ৰাজ্যৰ চৌদিশে যেতিয়া ৰঙালী ব’হাগৰ উছাহৰ বা বলিছে,সেই সময়তে আত্মীয় স্বজনৰ অবহেলা,পৰিস্থিতিগত কাৰণত এসময়ৰ নিজা ঘৰখনৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হোৱা একাংশ বয়োজ্যেষ্ঠই দিন অতিবাহিত কৰিব লগীয়া হৈছে বৃদ্ধাশ্ৰমত৷
এনে একাংশ বয়োজ্যেষ্ঠৰ স’তে এটা দিন অতিবাহিত কৰিলে জ্যোতিষ্মান নামৰ গোটটোৰ সদস্যসকলে৷উল্লেখযোগ্য যে,জোতিষ্মান গোটৰ মুখ্য উদ্দেশ্য হৈছে সাহিত্য চৰ্চাৰ লগতে পীড়িত ,অৱহেলিত আৰু আৰ্তজনৰ মুখত অকণমান হাঁহি বিৰিঙাই তোলা।
সেইবাবে জ্যোতিষ্মান গোটৰ কৰ্মকতা সকলে জন্মলগ্নৰে পৰা শিশু দিৱস ,শিক্ষক দিৱস আদি বিশেষ দিনবোৰত
অনুষ্ঠানৰ আয়োজন কৰি এনে দুদৰ্শাগ্ৰস্ত লোক সকলক মুখত অকণমান হাঁহি বিৰিঙাই অলপ সুখ দিয়াৰ প্ৰয়াস কৰি আহিছে।
একেদৰে প্ৰতি বছৰে ব’হাগৰ এদিন অনুষ্ঠিত কৰি অহাৰ গোটটোৱে এইবাৰো দ্বিতীয় ব’হাগৰ দিনটোত তথা ১৭ এপ্ৰিলত ব’হাগৰ এদিন কাৰ্যসূচী অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে, ১৭ এপ্ৰিলত জ্যোতিষ্মান গোটৰ প্ৰতিষ্ঠাপক তথা সুলেখিকা ৰুমী দত্তৰ জন্ম দিন।
সেয়ে কালি তেওঁৰ জন্মদিনটো তেজপুৰৰ স্নেহালয় বৃদ্ধাশ্ৰমত ব’হাগৰ এদিন কাৰ্যসূচীৰ স’তে উদ্যাপন কৰি তেওঁৰ স্বৰচিত উপন্যাস,গল্ল আৰু কবিতা সংকলন উপহাৰ দিয়ে স্নেহালয়ৰ আবাসী সকলক৷
কবিতা পাঠৰ লগতে বিভিন্ন কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত জ্যোতিষ্মান গোটৰ মুখ্য প্ৰশাসিকা ৰুমী দত্তই বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী আইজনী বৰাক এখন ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰে।
লগতে ইয়াৰ আবাসী ককা সকলক একোখনকৈ ফুলাম গামোছা ,এটাকৈ ছোলা আৰু আইতা সকলক এখনকৈ ফুলাম গামোছা আৰু এযোৰকৈ মেখেলা চাদৰ উপহাৰ দি তেওঁলোকৰ পৰা মৰম আৰু আৰ্শীবাদ গ্ৰহন কৰে ।তদুপৰি এইসকল ককা -আইতাক দিয়া হয় বিচনা চাদৰ,তেল, ফণি ,চাবোন টুথপেষ্টকে আদি কৰি কিছুমান প্ৰয়োজনীয় সামগ্ৰীও৷ জ্যোতিষ্মান গোটৰ কৰ্মকতা সকলে ককা -আইতা সকলৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰি তেওঁলোকৰ স’তে চাহ- পিঠা,দৈ চিৰা,মিঠাই আৰু এসাঁজ আমিষ আহাৰৰো ব্যৱস্থা কৰে ৷
এদিনৰ বাবে হ’লেও ককা-আইতা সকলৰ লগতে অনুষ্ঠানত উপস্থিত থকা সকলোৱে ৰঙালীৰ আনন্দত বিহু গাই এপাক বিহু নাচি উদযাপন কৰিলে ব’হাগ বিহু । ৰঙেৰে মুখৰিত হৈ পৰা বৃদ্ধাশ্ৰমখনত কবিতা পাঠ আৰু মধুস্মৃতি বিষয়াৰ ওডিচী নৃত্যৰে সকলোকে মোহিত কৰে৷






























