Fixed Deposites:✒️নিশ্চিত ৰিটাৰ্ণৰ বাবে বর্তমান ফিক্সড ডিপ’জিট হৈছে আটাইতকৈ জনপ্রিয় বিনিয়োগৰ মাধ্যম।তদুপৰি যোৱা বছৰসমূহত এনে আঁচনিৰ সুতৰ হাৰো বৃদ্ধি পাইছে। ফলত কেরল জ্যেষ্ঠ নাগৰিকেই নহয়, যুৱ বিনিয়োগকাৰীয়েও ফিক্সড্ ডিপ’জিটৰ ফালে ঢাল খাইছে।
কিন্তু বিত্তীয় বিশেষজ্ঞসকলে অনুভৱ কৰে যে বিনিয়োগৰ এক বৃহৎ মাধ্যম হোৱাৰ পাছতো ফিক্সড ডিপ’জিটৰ কিছু অসুবিধা আছে।
কম ৰিটাৰ্ণ: ফিক্সড ডিপ’জিটৰ প্রধান অসুবিধাটো এই যে ইয়াত সুত নির্দিষ্ট হাৰত দিয়া হয়। ফলত ষ্টক মার্কেট বা মিউচুৱেল ফাণ্ডৰ দৰে অন্যান্য বিনিয়োগ বিকল্পতকৈ ফিক্সড্ ডিপ’জিটে কম ৰিটাৰ্ণ প্রদান কৰে।
নির্দিষ্ট সুতৰ হাৰঃ ফিক্সড্ ডিপ’জিট একাউন্ট খোলাৰ সময়তে স্থায়ী সুতৰ হাৰ নিৰ্ধাৰণ কৰা হয়। গ্রাহকে সেই স্থিৰ হাৰতে ম্যাদ শেষ নোহোৱালৈকে সুত লাভকৰে।
টিডিএছ: ফিক্সড্ ডিপ ‘জিটৰ পৰা উপাৰ্জন কৰা সুত কৰযোগ্য। অর্থাৎ উপার্জিত সুতৰ ওপৰত কৰ দিব লাগে। এফডিৰ পৰা লাভ কৰা সুতত ‘উৎসতে কৰ কৰ্তন’ বা টিটিএছ শ্ৰেণীৰ অধীনত কৰ আৰোপ কৰা হয়।
মুদ্রাস্ফীতি হাৰৰ তুলনাত কম ৰিটাৰ্ণ: বিনিয়োগৰ ৰিটাৰ্ণ সদায় মুদ্রাস্ফীতিৰ হাৰৰ তুলনাত বেছি হ’ব লাগে। কিন্তু ফিক্সড ডিপ’জিটত ইয়াৰ ঠিক বিপৰীতটোহে হয়। বিত্তীয় বিশেষজ্ঞসকলে কয় যে যদিহে ৰিটাৰ্ণে মুদ্রাস্ফীতিক অতিক্রম নকৰে তেন্তে তাত বিনিয়োগ কৰা উচিত নহয়। যদি মুদ্রাস্ফীতিৰ হাৰ এফডিৰ সুতৰ হাৰৰ তুলনাত বেছি হয় তেন্তে সময়ৰ লগে লগে ধনৰ মূল্যও হ্রাস পাব।
মূলধনী লাভ নাই: ফিক্সড্ ডিপ’জিটৰ পৰা কোনো কেপিটেল গেইন বা মূলধনী লাভ আহৰণ কৰিব পৰা নাযায়। ফিক্সড্ ডিপ ‘জিটক সাধাৰণতে নিৰাপদ বিনিয়োগ বুলি ধৰা হয় যদিও কেনেবাকৈ বেংক দেউলীয়া হ’ব লাগিলে তেনে ক্ষেত্রত বিনিয়োগৰাশি সম্পূর্ণ বা আংশিকভাৱে হেৰুৱাৰ আশংকা থাকে।
অকালতে উলিওৱাৰ শাস্তি: ফিক্সড্ ডিপ’জিটৰ সময়সীমা শেষ হোৱাৰ আগতেই অকালতে তাৰ পৰা ধন উলিয়ালে লোকচান হয়। ফিক্সড ডিপ’জিটত থকা ধন লক ইন পিৰিয়ডত থাকে। সেয়ে সময়সীমা শেষ হোৱাৰ আগতেই এফডি ভাঙিলে জৰিমনা ভৰিব লাগে।






























