Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati:কংগ্ৰেছীৰ সংস্থাপনৰ বাবে পাখি কটা গ’ল বিধায়কৰ, দীঘলীয়া হৈছে তালিকা

publisher by publisher
March 20, 2026
in News
Reading Time: 1 min read
0
Guwahati:কংগ্ৰেছীৰ সংস্থাপনৰ বাবে পাখি কটা গ’ল বিধায়কৰ, দীঘলীয়া হৈছে তালিকা
1
SHARES
13
VIEWS
ShareShareShareShare

Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যিক বিজেপি এতিয়া বৈৰী দল ত্যাগ কৰি অহা ৰাজনীতিকৰ বাবে ৰহঘৰা স্বৰূপ হৈ পৰিছে। বিশেষকৈ যদি সেইজন ৰাজনীতিক কংগ্ৰেছৰ হয় তেন্তে তেওঁৰ মূল্য বহু বেছি। দিছপুৰৰ অলিয়ে-গলিয়ে এতিয়া ই এক সাধাৰণ চর্চা হৈছে। মূলতঃ কংগ্ৰেছৰ পৰা অহা ৰৌ-বৰালি আৰু পুঠি-খলিহনাকো সংস্থাপিত কৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত ৷ এই অধ্যায় প্রায় এক দশক পূর্বে কংগ্রেছ এৰি তেওঁ নিজে বিজেপিত চামিল হোৱাৰ পাছৰে পৰা আৰম্ভ হোৱা এই প্রৱণতা এতিয়া বিজেপিত একপ্ৰকাৰ ৰীতিত পৰিণত হৈছে। মাত্র দুদিন পূর্বে কংগ্ৰেছৰ পৰা মান-অভিমান কৰি আঁতৰি যোৱা জ্যেষ্ঠ কংগ্রেছী ভূপেন বৰা আৰু অতি শেহতীয়া সংস্কৰণ প্রদ্যুৎ বৰদলৈ এই নব্যপৰম্পৰাৰ অন্যতম উদাহৰণ।

ADVERTISEMENT

একেৰাহে দুবাৰ বিধায়ক, ১৫ বছৰ ৰাজপাট উপভোগ কৰাক লৈ তিনিবাৰ মন্ত্রী আৰু দুবাৰ সাংসদ হোৱাৰ পাছত বৰদলৈৰ বাবে কংগ্ৰেছ শ্বাসৰুদ্ধ অভিজ্ঞতা হৈ পৰে। তেওঁ নিজ মুখেৰে কৈছে যে বিগত এক-ডেৰ বছৰ ধৰি তেওঁৰ দিনবোৰ কংগ্ৰেছত আছিল অতি কষ্টকৰ আৰু অপমানজনক। সেয়েহে আত্মসম্মান ৰক্ষাৰ্থে তেওঁ বিজেপিলৈ গৈছে বুলি কয়। দিনে-নিশাই বিজেপিক গৰিহণা দি, কংগ্ৰেছৰ আদৰ্শৰ কথা কৈ থকা বৰদলৈয়ে অতি শেহতীয়াভাবে প্রিয়ংকা গান্ধীৰ উপস্থিতিত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ এখন বহুচর্চিত অভিযোগনামা প্রস্তুত আৰু মুকলি কৰিছিল। অলপতে ট্রাকত ভৰাই এই অভিযোগনামাৰ প্ৰতিলিপি বিতৰণৰ বাবে কংগ্ৰেছে আনি থকা অৱস্থাতে দিছপুৰ আৰক্ষীয়ে ট্রাকখন জব্দ কৰা বুলিও আন এক অভিযোগৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

RelatedPosts

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

West Karbianglong:অসম-মেঘালয় সীমান্ত অগ্নিগর্ভ, চোকা অস্ত্র লৈ অহা শশ খাচি লোকৰ তাণ্ডৱ

