বিহু নাম, ঢোল- পেপাঁৰ মাতেৰে মুখৰিত হৈ থকা সোণাপুৰৰ ক্ষুদ্র ক্ৰীড়াঙ্গনৰ বাকৰি আজি নিজম পৰিল। সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ আঞ্চলিক উন্নতি সভা, অসম সেনা সোণাপুৰ আঞ্চলিক সমিতিৰ সহযোগত নদিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ আজি সামৰণি পৰে।
তদুপলক্ষে উদ্যোক্তা সকলে ৰঙালী বিহু আদৰণি উৎসৱ নামেৰে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিয়লি আনুষ্ঠানিক বন্তি প্ৰজ্বলনেৰে বিহু আদৰণি উৎসৱ মুকলি কৰে বিশিষ্ট কৌতুক অভিনেতা অতুল পাচনীয়ে ।
অনুষ্ঠানটি মুকলি কৰি বিহু অসমৰ আয়ুসৰেখা বুলি মন্তব্য কৰি নতুন প্ৰজন্মক নৃত্য,অভিনয় আৰু গীতকে কৰি সকলোদিশতে আগুৱাই যাবলৈ তেওঁ আহ্বান জনায়।আগন্তুক নৱ বৰ্ষটোতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব বুলি আশা প্ৰকাশ কৰে।
সদৌ কামৰূপ ( ম) ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিন্টু দাসে আদৰণি ভাষন ৰখা অনুষ্ঠানত আছুৰ শিক্ষা সম্পাদক টুটুমনি কলিতা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড° ৰঞ্জন দত্ত কলিতা, সাংবাদিক মিতুৰানী দাস, অভ্যৰ্থনা সমিতিৰ উপদেষ্টা ড° ধৰ্মৰাম ডেকা প্ৰমুখ্যে বিশিষ্ট লোকসকল উপস্থিত থাকে।
অনুষ্ঠানত কৰ্মশালাত অংশগ্রহণ কৰা সহস্রাধিক নাচনীয়ে একেলগে নাচি পৰিৱেশ জীপাল কৰি তোলে। সমান্তৰালকৈ অনুষ্ঠানত ডিমৰীয়াৰ কেঁচা বিহু লালিলাং,বড়ো, কাৰ্বি, ঝুমুৰ,ওজাপালি, বৰঢুলীয়া নাচ, হাজং নৃত্য, সত্ৰীয়া নৃত্য, বাৰেবৰনীয়া নৃত্য আদি পৰিবেশন কৰা হয়।
আনহাতে ইয়াৰ পূৰ্বে উৎসৱৰ বাকৰিত পুৱা আছুৰ পতাকা উত্তোলন কৰে সোণাপুৰ আছুৰ সভাপতি বিক্ৰম পালে, বিহুৰ পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ডা: চন্দন বৰুৱাই, ছহীদ তৰ্পন কৰে সোণাপুৰ আছুৰ সম্পাদক গুনগুন দাসে,দ্বৈতভাবে গছপুলি ৰোপন কৰে ক্ৰমে সোণাপুৰ আঞ্চলিক উন্নতি সভাৰ সম্পাদক বাপন প্ৰসাদ কুৰ্মী আৰু অসম সেনাৰ সোণাপুৰ আঞ্চলিক সমিতিৰ আহ্বায়ক অজয় গোৱালাই।
ইয়াৰ পাছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে সদৌ কামৰূপ ( ম) ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক পৰাগ বৰুৱা, সোণাপুৰ আঞ্চলিক উন্নতি সভাৰ সভাপতি হিমানজ্যোতি গোস্বামী আৰু অসম সেনা সোণাপুৰৰ মুখ্য আহ্বায়ক ৰাজকমল বৰ্মনে। এই কাৰ্যসূচীতে কৰ্মশালাত অংশগ্রহণ কৰা ছাত্ৰ- ছাত্ৰীসকলক প্ৰমান পত্ৰ প্ৰদান কৰা হয়।






























