Iran-Israel War:✒️পশ্চিম এছিয়াৰ চলি থকা সংঘাতৰ মাজতে ইৰাকৰ উপকূলীয় জলসীমাত তেলবাহী টেংকাৰত আক্রমণৰ ঘটনাই নতুনকৈ উত্তেজনা বৃদ্ধি কৰিছে। বিভিন্ন প্ৰতিবেদন অনুসৰি, আক্ৰমণৰ লক্ষ্যবস্তু হোৱা জাহাজসমূহৰ ভিতৰত ইৰাকৰ তেল পৰিবহনৰ স’তে জড়িত টেংকাৰো আছিল। ঘটনাৰ পাছতেই অঞ্চলটোত সামুদ্রিক নিৰাপত্তা আৰু তেল যোগানক লৈ উদ্বেগ বৃদ্ধি পাইছে।
ইফালে, এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে যুদ্ধ বন্ধৰ বাবে তিনিটা মুখ্য চৰ্ত আগবঢ়াইছে ইৰানে। তেহৰানৰ মতে—
১) ইৰানৰ বৈধ অধিকাৰ আৰু স্বাৰ্থক স্বীকৃতি দিব লাগিব,
২) সংঘাতৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ নিশ্চিত কৰিব লাগিব,
৩) ভৱিষ্যতে ইৰানৰ ওপৰত কোনো ধৰণৰ সামৰিক আক্রমণ নকৰাৰ আন্তঃৰাষ্ট্ৰীয় নিশ্চয়তা দিব লাগিব।
বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে যে গালফ অঞ্চলত তেল জাহাজত এই ধৰণৰ আক্ৰমণে বিশ্ব শক্তি বজাৰত অস্থিৰতা বৃদ্ধি কৰিব পাৰে। একে সময়তে ইৰানৰ এই চৰ্তসমূহে সম্ভাব্য শান্তি আলোচনাক নতুন দিশ দিব নে উত্তেজনা অধিক বৃদ্ধি কৰিব—সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।






