কংগ্ৰেছৰ অসম্মানৰ চোলা খুলি তেওঁ বিজেপিত সম্মানৰ পোছাক পৰিধান কৰিব বিচৰা বৰদলৈক মুখ্যমন্ত্রী শৰ্মাই বিজেপিলৈ আমন্ত্রণ জনোৱাই নহয়, দিল্লীত দলৰ শীর্ষ নেতৃত্ব অমিত শ্বাহৰ স’তেও সাক্ষাৎ কৰোৱায়। তদুপৰি উপহাৰ দিয়ে দিছপুৰ সমষ্টি। এই সমষ্টিৰ স’তে কোনো ধৰণৰ লেনদেন নথকা বৰদলৈৰ প্রার্থিত্বক লৈ পুৰণা বিজেপি তথা প্রার্থিত্ব প্রত্যাশী সমষ্টিটোত সুপৰিচিত স্থানীয় নেতা জয়ন্ত দাস আৰু বৰ্তমানৰ বিধায়ক তথা পাঁচবাৰকৈ সমষ্টিৰ ৰাইজে বিধানসভালৈ প্ৰেৰণ কৰা অতুল বৰাৰ বিষোদগাৰ, আস্ফালন, বিদ্ৰোহৰ ভাবুকি আদি সকলো তল পেলাই অসমৰ অন্যতম সম্মানজনক বুলি বিবেচিত এই সমষ্টিত কংগ্ৰেছীক সংস্থাপনৰ বাবে বাছি লোৱা হ’ল। তুলনামূলকভাৱে ৰাজনৈতিক কেৰিয়াৰগ্ৰাফত মুখ্যমন্ত্রী ড° শৰ্মাৰ সমপর্যায়ৰে নেতা বৰদলৈৰ পাল্লা বিজেপিত অনাগত দিনলৈ কিমান ভাৰি হ’ব সেয়া সময়ে ক’ব।

তুলনামূলকভাৱে বৰদলৈতকৈ কিছু কম পৰিসৰৰ হ’লেও কংগ্ৰেছৰ প্রাক্তন সভাপতি তথা সদ্যবিজেপি অথবা নবিজেপি ভূপেন বৰাকো কথা দি কথা ৰাখিলে মুখ্যমন্ত্রী শর্মাই। একপ্রকাৰ বিভিন্নজনক হতচকিত কৰি আৰু বহু নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰি বিজেপিলৈ গৈছিল বৰা। বৰ্তমানৰ বিধায়ক তথা সমষ্টিত বিশেষ কোনো বিৰোধিতা নথকা প্রাক্তন আছু নেতা অমিয় ভূঞাৰ পাখি কাটি বৰাক সংস্থাপিত কৰিলে বিহপুৰীয়া সমষ্টিত। অৱশ্যে বৰাক নগঠিত ৰঙানদীতো টিকট দিব পাৰে বুলি চর্চা চলিছিল যদিও দিছপুৰৰ ঘনিষ্ঠ ঋষিৰাজ হাজৰিকাই হ’লগৈ ৰঙানদীৰ প্ৰাৰ্থী।

প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতিজনেও অপমানিত হোৱা বুলি অভিযোগ কৰিয়ে কংগ্ৰেছ ত্যাগ কৰিছিল আৰু মুখ্যমন্ত্রীয়ে তেওঁকো আমন্ত্রণ জনোৱা নহয় তেওঁৰ ঘৰলৈও যায়। একাংশ বিশ্লেষকৰ মতে, এই সমস্ত বিষয়টোত এটা ‘পেটার্ণ’ বা ধৰণ দেখিবলৈ পোৱা যায়। প্রথমতে, দীর্ঘদিন ধৰি খোপনি পুতি থকাই নহয়, বৃহৎ পদ-ক্ষমতাৰ সোৱাদ লোৱা দল ত্যাগ আৰু তাৰ পাছতে বিজেপিৰ পৰা আহ্বান মর্মে বিজেপি গমনৰ এই ছবিখন আৰু কিমান দীঘলীয়া হ’ব সেয়াও সময়ে ক’ব।

মনকৰিবলগীয়া যে তীব্ৰ হৈ-চৈৰ সৃষ্টি কৰি বৰাই যেতিয়া বিজেপিৰ পোছাক পিন্ধি বিহপুৰীয়াৰ নিজ অঞ্চললৈ উভতিছিল তেতিয়া তেওঁক সম্বর্ধনা জনাবলৈ উপস্থিত আছিল মাত্র দুজন লোক। তাৰে এজন তেওঁৰ নিজৰ পুত্র।

