Soniya Gandhi:✒️দেশৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক নতুন দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতাল(Sir Ganga Ram Hospital)ত ভৰ্তি কৰোৱা হৈছে।
সূত্ৰ অনুসৰি, অসুস্থ অনুভৱ কৰাৰ পিছতেই তেওঁক তত্ক্ষণাত হাস্পতাললৈ নিয়া হয় আৰু বৰ্তমানে চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, স্বাস্থ্যজনিত কিছু অস্বস্তিৰ বাবে তেওঁক ভৰ্তি কৰা হৈছে যদিও অৱস্থা গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।
চিকিৎসকৰ এটা বিশেষ দল তেওঁৰ চিকিৎসাত নিয়োজিত আছে আৰু স্বাস্থ্য অৱস্থাৰ ওপৰত নিয়মিত নজৰ ৰাখিছে।
তথ্য অনুসৰি ,সাম্প্ৰতিক সময়ত বতৰৰ পৰিৱৰ্তন আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ স’তে জড়িত কাৰণেও তেওঁ অসুস্থ অনুভৱ কৰিছিল।
ইয়াৰ পূৰ্বেও চলিত বৰ্ষত তেওঁ একাধিকবাৰ একে হাস্পতালতে চিকিৎসাৰ বাবে ভৰ্তি হৈছিল।
এই ঘটনাৰ পিছতেই কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। পৰিয়ালৰ সদস্য তথা নেতাসকলেও চিকিৎসালয়লৈ গৈ তেওঁৰ খবৰ লৈছে ।
বৰ্তমানলৈকে চিকিৎসকসকলে জনোৱা মতে, ছোনিয়া গান্ধীৰ অৱস্থা সুস্থিৰ আছে আৰু অধিক পৰীক্ষা-নিৰীক্ষাৰ পাছত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।
সামগ্ৰিকভাৱে ক’বলৈ গ’লে, জ্যেষ্ঠ নেত্ৰীগৰাকীৰ স্বাস্থ্য অৱস্থাক লৈ ৰাজনৈতিক মহলত যথেষ্ট চিন্তা দেখা গৈছে, যদিও চিকিৎসকসকলে আশ্বস্ত কৰিছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে।






























