Delhi:মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উদ্থাপন কৰি বিপদত পৱন খেড়া !

দিল্লীৰ নিজামুদ্দিনৰ D12 বাসগৃহত অসম আৰক্ষীৰ দল, বাসগৃহ নাপালে খেড়াক,বাসগৃহৰ পৰা জব্দ আপত্তিজনক নথিপত্ৰ , জব্দ কৰা হয় খেড়াৰ লেপটপ সহ পেনড্রাইভ

WhatsApp Image 2026 04 07 at 4.41.59 PM

Delhi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উদ্থাপন কৰি বিপদত কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এই অপ্ৰচাৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চত ৰজু কৰা গোচৰ অনুসৰি
ডিচিপি দেৱজিৎ নাথৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল মঙলবাৰে উপস্থিত হয় দিল্লীত ৷

দিল্লীত উপস্থিত হোৱাৰ পিছতে অসম আৰক্ষী দলটোৱে দিল্লী আৰক্ষীৰ সহযোগত পৱন খেড়াৰ নিজামুদ্দিনস্থিত D12 বাসগৃহলৈ যায় যদিও কোনো শুংসূত্ৰ নাপালে খেড়াৰ ৷ আৰক্ষীৰ সন্দেহ আৰক্ষী অহাৰ পূৰ্বেই বাসগৃহ ত্যাগ কৰি অজ্ঞাত স্থানত বাহৰ পাতিছে খেড়াই ৷ গ্ৰেপ্তাৰৰ ভয়ত দিল্লী এৰি হায়দৰাবাদলৈ পলায়নৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

আনহাতে অসম আৰক্ষীৰ দলে খেড়াৰ বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰে কেতবোৰআপত্তিজনক নথিপত্ৰৰ উপৰিও খেড়াৰ ব্যৱহ্ত গটা লেপটপসহ পেনড্রাইভ।

উল্লেখ্যে যে দেওবাৰে কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উদ্থাপন কৰি উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰী পত্নী এইউএই,ইজিপ্ত আৰু এন্টিগুৱাৰ নাগৰিকত্বৰ পাছপ’ৰ্ট আছে ৷ একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰতো ৰিণিকি ভূঞা শৰ্মাৰ ৫২ হাজাৰ কোটিৰ এটি কোম্পানী আছে ৷

ইপিনে এই গুৰুতৰ অভিযোগৰ পিছতে এইয়া ভিত্তিহীন আৰু অপ্ৰচাৰ বুলি উল্লেখ কৰি ৰিণিকি ভূঞা শৰ্মাই দেওবাৰে নিশাই পৱন খেড়াৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম বাঞ্চত গোচৰ তৰে ৷ আনকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই সোমবাৰে এক সংবাদমেল যোগে এই অভিযোগ খণ্ডন কৰি বিস্তৃত তথ্য দাঙি ধৰি এইয়া এআই জৰিয়তে প্ৰস্তুত কৰা ভুৱা পাচপোৰ্ট বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট তিনিও খন দেশৰ বিদেশ মন্ত্ৰণালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰিণিকি ভূঞা শৰ্মাৰ নামত পৱন খেড়াই উদ্থাপন পাচপোৰ্ট কেইখন ভুৱা ৷

Exit mobile version