JYOTI bishnu Kala Mandir:
প্ৰতিকুল বতৰকো নেওচি দুদিনীয়া ভ্ৰমণসূচীৰে বায়ুসেনাৰ বিশেষ বিমানেৰে দুপৰীয়া ১-৩০ বজাত গুৱাহাটী উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত ৩.৫ লাখৰো অধিক চাহ শ্রমিকলৈ ভূমিপট্টা প্ৰদান অনুষ্ঠানত অংশ লয় । কইনাধৰা ৰাজ্যিক অতিথিশালাত কোকৰাঝাৰৰ কে’বাটাও অনুষ্ঠানত ভাৰ্চুৱেলী অংশ লৈ জ্যোতি-বিষ্ণু কলা মন্দিৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক গামোচা, চেলেং চাদৰ, বাঁহেৰে নিৰ্মিত বালক গণেশৰ মূৰ্তি, ‘এটি কলি দুটি পাত’ বিশেষ বেজ আৰু চাহপাতৰ প্ৰতীকেৰে আদৰণি মুখ্যমন্ত্রী জনাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে ৰাজ্যৰ ৩.৫ লাখৰো অধিক চাহ শ্রমিকলৈ অনলাইন ভূমিপট্টা প্ৰদান কৰে ৷ উল্লেখ্য যে আদিবাসী মহিলাক ভূমি পট্টা প্ৰদান কৰি চৰণ চুই সন্মান প্রদর্শন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
আনহাতে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভার্চুৱেলী মুকলি কৰে কপিলী হাইড্ৰ’পাৱাৰ প্ৰকল্প আৰু ৪৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰাৰ লগতে আন কেইবাটাও প্রকল্প উদ্বোধনো কৰে । অনুষ্ঠানত কেন্দ্ৰেয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায ,মুখ্যসচিব ড:ৰবি কোটা সহ জ্যে আমোলা উপস্থিত থাকে ৷































