যুদ্ধ অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ দিছে ইৰানে। ইজৰাইলী-মার্কিন বাহিনীৰ যৌথ আক্ৰমণত সর্বোচ্চ ধর্মীয় নেতাকো হেৰুওৱা দেশখনে স্পষ্ট কৰি দিছে যে এই যুদ্ধৰ পৰা ইৰান পিছুৱাই অহাৰ কোনো সম্ভাৱনা নাই; বৰঞ্চ আক্ৰমণৰ পৰিসৰ বৃদ্ধিৰহে হুংকাৰ দিছে তেহৰানে।
কালি ইৰানৰ বৈদেশিক মন্ত্রী ছৈয়দ আব্বাছ আৰাঘচিয়ে দোহাৰে যে ইৰানে নিজকে ৰক্ষা কৰিবলৈ দৃঢ় হৈছে। চলিত যুদ্ধক তেওঁ ইজৰাইল-আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগ্রাসন বুলি অভিহিত কৰিছে। যুদ্ধৰ বিভীষিকাৰ মাজতে দেশখনৰ তিনি সদস্য বিশিষ্ট অন্তর্বর্তী পৰিষদে খামেনেইৰ দ্বিতীয় পুত্র মোজতবা খামেনেইক পৰৱৰ্তী সর্বোচ্চ ধর্মীয় নেতাৰূপে বাছনি কৰিছে।
অৱশ্যে এই কথা আনুষ্ঠানিকভাৱে বাতৰি লিখা পৰলৈ ইৰান চৰকাৰে ঘোষণা কৰা নাই। তৎসত্ত্বেও চৰকাৰী শীর্ষ সূত্রই স্পষ্টভাৱে প্রকাশ কৰিছে যে মোজতবাই হ’ব ইৰানৰ পৰৱৰ্তী সর্বোচ্চ ধর্মীয় নেতা। উল্লেখ্য যে ইজৰাইলে দুদিন পূর্বে হুংকাৰ দিছিল যে ইৰানে যাকেই নতুন সর্বোচ্চ ধর্মীয় নেতা বাছনি নকৰক কিয় তেওঁকে হত্যা কৰা হ’ব।
ইজৰাইলৰ এনে হুংকাৰৰ মাজতে ইৰানৰ অন্তৰ্বতী পৰিষদে খামেনেইৰ দ্বিতীয় পুত্রক দেশখনৰ সৰ্বোচ্চ পদটোৰ বাবে বাছনি কৰিছে। সূত্ৰৰ মতে, সাম্প্রতিক যুদ্ধত মোজতবাৰ কথমপিহে প্ৰাণৰক্ষা পৰে। ইজৰাইল আৰু মার্কিন বাহিনীয়ে তেওঁৰ ওপৰতো যৌথ আক্রমণ চলায়। এই আক্রমণত দৈবক্রমে তেওঁৰ প্ৰাণৰক্ষা পৰে।
আনহাতে, খামেনেইৰ মৃত্যুৰ পাছত দেশখনৰ সৰ্বোচ্চ ধর্মীয় নেতা কোন হ’ব তাক লৈ জল্পনা-কল্পনা আৰম্ভ হয়। এই ক্ষেত্ৰত কে’বাটাও নাম চর্চালৈ আহে। এই চৰ্চাৰ অৱসান ঘটাই অন্তর্বর্তী পৰিষদে মোজতবাক সর্বোচ্চ পদটোৰ বাবে বাছনি কৰিছে।
উল্লেখ্য যে সম্প্রতি ৫৬ বছৰীয়া মোজতবাৰ জন্ম হয় ১৯৬৯ত ইৰানৰ মাছহাদ চহৰত। শৈশৱ কাল তেওঁ দেশখনৰ সাৰদাছতো কটায়। তাতে তেওঁ প্রাথমিক শিক্ষা গ্রহণ কৰে। পাছলৈ পিতৃয়ে তেওঁৰ শিক্ষকত পৰিণত হয়। তদুপৰি তেওঁ আয়াতুল্লা মাহমুদ হাছেনি শ্বাহৰুদি নামৰ আন এজন ধর্মীয় গুৰুৰ ওচৰতো শিক্ষাগ্রহণ কৰে।
