ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন।বিধানসভা নিৰ্বাচনৰ আজি ২০ বিজনী বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ শান্তিপূৰ্ণভাৱে হৈ যায়। আজি অন্তিম দিনটোত বিজনীৰ এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দে’ৰ হৈ প্ৰচাৰকাৰ্য চলাবলৈ হেলিকপ্টাৰেৰে বিজনীত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
মন্ত্ৰী গৰাকীয়ে প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থনত উলিওৱা বিশাল ৰেলীত অংশগ্ৰহণ কৰি বিজনীৰ এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দে জয়ী হোৱাটো নিশ্চিত হোৱা বুলি মন্তব্য কৰে। ৰেলীত ৰাইজৰ সমাগমে ৰাইজ বিজেপিৰ লগত আছে, ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে বুলি মন্তব্য কৰি এনডিএ এইবাৰ পূৰ্বতকৈ আসন বেছি পাব বুলি কয়।কেইবা শতাধিক মহিলাই হাতে হাতে বিজেপি, বিপিএফ , অগপৰ পতাকা লৈ নাচি বাগি উলিওৱা ৰোড শ্ব’ ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে প্ৰাৰ্থী অৰূপ কুমাৰ দে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী টৌখন চাহু, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় সহ অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে।
বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা উলিওৱা এই ৰোড শ্ব’ সমগ্ৰ বিজনী চহৰ পৰিভ্ৰমণ কৰি পুনৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত আহি সমাপ্ত হয়। একেদৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাখন বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বিটিচিৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমানৰ সমৰ্থনত সমষ্টিটোৰ অন্তৰ্গত পালেংবাৰী অঞ্চলত ৰোড শ্ব’ তথা নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়।
বিজনীৰ পালেংবাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনী জনসভাত প্ৰাৰ্থী খলিলুৰ ৰহমান উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত উলিওৱা ৰোড শ্ব’ত বিভিন্ন ঠাইৰ পৰা ৰাইজ আহি সহায় সহযোগিতা কৰিছে। ৰাইজৰ সঁহাৰি দেখি জয়ী নিশ্চিত বুলি দাবী কৰি বিজনীত তিনি কোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি মন্তব্য কৰে খলিলুৰ ৰহমানে।
আনহাতে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ইউপিপিএলৰ প্ৰাৰ্থী কমলসিং নাৰ্জাৰীয়ে সমষ্টিটোৰ ভাওৰাগুৰীত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিজৰ সমৰ্থনত নিৰ্বাচনত জয়ী হোৱাটো খাটাং হৈ আছে বুলি কয়। তেওঁৰ নিকটতম প্ৰাৰ্থী এনডিএৰ অৰূপ কুমাৰ দে থাকিব বুলি মন্তব্য কৰি বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ শান্তি প্ৰতিষ্ঠা, শান্তিৰ মাজেদি উন্নয়ন আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সম মৰ্যদাৰ প্ৰচেষ্টাৰ বাবে ৰাইজ আগবাঢ়ি আহিছে বুলি কয়।
একেদৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাখন বিজনী বিধানসভা সমষ্টিৰ ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী নিলাঞ্জনা চক্ৰৱৰ্তীয়ে সমষ্টিটোৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি প্ৰাৰ্থী নিলাঞ্জনা চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিজনী সমষ্টিৰ ৰাইজে মোক আকোঁৱালি লৈছে আৰু যথেষ্ট মৰম দিছে। ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে বিজনী সমষ্টিৰ ৰাইজে মোক কলহৰ চিহ্নত ভোট দি জয়যুক্ত কৰিব।
উল্লেখ্য যে এইবেলি বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিত সৰ্বমুঠ ১৮২৯৭৬ ভোটাৰৰ বিপৰীতে মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থী সকল ক্ৰমে এনডিএ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে, বিৰোধী ঐক্যমঞ্চৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰজত কান্তি সাহা, ইউপিপিএলৰ প্ৰাৰ্থী কমলসিং নাৰ্জাৰী, এআইইউডিএফৰ
প্ৰাৰ্থী মুছুকা বসুমতাৰী, গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া, ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী নিলাঞ্জনা চক্ৰৱৰ্তী , নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে প্ৰভাত বসুমতাৰী, ডীম্বেশ্বৰ বড়ো, কন্দৰ্প ৰায়, খলিলুৰ ৰহমান,নাছিৰুদ্দিন খান, মনোৰঞ্জন বৰ্মন আৰু আব্দুল হাই নাগৰি।






























