দৰিদ্ৰতা সফলতাৰ হেঙাৰ নহয়—এই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী কৃষক পৰিয়ালৰ ছাত্ৰই। সদ্য ঘোষিত CBSE দশম শ্ৰেণীৰ ফলাফলত ৯৬.২০ শতাংশ নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে খেৰণি কছাৰী গাঁৱৰ ৰাজনাথ সিঙে।
দৰিদ্ৰ কৃষক ৰাজকুমাৰ সিং আৰু ৰাজকুমাৰী দেৱীৰ পুত্ৰ ৰাজনাথে এই সাফল্যৰে নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰিছে। পুত্ৰৰ এই ফলাফলত অত্যন্ত আনন্দিত হৈ উঠিছে অভিভাৱক আৰু স্থানীয় ৰাইজ।
উল্লেখযোগ্য যে বৈঠালাংছ’ নিবোদয় বিদ্যালয়ৰ ছাত্ৰ ৰাজনাথে ৯৬.২০ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে পশ্চিম কাৰ্বি আংলঙ জিলাখনৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে।
আৰ্থিক অসুবিধাৰ বাবে চৰকাৰী সুবিধা থকা বিদ্যালয়খনত অধ্যয়ন কৰি তেওঁ এই উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়।
অতি সাধাৰণ পৰিয়ালৰ পৰা আগবঢ়া এই ছাত্ৰজনে দৈনিক প্ৰায় ৫-৬ ঘণ্টা অধ্যয়ন কৰি নিজৰ লক্ষ্যত উপনীত হয়। তেওঁৰ এই সফলতাই পুনৰ প্ৰমাণ কৰিলে যে পৰিশ্ৰম, একাগ্ৰতা আৰু দৃঢ় মনোবল থাকিলে দৰিদ্ৰতাই কেতিয়াও সফলতাৰ পথত বাধা দিব নোৱাৰে।






























