ৰুদ্ৰাক্ষ মলত সংঘটিত এক ৰহস্যজনক ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মৃত যুৱকজনক সোণাপুৰৰ বাসিন্দা সিদ্ধান্ত দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁ এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল।
প্ৰাথমিক তথ্য অনুসৰি, মলটোৰ সপ্তম মহলাৰ পৰা চতুৰ্থ মহলালৈ পৰি যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পাছতে তেওঁক তৎকালীনভাৱে উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ঘটনাটোক কেন্দ্ৰ কৰি একাধিক সন্দেহ উত্থাপন হৈছে। যুৱকজনৰ মৃত্যু দুৰ্ঘটনাজনিত নে ইয়াৰ আঁৰত কোনো অন্য কাৰণ আছে , সেই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে এই ঘটনাত হত্যাৰ সন্দেহো প্ৰকাশ কৰা হৈছে।
ঘটনাস্থলীত মহানগৰ আৰক্ষী উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে CCTV ফুটেজ পৰ্যালোচনা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।






























