Hatigaon Theft:
গুৱাহাটী স্মাৰ্ট আৰক্ষীক চেলেন্স দি চোৰে সঘনাই মহানগৰীত অব্যাহত ৰাখিছে চাফাই অভিযান ৷ চোৰৰ সন্ত্ৰাসত ত্ৰাহিমধুসূদন দেখিছে মহানগৰবাসীয়ে।
প্ৰধানমন্ত্ৰীৰ আগমনত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা মহানগৰীৰ হাতীগাঁৱৰ কে’বাটাও স্থানত শুকুৰবাৰে নিশা চোৰে চলালে চাফাই অভিযান । হাতীগাঁও থানাৰ সমীপতে থকা এছ এ পান ভাণ্ডাৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সহ আন কে’বাখনো দোকানৰ তলা ভাঙি চোৰে লুটি নিয়ে নগদ ধন সহ লক্ষাধিক টকাৰ সা- সামগ্ৰী। ইতিমধ্যে ঘটনি সন্দৰ্ভত হাতীগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
থানাৰ নাতিদূৰত সংঘটিত এই চুৰিকাণ্ডত লৈ সন্ত্ৰস্ত হৈ পৰিছে স্থানীয় আবাসী ৷ একপ্ৰকাৰ নিৰাপত্তাহীনতাত ভূগিছে মহানগৰবাসী৷ প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবে গুৱাহাটীৰ চোকে কোণে শুকুৰবাৰে দিনৰ ভাগৰ পৰা আৰক্ষী- অৰ্ধ সামৰিক বাহিনীয়ে গিজগিজাই থকাৰ মাজতে চোৰৰ চাফাই অভিযানে আৰক্ষীৰ তথাকথিত নিৰাপত্তা ব্যৱস্থাটোক ফোপোলা স্বৰূপটো আকৌ এবাৰ উন্মোচিত হ’ল বুলি মন্তব্য কৰিছে সচেতন মহলে ।






























