Tennis Icon Leander Paes joins BJP:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ গৰম বতাহ অব্যাহত থকাৰ মাজতে মঙলবাৰে ভাৰতীয় ক্ৰীড়াৰ কিংবদন্তি তথা একাধিক গ্ৰেণ্ড শ্লেম বিজয়ী টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে ৰাজনীতিত নিজৰ নতুন ইনিংছ আৰম্ভ কৰে।
নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰৰ উপস্থিতিত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত পেজে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। পশ্চিম বংগত ৰাজনৈতিক উত্তেজনা অধিক হোৱাৰ সময়তে পেজৰ এই প্ৰৱেশে এক নতুন মাত্ৰা প্ৰদান কৰিৰ সম্ভাৱনা আছে ৷ দিল্লীৰ এক সূত্ৰই জানিব দিয়া মতে পেজে পশ্চিম বংগৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে লিয়েণ্ডাৰ পেজৰ জন্ম আৰু ডাঙৰ-দীঘল কলকাতাতে হয় ৷ য’ত তেওঁৰ প্ৰবল অনুৰাগী অনুগামী আছে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে পেজৰ প্ৰৱেশে আগন্তুক পশ্চিম বংগৰ নিৰ্বাচনত বিজেপিক এক বৃহৎ সুবিধা প্ৰদান কৰিব পাৰে। পেজ কেৱল যুৱক-যুৱতী আৰু ক্ৰীড়াপ্ৰেমীৰ বাবেই নহয়, চহৰীয়া উচ্চ মধ্যবিত্তীয় ভোট বেংকক আকৰ্ষণ কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শেহতীয়াকৈ তেওঁ বংগ ভ্ৰমণৰ সময়ত বিজেপি নেতাসকলৰ সৈতে সাক্ষাৎ কৰি ৰাজনৈতিক প্ৰৱেশ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল।
মনকৰিবলগীয়া যে , বিজেপি দলটোৱে দিনক দিনে ক্ৰীড়াবিদ সকলক নিজ দললৈ অনাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি ইতিমধ্যে বহু কেই গৰাকী কিংবদন্তি খেলুৱৈক দলত অন্তভূক্ত কৰিবলৈ সক্ষম হৈছিল ৷
শ্বুটিঙৰ পৰা ৰাজনীতিলৈ পথাৰলৈ অহা ৰাজ্যবৰ্ধন সিং ৰাথোৰ ২০২৪ চনত দলত যোগদান কৰি কেন্দ্ৰীয় মন্ত্ৰী হৈছিল ৷ একেদৰে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা (যাৰ পত্নী ৰিভাবা জাদেজা ইতিমধ্যে গুজৰাটত বিজেপিৰ বিধায়ক),৷ একেদৰে ববিতা ফোগাট, বিজেন্দৰ সিং, আৰু কেদাৰ জাধৱৰ দৰে আন কেইবাজনো বিশিষ্ট ক্ৰীড়াবিদো বিজেপি পৰিয়ালৰ অংশ হিচাপে ৰাজনীতিত সক্ৰিয় ভূমিকা পালন কৰি আছে।
ইপিনে,বিজেপিয়ে আশা কৰিছে যে লিয়েণ্ডাৰ পেজৰ অন্তৰ্ভুক্তিয়ে যুৱক-যুৱতীৰ ভোটৰ ভাগ বৃদ্ধি কৰাৰ লগতে ক্ৰীড়াৰ প্ৰতি দলৰ ইতিবাচক দৃষ্টিভংগীৰ বাৰ্তা সমগ্ৰ দেশতে বিয়পাই দিব। দলটোৱে তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবনে নে, তাৰকা প্ৰচাৰক হিচাপে ব্যৱহাৰ কৰিব সেয়া স্পষ্ট নহয় যদিও কিৰেন ৰিজিজুৱে তেওঁক আদৰণি জনাই কয় যে পেজৰ অভিজ্ঞতা আৰু শক্তিয়ে দেশৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব। পেজৰ বিশ্বব্যাপী স্বীকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিজেপিক আধুনিক আৰু ক্ৰীড়ামূলক ভাবমূৰ্তি প্ৰক্ষেপ কৰাত সহায় কৰিব।
