পাকিস্তানত পুনৰ এবাৰ ইন্ধনৰ মূল্যত ব্যাপক বৃদ্ধি ঘটিছে, যাৰ ফলত সাধাৰণ ৰাইজৰ জীৱনযাত্ৰা অধিক সংকটজনক হৈ উঠিছে। শেহতীয়া সংশোধিত মূল্য অনুসৰি পেট্ৰ’লৰ মূল্য ৪২.৭ শতাংশ আৰু ডিজেলৰ মূল্য ৫৪.৯ শতাংশ বৃদ্ধি কৰা হৈছে।
বৰ্তমান দেশখনত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৪৫৮.৪০ পাকিস্তানী টকা আৰু ডিজেলৰ মূল্য ৫২০.৩৫ পাকিস্তানী টকা নিৰ্ধাৰণ কৰা হৈছে, যি আগৰ তুলনাত যথেষ্ট অধিক।
ইফালে, গৃহস্থালীত ব্যৱহৃত LPG চিলিণ্ডাৰৰ মূল্যও ব্যাপকভাৱে বৃদ্ধি পাই ৩৫০০ পাকিস্তানী টকাত উপনীত হৈছে। উল্লেখযোগ্য যে, মাত্ৰ মাৰ্চ মাহত এই চিলিণ্ডাৰৰ মূল্য আছিল ২৬৬৫ পাকিস্তানী টকা।
ইন্ধনৰ এই তীব্ৰ মূল্যবৃদ্ধিৰ ফলত দেশখনত মুদ্ৰাস্ফীতি আৰু জীৱনযাত্ৰাৰ ব্যয় বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। বিশেষকৈ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ অধিক পৰাৰ সম্ভাৱনা দেখা গৈছে।






