মুখ্যমন্ত্রী শর্মাই বিজেপিত যোগদান কৰাৰে পৰা এই পর্যন্ত যিসকলে কংগ্ৰেছ এৰি বিজেপিলৈ গৈ বৰপীৰা লাভ কৰিছে সেইসকলক ‘দাদা ব্রিগেড’ বুলিয়ে কোৱা হয়। অৱশ্যে এই তালিকাত বৰদলৈ আৰু বৰাক অন্তর্ভুক্ত কৰিব পাৰি নে নোৱাৰি সেয়া এক প্রশ্ন। অর্থাৎ অতি শেহতীয়াভাবে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা সাংসদ আৰু তিনিজন বিধায়ককে ধৰি পাঁচজনৰ ভিতৰত চাৰিজনে বৃহস্পতিবাৰে ঘোষিত বিজেপিৰ ৮৮জনীয়া তালিকাত স্থান লাভ কৰিলে।

এই পুৰস্কাৰপ্ৰাপ্তসকলৰ ভিতৰত আছে দুদিন পূর্বে কংগ্ৰেছ ত্যাগ কৰা বৰদলৈ, বৰাৰ উপৰি কমলাক্ষ্য দে পুৰকায়স্থ আৰু শশীকান্ত দাস। ২০২১ত বৰাক উপত্যকাৰ কৰিমগঞ্জ উত্তৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত বিজয় হোৱা কমলাক্ষ্যই কাটিগৰাত এইবাৰ বিজেপিৰ প্রার্থী আৰু ৰহাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব শশীকান্তই। তাৎপর্যপূর্ণভাবে অলপতে তেওঁলোকৰ স’তে একেলগে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা মঙলদৈৰ বসন্ত দাসক টিকট নিদিলে বিজেপিয়ে। ইপিনে, ২০২১ত কংগ্ৰেছৰ টিকটত বিজয়ী হোৱা আন দুজন বিধায়ক হৈছে সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুর্মী। সুশান্তই ২০২১ত থাওৰাৰ সমষ্টিৰ পৰা বিজয়ী হৈছিল আৰু এইবাৰ বিজেপিৰ টিকটত ডিমৌৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে, মৰিয়নিৰ পৰা এইবাৰ বিজেপিৰ পৰা টিকট লাভ কৰিলে কংগ্ৰেছত্যাগী ৰূপজ্যোতিয়ে।

আনহাতে, বৃহস্পতিবাৰে ঘোষিত বিজেপি প্রার্থী তালিকাত থকা আন প্রাক্তন কংগ্রেছীসকল হৈছে- মন্ত্রী অজন্ত নেওগ, মানব ডেকা, দিগন্ত কলিতা, ৰূপেশ গোৱালা, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, অজন্তা নেওগ, পল্লবলোচন দাস, তৰংগ গগৈ, প্রাক্তন কংগ্রেছী মন্ত্রী দীনেশ গোৱালৰ পুত্র তথা প্রাক্তন কংগ্ৰেছী ৰাজদ্বীপ গোৱালা, বলিন চেতিয়া আদি। ইতিমধ্যে প্রার্থিত্ব লাভ নকৰা বিজেপি মিত্রজোটৰ দিছপুৰৰ জয়ন্ত দাসৰ লগতে অতুল বৰায়ো তীব্র ক্ষোভ উজাৰে আৰু দলৰ বিৰুদ্ধে সৰৱ হয়।

জ্যেষ্ঠ বিধায়ক বৰাই আনকি প্রয়োজন হ’লে দিছপুৰত কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰৰ সংগ দিব বুলিও সকীয়াই দিছে। বহু পূৰ্বৰে পৰা এইবাৰ প্রার্থিত্ব লাভ নকৰিলে নির্দলীয় প্রার্থীৰূপে অৱতীর্ণ হ’ব বুলি একপ্রকাৰ সকীয়নি দি থকা জয়ন্তই আজি মুখ্যমন্ত্রী শৰ্মাৰ বিৰুদ্ধে বহু বিস্ফোৰক ভাষ্য প্রকাশ কৰে যদিও অনাগত সময়ত কি পদক্ষেপ গ্রহণ কৰিব সেয়াহে লক্ষ্যণীয়।

মুখ্যমন্ত্রী শৰ্মাই এইবাৰ কংগ্ৰেছ আৰু এআই ইউডিএফৰ পৰা সংখ্যালঘু বিধায়কসকলক ফালি আনিছে বুলি চর্চা হৈছে। এইসকল বিধায়কক সংস্থাপন কৰা হৈছে অগপত। বাংলাদেশী খেদা আন্দোলনৰ বুকুত জন্ম হোৱা অগপতে ‘মিঞা-মুছলমান’ বুলি দিনে-নিশাই মুখ্যমন্ত্রীয়ে আক্রমণ কৰি থকা এইসকলক আওপকীয়াকৈ এনডিএৰ ছত্ৰৰ তললৈ লৈ যোৱা হৈছে। এনে পৰিস্থিতিত পুৰণা বিজেপি আৰু পুৰণা অগপ দুয়োপক্ষকে একাষৰীয়া কৰি মুখ্যমন্ত্রীয়ে দলবদল ৰাজনীতিত লিপ্ত হোৱা বুলি চর্চা চলিছে।

