পশ্চিম এছিয়াত উত্তেজনা বাঢ়িয়েই আছে। ফলত বন্ধ হৈ পৰিছে আকাশীপথ। সেইবাবেই বহু ভাৰতীয়ই বাতিল কৰিছে নিজৰ বিদেশ ভ্ৰমণৰ পৰিকল্পনা। ইয়াৰ ফলত অৱশ্যে লাভৱান্বিত হৈছে দেশৰ পৰ্যটন ক্ষেত্ৰখন। কাৰণ বিদেশ ভ্রমণৰ কাৰ্যসূচী বাতিল কৰি এতিয়া প্রায় সকলোৱে ভিৰ কৰিছে ভাৰতৰ পর্যটন কেন্দ্রসমূহত।
ভাৰতৰ পৰা ইউৰোপ বা আমেৰিকালৈ যাবলৈ হ’লে পশ্চিম এছিয়া আকাশৰ ওপৰেদি উৰি যাব লাগে। অথচ সেই পথ এতিয়া বন্ধ। ডুবাই, ডোহা আদিৰ বিমান বন্দৰসমূহ সাময়িকভাবে বন্ধ হৈ আছে। সেয়ে ভাৰতীয়সকলে সম্প্রতি ইউৰোপ বা আমেৰিকা ভ্রমণ সাময়িকভাবে স্থগিত ৰাখিবলগীয়া হৈছে।
অৱশ্যে বিদেশ ভ্রমণ স্থগিত হ’লেও বহু লোকে ঘৰতে বহি কটাব খোজা নাই। সেয়ে অধিকাংশ লোকেই দেশৰ বিভিন্ন স্থানলৈকে ফুৰিবলৈ গৈছে।
এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পৰ্যটনৰ ৱেবছাইট সমূহত দেখা গৈছে যে গৰমৰ প্রকোপ আৰম্ভহোৱাৰ লগে লগে মানুহে ঠাণ্ডাৰ আৰাম ল’বলৈ তৎপৰ হৈছে।
বুকিং বাঢ়িছে লাডাখ, ঋষিকেশ, ছিমলা, কুলু-মানালি, শ্বিলংসহ উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন স্থানত। এক প্রতিবেদন অনুসৰি, প্রায় ৬৫ শতাংশ ভাৰতীয়ই এই বছৰ ভাৰতৰ ভিতৰতে ফুৰিবলৈ বিচাৰিছে।
উল্লেখ্য যে ক’ভিড কালৰ পাছৰ পৰাই এই ধৰণৰ সৰু সৰু ভ্ৰমণৰ পৰিমাণ দেশত বহুত বাঢ়িছে। অৱশ্যে এই বছৰ সেয়া দ্বিগুণ বৃদ্ধি পাইছে। আগ্রহ বাঢ়িছে নিজৰ দেশৰ পাহাৰসমূহৰ প্ৰতিও। এই বছৰত পাহাৰত প্রায় ৩০ শতাংশ পর্যটক বৃদ্ধি পাইছে। তাৰ ভিতৰত সবাতোকৈ বেছি বুকিং হৈছে উত্তৰাখণ্ড, হিমাচল প্রদেশ, লাডাখ, স্পিটিসহ আৰু নানা স্থানত।
প্রতিবেদন অনুসৰি, মানুহে সৰু ভ্ৰমণসমূহকেই বেছি কামত লগাইছে। কম খৰচত ভ্ৰমণৰ দৰে আকর্ষণীয় বিষয়টো সাধাৰণ মানুহে অধিক পছন্দ কৰিছে।
এই মুহূর্তত বিদেশ ভ্রমণ কিছু অনিশ্চিত বিষয়। সেয়ে ডাঙৰ ভ্ৰমণৰ ক্ষেত্ৰত মানুহে লাডাখ, কাশ্মীৰৰ প্ৰতিয়ে আগ্রহ দেখুৱাইছে। ফলত ভ্রমণ সংস্থাৰ মালিকসকল এতিয়া যথেষ্ট লাভৱান হৈছে। যদিও ইয়াৰ ফলত দূৰণিবটীয়া ৰেলত টিকট পোৱাটোও কঠিন হৈ পৰিছে। দেশৰ আভ্যন্তৰীণ উৰণতো ইয়াৰ প্রভাৱ দেখা গৈছে।
বহুতে আকৌ কেদাৰনাথ, বদ্রীনাথ, তুংগনাথ, যমুনেত্ৰীৰ দৰে তীর্থস্থানসমূহত ভিৰ বঢ়াইছে। ফলত পর্যটন সংস্থাসমূহে নতুন পৰিকল্পনা কৰিবলগীয়া হৈছে। যিবোৰ চহৰত ভিৰ বাঢ়িছে, সিবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে উদয়পুৰ (প্রায় ৬৯ শতাংশ), যোধপুৰ (প্রায় ৮৭ শতাংশ), বাগডোগৰা (প্রায় ৪৪ শতাংশ), শ্রীনগৰ (প্রায় ৪১ শতাংশ) ইত্যাদি।
অৱশ্যে বিদেশ ভ্রমণ একেবাৰে বন্ধ হোৱা বুলিও ক’ব নোৱাৰি। নেপাল, ভূটান, থাইলেণ্ড, লাওচৰ দৰে দেশসমূহলৈ গৈছে বহু পর্যটক।






























