ৰাজ্য চৰকাৰৰ জনসাধাৰণক আভুৱা ভাঁৰা বস্তু নীতিৰ ফলত অসমতে এলাগী হৈছে অসমীয়া গামোচা। যাৰ বাবে বিহু আৰু নিৰ্বাচনী বতৰত ট্রাকে ট্রাকে বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি হৈছে ‘অসমীয়া গামোচা’।
নির্বাচন আৰু ৰঙালী বিহু একে সময়তে পৰাৰ সুযোগ লৈ এইবাৰ গাখীৰতে ম’হৰ খুঁটি হৈছে অসাধু ব্যৱসায়ীৰ। স্বকীয়তাৰ বাবে জিআইটেগৰ মৰ্যাদা আহৰণ কৰা অসমীয়া গামোচাই এই মৌলিক পৰিচয় লাভ কৰাৰ ফলত ৰাজ্যৰ শিপিনীয়ে তাঁতত বোৱা গামোচাই বজাৰতো ব্যাপক প্ৰসাৰ লাভ কৰিব বুলি আশাৰ সৃষ্টি হৈছিল।
কিন্তু বাস্তবত তাৰ ন্যূনতমো প্রভাৱ নপৰিল। বৰঞ্চ সুদূৰ তামিলনাডুৰ মাদুৰাইৰ লগতে গাতে লাগি থকা পশ্চিমবংগৰ কোচবিহাৰৰ পৰাহে এতিয়া অসমৰ গামোচাৰ বজাৰ নিয়ন্ত্ৰিত হৈছে। বিহুৰ পূৰ্বে এনে গামোচাৰ পয়োভৰ অসমত প্ৰতি বছৰে হৈ আহিছে।
এইবাৰ বিহুৰ পূৰ্বে অনুষ্ঠিত বিধানসভা নির্বাচনে এনে গামোচাৰ বজাৰখনক অধিক বিশাল ৰূপ দিয়ে। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত লাখ লাখ গামোচা বজাৰত বিক্ৰী হয়। তদুপৰি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়তো প্রয়োজন হ’ব অসংখ্য গামোচা। তাৰ মাজতে দুৱাৰডলিত আহি থিয় দিছে ব’হাগ বিহুও।
সেয়েহে বহিঃবৰাজ্যৰ নিম্নমানৰ আৰু কম দামৰ তথাকথিত অসমীয়া গামোচাৰ ব্যৱসায়ীৰ দিন এইবাৰ আৰু অধিক ফুলিছে। তাৰ বিপৰীতে মূৰে কপালে হাত দিছে ৰাজ্যৰ শিপিনীয়ে।
ৰাজ্য চৰকাৰৰ বস্তু বিভাগৰ জৰীপ অনুসৰি, অসমত এতিয়া বছৰি কমেও তিনি কোটি গামোচাৰ প্ৰয়োজন হয়। আনহাতে, অসমত পঞ্জীয়নভুক্ত শিপিনীৰ সংখ্যা হ’ল ১২ লাখ। ইয়াৰে বৃহৎসংখ্যক ভুৱা শিপিনী। তাৰে একাংশ তাঁত বোৱা কাৰ্যৰ লগত জড়িতই নহয়। এটা অংশ অনিয়মীয়াকৈ তাঁত বোৱাৰ লগত জড়িত।
বিভাগটোৰ এক পৰিসংখ্যা মতে, পঞ্জীয়নভুক্ত সংখ্যাৰ বিপৰীতে প্ৰকৃত শিপিনীৰ সংখ্যা অতি বেছি আঠ লাখ। তেওঁলোকেও সূতাৰ মূল্যবৃদ্ধি, চৰকাৰী সহযোগিতাৰ অভাৱ, বজাৰত চলা প্রতিযোগিতাত তিষ্ঠিব নোৱৰা আদি কাৰণত নিয়মীয়াকৈ গামোচা ব’ব নোৱাৰে।
শিপিনীসকলক সহযোগিতা কৰাৰ কোনো ব্যৱস্থা বস্ত্ৰ বিভাগৰ নাই। শিপিনীক সূতা যোগান, সূতা বেংক স্থাপন আদি আঁচনি কেৱল মাত্ৰ চৰকাৰী নথিপত্ৰতহে জীয়াই আছে। তৎসত্বেও শিপিনীসকলে নিজাববীয়া প্ৰচেষ্টাৰে নিজৰ উৎপাদিত গামোচা বজাৰত উলিয়াই দিয়াৰ চেষ্টা চলাই আহিছে।
কিছু পৰিমাণৰ গামোচা আর্টফেডে সংগ্ৰহ কৰি বিক্ৰী কৰি আহিছে। তাৰ বাদে বজাৰত এলাগী হৈ পৰি ৰৈছে অসমীয়া শিপিনীৰ হাতৰ যাদুত সৃষ্টি হোৱা তাঁতশালৰ আচল গামোচাখন। ইয়াৰ বিপৰীতে বজাৰত মুকলিকৈ বিক্ৰী হৈছে মাদুৰাই, কোচবিহাৰত মেচিনত বোৱা অতি নিম্নমানৰ গামোচা।
নিৰ্বাচনৰ পাছতে ব’হাগ বিহুৰ বাবে বজাৰত ভৰি পৰিছে বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা। সাধাৰণ জোখৰ একোখন গামোচা বিক্রী হৈছে ৭০-৮০ টকাত। নিৰ্বাচনৰ সময়ত বিক্রী হৈছিল কমেও এশ টকা দৰত।
