নির্বাচনত ‘বাংলাদেশী’ৰ বিৰুদ্ধে ভাৰতীয় নাগৰিকৰ যুঁজ! সম্প্রতি এনে ধ্বনি উঠিছে বৰাক উপত্যকাত। এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণলৈ মাথোঁ কিছুদিন বাকী থকা অৱস্থাত ‘বাংলাদেশী’ দাগক লৈ শাসকীয় মিত্রজোঁটৰ বিজেপি প্রার্থী বিজয় মালাকাৰ চৰম অস্বস্তিৰ সম্মুখীন হৈছে।
এইবাৰ বৰাকৰ ৰামকৃষ্ণ নগৰত প্ৰতিদ্বন্দ্বিতা কৰা বিগত দুটা কার্যকালৰ বিধায়ক মালাকাৰৰ বিৰুদ্ধে অৱতীর্ণ হোৱা বিৰোধী মিত্রজোটৰ কংগ্ৰেছ প্রার্থী সুৰুচি ৰয়ে বিজেপি প্রার্থীজনৰ ‘বাংলাদেশী’ দাগক ‘মূল অস্ত্র’ৰূপে ব্যৱহাৰ কৰিছে।
কংগ্ৰেছ প্রার্থী ৰয়ে মুকলিকৈ ধ্বনি দিছে যে অহা ন এপ্ৰিলৰ নির্বাচন এগৰাকী ভূমিকন্যা আৰু এজন সন্দেহজনক নাগৰিকৰ মাজত হ’ব। শাসক দলৰ প্ৰাৰ্থীজনক ক্ষুৰধাৰ সমালোচনা কৰি ৰয়ে কয়, ‘গুৱাহাটী উচ্চ ন্যায়ালয়ত বিজেপি প্রার্থীজনৰ বিৰুদ্ধে এটা গোচৰ নিষ্পত্তিহীন হৈ আছে। তেওঁ ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ নথিপত্র দাখিল কৰিব পৰা নাই।’
লক্ষ্যণীয় যে বিজেপিয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ ধ্বনিও দি আহিছে। এনে অৱস্থাতে এজন সন্দেহযুক্ত নাগৰিকক দলে প্রার্থিত্ব দিয়া কাৰ্যৰ সুযোগ লৈছে বিৰোধী শিবিৰে। উল্লেখ্য যে পূর্বে মালাকাৰে ৰাতাবাৰী সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নির্বাচিত হৈছিল।
২০২৩ত ৰাজ্যত সম্পন্ন হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মালাকাৰে এইবাৰ সমষ্টি সলনি কৰে। অৱশ্যে কংগ্ৰেছ প্রার্থী ৰয়ে উত্থাপন কৰা অভিযোগক ভিত্তিহীন আখ্যা দিছে বিজেপি প্রার্থীজনে। তেওঁ কয়, ‘প্রতিটো নির্বাচনত বিৰোধীয়ে মোৰ বিৰুদ্ধে বাংলাদেশী বুলি অভিযোগ উত্থাপন কৰি মোক আতংকিত কৰাৰ চেষ্টা চলায়।
বাঙালী হিন্দুক বাংলাদেশীৰ লেবেল লগোৱাটো অসমত সহজ। কাৰণ তেওঁলোক সহজ লক্ষ্য হৈ পৰে।’ তেওঁ লগতে দাবী কৰে যে তেওঁৰ ভাৰতীয় নাগৰিকত্ব সন্দেহৰ ঊর্ধ্বত। তেওঁৰ চাৰি খুৰাক চৰকাৰী চাকৰিয়াল আছিল বুলিও দাবী কৰে মালাকাৰে। তৎসত্ত্বেও তেওঁৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ চলি থকা বুলি স্বীকাৰ কৰে।
এই সম্পৰ্কত তেওঁ কয়, ‘যিহেতু গোচৰটো আদালতত আছে গতিকে ন্যায়াধীশসকলে বিবেচনা কৰিব।’ উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰত বৰাকত বজ্ৰগোপাল সিনহা আৰু বিজয় কুমাৰ কানু নামৰ দুজন লোকে বিধায়ক মালাকাৰ ভাৰতীয় নাগৰিক নহয় বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন কৰে। আবেদনকাৰীদ্বয়ে দাবী কৰে যে তেওঁলোকে বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত এই আবেদন দাখিল কৰিছে।
তেওঁলোকৰ আবেদনত কোৱা হয়, ‘মালাকাৰ আৰু তেওঁৰ পিতৃ-মাতৃয়ে অসম চুক্তিৰ ভিত্তিবর্ষ ১৯৭১ৰ ২৫ মাৰ্চৰ পাছত ভাৰত (অসম) ত প্রৱেশ কৰে। আবেদনকাৰীদ্বয়ে কৰিমগঞ্জ নগৰৰ ১৯৬৬ আৰু ১৯৭১কে ধৰি সকলো ভোটাৰ তালিকা সংগ্ৰহ কৰে। এই ভোটাৰ তালিকাসমূহ পৰীক্ষণৰ পাছত পোৱা গ’ল যে ২০০৫ৰ পৰিপূৰক ভোটাৰ তালিকাতহে প্ৰথমবাৰৰ বাবে মালাকাৰৰ নাম (খণ্ড নম্বৰ ৯৬ৰ ক্ৰমিক নম্বৰ ৩১৮৩) অন্তর্ভুক্ত হয়।’
আবেদনকাৰীদ্বয়ে লগতে অভিযোগ উত্থাপন কৰে যে মালাকাৰৰ পিতৃ শংকৰ মালাকাৰৰ নামো ২০০৫ত ভোটাৰ তালিকাত অন্তর্ভুক্ত হয়; কিন্তু তেওঁৰ ফটোৰ স’তে ২০২০ত বাংলাদেশত প্রদান কৰা নথিপত্ৰত থকা সুধন্য কুমাৰ মালাকাৰ নামৰ এজন ব্যক্তিৰ ফটোৰ মিল আছে।
উল্লেখ্য যে ২০২১ত ধলাই সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা বিজেপিৰ নিহাৰৰঞ্জন দাসৰ বিৰুদ্ধেও এনে ধৰণৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ দলৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত অমিয়কান্তি দাসে নিহাৰৰঞ্জনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল।






