পৰৱৰ্তী সময়ত তেওঁ স্নাতক শিক্ষাৰ সমান্তৰালভাবে ধর্মীয় শিক্ষাও গ্রহণ কৰে। মোজতবাৰ জন্মৰ সময়ত ইৰানত ৰাজশাসন চলি আছিল। তেতিয়া দেশখনৰ ৰজা আছিল মহম্মদ বেজা শ্বাহ পহেলভি। বজা পহেলভিৰ স’তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সু-সম্পর্ক আছিল। সেই সূত্রে তেওঁ ইৰানলৈ আধুনিক সংস্কৃতিৰ আমদানি কৰিছিল। ৰজাৰ এই কাৰ্যৰ বিৰুদ্ধে দেশবাসী জাঙুৰ খাই উঠে। ফলত ১৯৭৯ত উপসাগৰীয় দেশখনত ইছলামিক বিপ্লৱ সংঘটিত হয়।
এই বিপ্লৱে ৰাজশাসনৰ অন্ত পেলায়। স্থাপন হয় ধর্মীয় মোল্লা তন্ত্রৰ শাসন। উল্লেখ্য যে ইৰানৰ এই বিপ্লৱৰ অন্যতম ৰূপকাৰ আছিল আলী খামেনেই। দেশখনত ৰাজশাসন অন্ত পৰাৰ সময়ত মোজতবাৰ বয়স আছিল মাথোঁ ১০ বছৰ। ৰাজশাসন অন্ত পৰাৰ ঘটনাই মোজতবাৰ শিশু মনত গভীৰ প্রভাৱ পেলায়। তেওঁ ছিয়া কঠোৰ ধৰ্মীয় ৰীতি-নীতিক গভীৰভাৱে আঁকোৱালি লয়।
ইউৰোপত বিস্তৰ সম্পত্তিৰ গৰাকী!
উল্লেখ্য যে ১৯৮০ত ছাদ্দাম হুছেইন নেতৃত্বাধীন ইৰাকে আকস্মিকভাবে ইৰান আক্ৰমণ কৰিছিল। ফলত ইৰান গভীৰ সংকটৰ সন্মুখীন হয়। আঠ বছৰ ধৰি চলা এই যুদ্ধৰ নেতৃত্ব দিয়ে আলী খামেনেই। এই যুদ্ধৰ অন্তিম বছৰ অৰ্থাৎ ১৯৮৭-৮৮৩ পিতৃৰ হাতত ধৰি মোজতবায়ো যুদ্ধত নামি পৰে। তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ। এই সময়ছোৱাত মোজতবাই গভীৰ প্রত্যয়ৰে ধর্মীয় শিক্ষা গ্রহণ কৰি আছিল। যুদ্ধক্ষেত্রত তেওঁ প্রদর্শন কৰা দক্ষতাৰ বাবে ইৰানৰ অর্ধ-সামৰিক বাহিনী ইছলামিক ৰিভলিউচনেৰী গাৰ্ডৰ শীৰ্ষ বিষয়াবৰ্গৰ স’তে তেওঁৰ সু-সম্পর্ক স্থাপন হয়। উল্লেখ্য যে এই যুদ্ধৰ এবছৰ পাছতে ইৰানৰ তদানীন্তন সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা কহ’ল্লাহ খোমেইনিৰ মৃত্যু হয়।
সেই সূত্রে আলী খামেনেই দেশখনৰ সর্বোচ্চ ধর্মীয় নেতা নিযুক্ত হয়। তেতিয়া উচ্চ শিক্ষাৰ বাবে মোজতবা ঘৰৰ পৰা বাহিৰত আছিল। ১৯৯৯৩ তেওঁ ধর্মীয় উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে ইৰানৰ মোজতবা কোম ছেমিনাৰীত ভর্তি হয়। সেই সূত্রে তেওঁ ৰিভলিউচনেৰী গাৰ্ডৰ বিষয়াবৰ্গৰ স’তে সম্পর্ক অধিক দৃঢ় হয়। পাছত ২০০৪ত মোজতবা বিবাহপাশত আবদ্ধ হয়। ২০০৯ত নির্বাচনক কেন্দ্ৰ কৰি ইৰানৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ ইছলামিক ৰিভলিউচনেৰী গাৰ্ডৰ অধীনত ছাজমান-এ-বাছিজ মোস্তাজাফিন নামৰ এক ভাড়াতীয়া বাহিনী গঠন কৰি ৰাজপথলৈ উলিয়ায়।
