Child Kidnapping incident:
সোমবাৰে নিশা ন বজাত মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সিজুবাৰীত এগৰাকী মহিলাই ঘৰৰ সন্মুখৰ পৰাই তিনি বছৰীয়া এটি শিশুক অপহৰণৰ চেষ্ট চলোৱাৰ ঘটনাক কেন্দ্র কৰি উত্তেজনাৰ সৃষ্টি হয়।
ADVERTISEMENT
অভিযোগ পাই প্রায় ৫০ বছৰ বয়সীয়া মহিলাগৰাকীক হাতীগাঁও আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে। ঘটনাৰ পাছতে সিজুবাৰীৰ পৰা সহস্রাধিক স্থানীয় লোকে ওলাই আহি হাতীগাঁও থানাৰ সম্মুখত প্রতিবাদ সাব্যস্ত কৰে।
আনহাতে আৰক্ষী সূত্ৰে জানিব পৰা মতে ধৃত মহিলা গৰাকীৰ ঘৰ পশ্চিমবংগৰ কোঁচবিহাৰত।






























