Covid :✒️কৰ’না কালৰ আতংক এতিয়াও মাৰ যোৱা নাই। ২০২০ৰ মার্চতে বিয়পি পৰিছিল ভাইৰাছৰ ঢৌ। ছবছৰৰ পাছত আমেৰিকাত পুনৰ চিন্তা বৃদ্ধি কৰিছে সেই ভাইৰাছৰে এটা নতুন ৰূপে। স্থানীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে।
প্রাপ্ত তথ্য অনুসৰি, বিএ ৩-২ বা চিকাডা হৈছে ক’ভিড-১৯ৰ এটা নতুন ৰূপ, যি ইতিমধ্যেই আমেৰিকাসহ কে’বাখনো দেশত বিয়পি পৰিছে। ২০২৪ৰ নৱেম্বৰত ই দক্ষিণ আফ্রিকাত প্ৰথমবাৰলৈ ধৰা পৰিছিল।
তাৰ পাছত ২০৫ৰ জুনত প্রথমে আমেৰিকাৰ ছান ফ্রান্সিস্ক’ আন্তর্জাতিক বিমানবন্দৰত নেদাৰলেণ্ডৰ পৰা উভতি অহা এজন পৰ্যটকৰ শৰীৰত ক’ভিডৰ এই নতুন ৰূপটো ধৰা পৰে।
আনহাতে, বিগত ফেব্ৰুৱাৰীৰ ভিতৰতে আমেৰিকাৰ কমেও ২৫খন ৰাজ্যলৈ এই নতুন ৰূপ বিএ ৩-২ৰ সংক্রমণ বিয়পি পৰে। লগতে আন ২০খন দেশলৈকো বিয়পি পৰিছে ইয়াৰ সংক্ৰমণ।
সম্প্রতি ই ডেনমার্ক, জার্মানী আৰু নেদাৰলেণ্ডসহ ইউৰোপৰ বিভিন্ন অংশত সংক্রমণ বৃদ্ধি কৰাৰ তথ্য পোৱা গৈছে।
এই সংক্রমণ বিগত বৰ্ষৰ শেষৰফালে লাহে লাহে বিশ্বৰ চৌদিশে বিয়পিবলৈ আৰম্ভ কৰে। সম্প্রতি এই ৰূপৰ সংক্ৰমণ দ্রুতগতিত বিয়পি পৰিছে। ফলত দিনে দিনে হাস্পতালত ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। অৱশ্যে সংক্রমণ দ্রুতহাৰত হ’লেও মৃত্যুৰ হাৰ চিন্তাজনক নহয় বুলিয়ে সংবাদ মাধ্যমত প্রকাশ পাইছে।
আমেৰিকাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে, বিশেষজ্ঞসকলে পৰীক্ষা কৰি দেখিছে যে এই ৰূপটো অন্যান্য ভাইৰাছতকৈ পৃথক। কিয়নো ইয়াৰ মিউটেচন অর্থাৎ গঠনত অনেক পৰিৱৰ্তন লক্ষ্য কৰিছে তেওঁলোকে। বিশেষকৈ স্পাইক প্ৰ’টিনৰ অংশত অনেক পৰিৱৰ্তন দেখা গৈছে। এই স্পাইক প্ৰ’টিন হৈছে ভাইৰাছৰ সেই বিশেষ অংশ যি মানুহৰ শৰীৰত কোষৰ ভিতৰত সোমাই পৰি সংক্ৰমণ ঘটায়।
বিএ ৩-২য়ে লাহে লাহে সংক্রমণ বিয়পাইছে। বিএ ৩-২ত পৰিৱৰ্তিত গঠন থকা সত্ত্বেও মানুহক আৰু অসুস্থ কৰি তুলিছে। ইয়াৰ লক্ষণসমূহ হৈছে- জ্বৰ বা কঁপনি উঠা, ডিঙিৰ বিষ, নাক বন্ধ থকা, শ্বাস-প্রশ্বাসৰ কষ্ট, গোন্ধ বা স্বাদৰ অনুভূতি হেৰুওৱা, ক্লান্তি, মূৰৰ বিষ, পাকস্থলীৰ সমস্যা আদি। ২০২৫ৰ ডিচেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই জনায় যে বিএ ৩-২ৰ ৰূপৰ এনে এটা ধৰণ, যিটোৰ ওপৰত বিশেষজ্ঞসকলৰ দৃষ্টি আছে। ইয়াৰ অস্বাভাৱিক মিউটেচন প্ৰ’ফাইল তথা ইয়াৰ দ্রুত বিয়পি পৰাৰ কাৰণক লৈও বিশেষজ্ঞ মহলত নানা আলোচনা হৈছে।






























