সাৱধান! যদি নিতৌ হাতত থকা ম’বাইল ফোনটোৰ পৰ্দাত দীর্ঘসময় ধৰি দুই চকু নিবদ্ধ কৰি ৰখাৰ অভ্যাস গঢ়ি তুলিছে তেন্তে এই অভ্যাস ত্যাগ কৰক বা ম’বাইল চোৱাৰ সময় হ্রাস কৰক। কাৰণ একাংশ চকুৰ ৰোগ বিশেষজ্ঞই শেহতীয়াভাৱে সকীয়াই দিছে যে ২০৫০ৰ ভিতৰত বিশ্বৰ ৫০ শতাংশ লোকেই মায়’পিয়াত আক্রান্ত হ’ব।
মায়’পিয়া হৈছে ওচৰতে দেখা; কিন্তু দূৰৰ বস্তু নেদেখা এবিধ চকুৰ ৰোগ। সাধাৰণতে কম বয়সত এই ৰোগ হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে চছমা বা তেনে ধৰণৰ দিহা দিয়ে। সাধাৰণতে দেখা যায় যে এনে সমস্যাত আক্রান্ত লোকৰ সংখ্যা তেনেই কম।
কিন্তু শেহতীয়াকৈ ‘চেল ৰিপ’ৰ্টছ’ শীর্ষক এক বিজ্ঞান আলোচনীত প্রকাশ পোৱা এক গৱেষণাপত্র অনুসৰি ২০৫০ৰ ভিতৰত পৃথিৱীৰ আধা লোকে মায়’পিয়াত আক্রান্ত হোৱাৰ আশংকা আছে। ইতিমধ্যে পূব এছিয়াত কম বয়সীয়া ৯০ শতাংশ লোকেই এই সমস্যাত আক্রান্ত হৈছে।
এই গৱেষণাপত্র প্রস্তুত কৰা চকু ৰোগ বিশেষজ্ঞসকলৰ মতে ঘৰৰ ভিতৰত সোমাই থাকি দিনটোৰ বহু সময় ম’বাইল ফোন,লেপটপ, কম্পিউটাৰ আদিৰ পদত দৃষ্টি নিবদ্ধ ৰখাৰ ফলত এনে অনাকাংক্ষিত সমস্যাই দেখা দিছে।
উক্ত অধ্যয়ন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৭০ৰ দশকত ১২ৰ পৰা ৫৪ বছৰ বয়সৰ ২৫ শতাংশ লোক মায়’পিয়াত আক্রান্ত আছিল। ২০০০ৰ দশকৰ প্ৰথম ভাগত এই সংখ্যা ৪২ শতাংশলৈ বৃদ্ধি পায়। শেহতীয়াভাৱে অধিক বৃদ্ধি পাবলৈ ধৰিছে। চকু ৰোগ বিশেষজ্ঞসকলৰ মতে ম’বাইল ফোন, কম্পিউটাৰ, লেপটপ আদি পৰ্দাৰ পৰা যি পোহৰ ওলায় সেই পোহৰে চকুৰ দৃষ্টিশক্তিত অশুভ প্রভাৱ পেলায়।
গতিকে ডিজিটেল যন্ত্ৰ ব্যৱহাৰ কৰোতে সাৱধানতা অৱলম্বন কৰা উচিত। কিছু সময় বাহিৰলৈ ওলাই গৈ বা দুৱাৰ-খিৰিকীৰে বাহিৰৰ পৰিৱেশলৈ দৃষ্টি দিব লাগে। আনহাতে শিশু-কিশোৰসকলৰ ওপৰত ম’বাইল ফোনে অধিক বেয়া প্ৰভাৱ পেলোৱাৰ কথাও চর্চা হ’বলৈ ধৰিছে।
২০২৩ত ‘জার্ণেল অৱ পেডিয়াট্রিকছ’ত প্রকাশিত এক গৱেষণাপত্র অনুসৰি ম’বাইল ফোনৰ বৰ্ধিত জনপ্ৰিয়তাৰ ফলত কম বয়সীয়া লোকৰ মাজত উদ্বিগ্নতা-হতাশাজনিত সমস্যা বৃদ্ধি পাবলৈ ধৰিছে।
গতিকে ম’বাইল ফোন, লেপটপ আদিৰ অধিক ব্যৱহাৰ সম্পৰ্কত গৱেষক উৰুশা মহাযানে কয়, ‘যেতিয়া মানুহে বন্ধ কোঠাত ম’বাইল ফোন, টেবলেট আদি চায় তেতিয়া চকুৰ মণি অংশত জোৰ পৰে। যদিহে কোঠাটো আন্ধাৰে আৱৰি থাকে তেতিয়া চকুৰ ওপৰত অধিক হেঁচা পৰে। ইয়ে চকুৰ দৃষ্টিশক্তিত প্ৰভাৱ পেলায়। সদায়ে এনে পৰিৱেশত দীর্ঘসময় ধৰি ডিজিটেল পর্দাত চকু ৰাখিলে দৃষ্টিশক্তি হ্রাস পাবলৈ ধৰে।’






























