পিতৃ-মাতৃ, পত্নী-স্বামী বা সন্তানৰ দৰে প্রিয়জনক হেৰুওৱাৰ যন্ত্রণাই মানুহক গোটেই জীৱনটো খুলি খুলি খায়। সেই শূন্যতা কেতিয়াও পূৰণ নহয়। প্রিয়জনক হেৰুওৱাৰ পাছত বহুতৰে মনলৈ এনে ভাব আহে, যদি মৃত্যুৰ পাছতো তেওঁলোক থাকি গ’লহেঁতেন বা যদি মৃত্যু নামৰ একোৱেই নাথাকিলহেঁতেন?
এইবাৰ সেই চিন্তাবোৰেই বাস্তৱ হ’বলৈ গৈ আছে বুলিয়ে ধাৰণা কৰা হৈছে। ধাৰণা কৰা হৈছে যে মানর প্রজন্মই এনে এটা যুগত ভৰি দিবলৈ গৈ আছে, য’ত মৃত্যু মানেই সকলো শেষ বুলি থকা ধাৰণাটো সলনি হৈ যাব পাৰে।
মানব ইতিহাসত প্রথমবাৰলৈ প্ৰযুক্তিৰ সহায়ত মৃত মানুহক পুনৰ সৃষ্টি কৰিব পৰা যাব। ‘2wai’ নামৰ প্ৰযুক্তিৰ সহায়ত মৃত মানুহক জীবিত অৱস্থাৰ কেই ছেকেণ্ড মানৰ ভিডিঅ’ তথা অডিঅ’ৰ সহায়ত তেওঁক পুনৰ সৃষ্টি কৰিব পৰা যাব ।
এই প্রযুক্তিৰ সহায়ত মৃত ব্যক্তিজনক বিক্রিয়েট (পুনসৃষ্টি) কৰা হ’ব, য’ত তেওঁক কেরল এক ধৰণৰ দেখা নাযাব। সেই সৃষ্টিয়ে সংশ্লিষ্ট মৃত লোকজনৰ দৰে কথা ক’ব, অনুভূতি বুজাব, ব্যক্তিজনে যেনে অংগী-ভংগী কৰি কথা কৈছিল, কথা কওঁতে কওঁতে য’ত যিদৰে থমকি ৰৈছিল এই সৃষ্টিয়েও সেয়াই কৰিব।
আনকি তেওঁৰ উপস্থিতি, তেওঁৰ ছন্দ সকলোবোৰেই থাকিব।বিজ্ঞানীসকলে ইয়াক ‘এলগৰিডমিক আইডেন্টিটি’ বুলি উল্লেখ কৰিছে। ই এনে এটা ভাৰ্ছন (সংস্কৰণ), য’ত মৃত্যুৰ পাছত ব্যক্তিজনৰ কেৱল স্মৃতিয়েই নাথাকিব; বৰঞ্চ তেওঁৰ চিন্তা-ভাবনা, কথাটো সঁহাৰি দিব। একেবাৰে বাস্তৱৰ দৰে।
নতুন নতুন প্রযুক্তি যেনে ভলিঅ’মেট্রিক ডিছপ্লে, ৰিয়েল টাইম হল’গ্রাম আদি ডিজিটেল পৰিচিতিসমূহক স্ক্রীণৰ পৰা বাহিৰ কৰি বাস্তৱৰ জগতলৈ লৈ আহিব। স্বাভাৱিকতে থ্রী ডিৰ উপস্থিতিও থাকিব।
তেওঁলোকৰ কাষত থাকিব পাৰিব, তেওঁলোকক দেখা যাব, কথা ক’ব পৰা যাব। ফলত মৃত্যু আৰু জীৱনৰ মাজত এখন যি প্রাচীৰ আছে, সেইখন আগন্তুক দিন নাথাকিব বুলিয়ে ক’ব পাৰি।






























