Fast track court:
আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছমহীয়া তিথি ৷ এই দিনটোতে ফাষ্টট্ৰেক আদালত গঠন কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে ফাষ্টট্ৰেক আদালত গঠনৰ বাবে ৰাজহুৱা দাবী উদ্থাপন হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাষ্টট্ৰেক আদালত গঠনৰ বাবে অনুৰোধ জনায় ৷ অৱশেষত ৰাজ্য চৰকাৰৰ অনুৰোধৰ প্ৰতি সহাৰী জনাই উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ফাষ্টট্ৰেক আদালত গঠন কৰে ৷ বাক্সা জিলাৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ থকা শর্মিলা ভূঞাক ফাষ্টট্রেক আদালতৰ দায়িত্ব অৰ্পণ কৰে ৷ এতিয়াৰ পৰা জুবিন হত্যাৰ গোচৰৰ প্রতিদিনে হ’ব শুনানি হ’ব বুলি এক্স হেণ্ডেল যোগে সদৰী কৰে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই।






