উল্লেখ্য যে বিজেপিত ইতিমধ্যে নবীন অর্থাৎ প্রাক্তন কংগ্ৰেছী আৰু প্ৰবীণৰ মাজত অন্তহীন সংঘাত আছেই। বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ এই বিষয়বোৰ সৰৱ আলোচনাৰ মাজলৈ আহিছে। তদপুৰি সমষ্টি পুনর্গঠনৰ বাবেও বদলবদলৰ ৰাজনীতি এইবাৰ অধিক তীব্র হৈছে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ ৰাজহাড় ভাঙিবলৈ আৰু কোন নেতাক বিজেপিলৈ অনা হ’ব সেয়াও চৰ্চাৰ বিষয় হৈছে।

অৱশ্যে ৰদবদলৰ খেলত যিদৰে কংগ্ৰেছৰ ভিতৰচ’ৰাত হাহাকাৰ পৰিস্থিতি হৈছে একেদৰে অতি অসন্তুষ্ট ৰাজ্যিক বিজেপিৰ পুৰণি কৰ্মীসকল। মুখ্যমন্ত্রী হিমন্ত বিজেপিলৈ অহাৰ পাছত এনে বহু নেতাই গুৰুত্বহীন, একাষৰীয়া হোৱা বুলি অভিযোগ আছে। মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মহলৰ বাদে বিভিন্ন চাপ বা পৰিস্থিতিত বিজেপি গমন কৰা প্রাক্তন কংগ্রেছী নেতা-বিধায়কসকলৰ অৱস্থা অৱশ্যে বিজেপিত একপ্ৰকাৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে। অইন বাদে হিমন্ত বিশ্বক বিজেপিলৈ অনা প্রাক্তন বিজেপি ৰাজ্যিক সভাপতি সিদ্ধার্থ ভট্টাচার্যই এতিয়া নবিজেপিৰ যুগত নেচেল হৈছে।

ইতিমধ্যে এনে ক্ষোভত বিজেপি ত্যাগ কৰিলে প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁয়ে। পুৰণি বিজেপি তথা বিধায়ক মৃণাল শইকীয়াই বিভিন্ন সময়ত হিমন্ত-ঘনিষ্ঠ মন্ত্রীসকলক সমালোচনা কৰা দেখা যায়। পুৰণি বিজেপি দিলীপ শইকীয়াই সাংসদ পদ লাভ কৰাৰ উপৰি ৰাজ্যিক সভাপতি পদো লাভ কৰে যদিও তেওঁৰ অৱস্থাও দলত কিমান মজবুত তাকে লৈ বিভিন্ন চর্চা আছে। শেহতীয়াভাবে সুত্রত প্রকাশ যে প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ যোগেন মোহন আৰু তেৰশ গোৱালাকো সাংসদৰূপে দিল্লীলৈ প্ৰেৰণ কৰা হ’ল।

এইদৰে কে’বাজনকো দিল্লীমুখী কৰা হৈছে অথবা আন বহুজনক কাগজৰ বাঘ কৰি ৰখা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন ভাৰপ্ৰাপ্ত সভাপতি শান্তনু ভৰালীয়ে ক্ষোভ উজাৰি কয় যে ২০১৪ৰ পূৰ্বৰ বিজেপিসকল প্রকৃত বিজেপি কর্মী। দীর্ঘদিন ধৰি দলক শক্তিশালী কৰাৰ কামত ব্ৰতী হোৱাসকলে এতিয়া বিজেপিত গুৰুত্বহীন হৈছে। বহু পুৰণি নেতা-কর্মী অৱহেলিত হৈছে। তাৰ পৰিৱৰ্তে কংগ্ৰেছীক আনি স্থান দিয়া হৈছে। মনকৰিবলগীয়া যে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে ২০২৬ৰ নিৰ্বাচন হ’ব প্রকৃত কংগ্রেছী বনাম ভুৱা কংগ্ৰেছীৰ যুঁজ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Conflictnew and old bjp
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d