সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নীতি অমান্য কৰাৰ অভিযোগত কুংকি চৌধুৰীৰ সামাজিক মাধ্যম টীমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
ADVERTISEMENT
আৰক্ষীয়ে কুংকিৰ সামাজিক মাধ্যম টীমৰ তিনিজন সদস্যক আটক নিশাই আটক কৰে বুলি । আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা মতে, নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ সন্দেহত তদন্ত আৰম্ভ কৰা হৈছে আৰু বিষয়টো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰা হৈছে।
ইফালে, এই অভিযোগ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুংকি চৌধুৰীয়ে স্পষ্টকৈ কয় যে, এইবোৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।
তেওঁ কয় যে তেওঁৰ টীমে কোনো ধৰণৰ নীতি উলংঘন কৰা নাই আৰু সত্য শীঘ্ৰেই স্পষ্ট হৈ পৰিব।






























