয়োজনত বন্ধুৰ সহায় পাব।
বৃশ্চিক: দিনটো কর্ম ব্যস্ততা দেখা যায়। সৰু সুৰা ভ্ৰমণৰ যোগ। কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব। বন্ধুৰ সহায় পাব।
ধনু: আর্থিক লেনদেনত সতর্ক থাকিব। সন্তানৰ সাফল্যত আনন্দিত হ’ব। কন্যা সন্তানৰ বিবাহৰ কথা আগবাঢ়িব।
মকৰ: কৰ্মক্ষেত্ৰত খেলি-মেলি হোৱাৰ আশংকা আছে। সহকর্মীৰ লগতো মতভেদ হ’ব পাৰে। প্ৰেমত ভাল। দূৰ ভ্ৰমণ।
কুম্ভ: সামাজিক পৰিসৰ বৃদ্ধি পাব। মাটিবাৰী ক্ৰয় কৰাৰ কথা নভবাই ভাল হ’ব। নিবনুৱাৰ কৰ্মলাভৰ যোগ। উচ্চ শিক্ষাৰ যত্নৰ প্ৰয়োজন আছে।
মীন: বিদ্যার্থীৰ কাৰণে দিনটো ভাল। প্রেমত ভাল হ’লেও দিনটো শেষৰ ভাগত ভুল বুজাবুজিৰ কাৰণে সাময়িক দুৰত্ব বৃদ্ধি হ’ব পাৰে। সন্তানৰ স্বাস্থ্যত নজৰ ৰাখক।
