এই বাহিনীয়ে প্রতিবাদ দমনৰ উদ্দেশ্যে জধে-মধে গুলিবর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনহাতে, চলিত বৰ্ষৰ জানুৱাৰীত মোজতবাৰ বিদেশত বিপুল সম্পত্তি ঘটা বুলি এক মার্কিন সংবাদ মাধ্যমে বাতৰি প্রকাশ কৰে। এই বাতৰি অনুসৰি উত্তৰ লণ্ডনত দ্য বিশ্ব এভিনিউ পথৰ কাষৰ তেওঁৰ একাধিক প্রাসাদোপম অট্টালিকা আছে।
এই পথত অহর্নিশে সশস্ত্র নিৰাপত্তাৰক্ষীয়ে টহল দি থাকে। তদুপৰি তেওঁ লণ্ডনত অনেক ভুৱা প্রতিষ্ঠান খুলি ৰখা বুলিও মার্কিন সংবাদ মাধ্যমে দাবী কৰিছে। ইয়াৰ পূৰ্বে ২০১৯ত মোজতবাৰ ওপৰত মার্কিন প্রশাসনে নিষেধাজ্ঞা আৰোপ কৰে। সম্প্রতি মার্কিন সংবাদ মাধ্যমে দাবী কৰিছে যে ২০১৪ত মোজতবাই লণ্ডনত তিনি কোটি ৩৭ লাখ ইউৰোত এক স্থাৱৰ সম্পত্তি ক্রয় কৰে। তদুপৰি ব্রিটেইন আৰু আয়াৰলেণ্ডৰ মাজত অৱস্থিত স্বশাসিত ব্রিটিছ নগৰী আইল অব মান আৰু কেৰিবিয়ান দ্বীপতো মোজতবাৰ বিনিয়োগ আছিল।
পৰৱৰ্তী সময়ত সেই ধনৰে তেওঁ ইউৰোপত বহু সম্পত্তি ক্রয় কৰে। উল্লেখ্য যে যোৱা বছৰ ইৰানী ব্যৱসায়ী ৫৭ বছৰীয়া আলী আনছাৰীক ব্রিটিছ চোৰাংচোৱাই নিষিদ্ধ কবে। এই আনছাৰীৰ নামত মোজতবাই ইউৰোপত বিস্তৰ সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই সমস্ত অভিযোগ ইৰানে অস্বীকাৰ কৰি আহিছে।
ইৰানত পুনৰ বিদ্ৰোহৰ উকমুকনি ঘটিব নেকি?
ইৰানত পৰিয়াল তন্ত্ৰৰ বিৰোধিতা আছে। গতিকে মোজতবা সর্বোচ্চ ধর্মীয় নেতাৰ পদত অধিষ্ঠিত হ’লে দেশখনত পুনৰ বিদ্ৰোহৰ আশংকাও আছে। শাসন ক্ষমতাৰ স’তে জড়িতসকলেও পৰিয়ালতন্ত্ৰৰ বিৰোধিতা কৰে। তৎসত্ত্বেও সম্প্রতি বিৰাজ কৰা যুদ্ধ পৰিস্থিতিৰ বাবে সকলোৱে মোজতবাকে সর্বোচ্চ ধর্মীয় মুৰব্বীৰূপে গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক।






