নেতাৰ ডিঙিত শোভা বঢ়োৱা গামোচাৰ নামতে কে’বাশ কোটি টকা ইতিমধ্যে অসমৰ পৰা বহিঃৰাজ্যলৈ ওলাই গৈছে। এইবোৰ গামোচাৰ বিপৰীতে সাধাৰণ জোখৰ অসমীয়া শিপিনীৰ গামোচাৰ বজাৰত মূল্য হ’ল ১৫০ৰ পৰা ২০০ টকা।
ৰাজ্যৰ বস্তু বিভাগৰ শীর্ষ সূত্রই ‘দৈনিক অগ্রদূত’ক কয় যে বহিঃৰাজ্যত উৎপাদিত তথাকথিত গামোচাবোৰ ইমানে নিম্নমানৰ যে মচিলেও পানী নুশুকায়। কাৰণ এনে গামোচা ব’বলৈ ব্যৱহাৰ কৰা এক কিলোগ্রাম সূতাত কমেও ৭০০ গ্রাম পলিয়েষ্টাৰ থাকে আৰু তিনিশ গ্রামহে কপাহ থাকে।
এনে সূতাৰ প্ৰতি কিলোগ্রামৰ মূল্য হ’ল ৭০ৰ পৰা ৮০ টকা। ইয়াৰ বিপৰীতে অসমৰ শিপিনীয়ে তাঁতত বোৱা প্ৰতি কিলোগ্রামৰ সূতাৰ মূল্য কমেও চাৰিশ টকা। এনে সূতাৰ পৰা যি গামোচা উৎপাদন হয় সেয়াই জিআইটেগ লাভ কৰা প্ৰকৃত অসমীয়া গামোচা।
গামোচাৰ স্বকীয়তা ৰক্ষা কৰাৰ স্বাৰ্থত আৰু থলুৱা শিপিনীক সকাহ দিয়াৰ বাবে চৰকাৰে কে’বাখনো আঁচনি ঘোষণা কৰিছে। তাক ৰূপায়ণো কৰা হৈছে। কিন্তু তেনে ৰূপায়ণৰ লাভশিপিনীসকলে পোৱা নাই।
চৰকাৰৰ অসহযোগিতাত বজাৰত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ বাবে শিপিনীৰ সংখ্যাও ৰাজ্যখনত দ্রুতগতিত হ্রাস হোৱা বুলি সূত্রটোরে জনায়।
ইপিনে, বিহুৰ বতৰতহে বহিঃৰাজ্যৰ নিম্নমানৰ গামোচাৰ বিৰুদ্ধে সাৰ পায় বস্ত্র বিভাগে। বিহুৰ আগমুহূৰ্তত কেৱল মাত্র যে বাঃ বাঃ ল’বলৈ বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে বজাৰত অভিযান চলোৱা হয় সেয়া স্পষ্ট।
বিভাগটোরে জব্দ কৰা কেইহেজাৰমান গামোচাৰ বিপৰীতে অসমলৈ আমদানি হয় কোটি কোটি নিম্নমানৰ গামোচা। এই প্ৰসংগতে বিভাগীয় সূত্রটোরে জনায় যে নিৰ্বাচনৰ সুযোগ লৈ এইবাৰ বহিঃৰাজ্যৰ গামোচাৰ বজাৰখনে ইমান বিশালকায় ৰূপ ধাৰণ কৰিছে যে তাক ন্যূনতম পৰিমাণে নিয়ন্ত্রণলৈ অনাটোও সহজ নহয়।
যিহেতু বহিঃৰাজ্যৰ গামোচাৰ বজাৰখন সম্পূৰ্ণ অবৈধ গতিকে বজাৰখনত হোৱা লেনদেনৰ পৰিমাণ নিৰূপণ কৰাটোও সম্ভৱ নহয়। কিন্তু শ শ কোটি টকাৰ লেনদেন অন্ততঃ এইবাৰ এইখন বজাৰত হোৱাটো নিশ্চিত বুলি সূত্রটোৱে কয়। নির্বাচন আৰু বিহুৱে বজাৰখনক এইবাৰ অধিক বিশাল ৰূপ দিয়ে।
উদ্বেগৰ বিষয় যে অসমতে বহি বিয়াগোম ব্যৱসায়ীয়ে বজাৰখন চলাই আহিছে অথচ সেইসকলৰ গাৰ নোম এডালো লৰাব পৰা নাই বস্তু বিভাগে। চৰকাৰৰ স্পষ্ট সহযোগিতাত এইখন বজাৰ চলি অহাটো নিশ্চিত।
কেৱল মাত্র নিয়মমাফিক এক কার্যসূচী হিচাপে পথৰ কাষত বহা ক্ষুদ্র ব্যবসায়ীয়ে বিক্ৰীৰ বাবে ৰখা বহিঃৰাজ্যৰ গামোচা জব্দ কৰিহে তেওঁলোকৰ ওপৰত বৰমতা দেখুৱাই আহিছে বিভাগটোৱে। বিভাগীয় সহযোগিতা অবিহনেও অবৈধ বজাৰখন চলি থকাটো সম্ভব নহয় বুলি মুকলি আলোচনা এতিয়া সুলভ।






























