দিনে দিনে বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত ইজৰাইল–ইৰাণ উত্তেজনা ।এই পৰিস্থিতিৰ মাজতেই ইৰাণে ডাঙৰ দাবী উত্থাপন কৰিছে যে ইজৰাইলৰ সম্ভাব্য আক্রমণৰ উত্তৰত তেওঁলোকে কঠোৰ প্ৰত্যুত্তৰ প্ৰহাৰ কৰিবলৈ সম্পূৰ্ণ সাজু।
ইৰাণৰ সামৰিক মুখপাত্ৰই সতর্ক কৰি কৈছে,যদি ইজৰাইলে ইৰাণৰ কূটনৈতিক স্থাপনা বা স্বাৰ্থত আঘাত কৰে, তেন্তে বিশ্বজুৰি ইজৰাইলৰ স্থাপনাসমূহো লক্ষ্যবস্তু হ’ব পাৰে। এই মন্তব্যৰ পাছতে অঞ্চলটোত উত্তেজনা অধিক তীব্ৰ হৈ উঠিছে।
উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত ইজৰাইল(Israel)আৰু ইৰাণ (Iran)ৰ মাজত সংঘাত অব্যাহত আছে। দুয়ো পক্ষই ইটোৱে আনক হুমকি দিয়াৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যত অস্থিৰতা বৃদ্ধি পাইছে।
বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে এই পৰিস্থিতিত সংযম অৱলম্বনৰ আহ্বান জনাইছে।
বিশ্লেষকসকলৰ মতে, এই সংঘাত অধিক তীব্ৰ হ’লে আঞ্চলিক সুৰক্ষা, তেল বজাৰ আৰু বিশ্ব ৰাজনীতিত ডাঙৰ প্ৰভাৱ পৰাৰ আশংকা আছে।
বৰ্তমান পৰিস্থিতি অতি স্পৰ্শকাতৰ।সংঘাতৰ দিশ কেনেদৰে আগবাঢ়ে তাৰ ওপৰত বিশ্ব ৰাজনীতিৰ আগন্তুক সমীকৰণ নিৰ্ভৰ কৰিব।






























