এইবাৰ জুবিন গাৰ্গবিহীন বিহুৰ অনুষ্ঠান ৰাজ্যত তেনেই সেৰেঙা হৈ পৰে। প্রিয় শিল্পীগৰাকীক চিৰদিনলৈ হেৰুওৱাৰ শোকত ৰাজ্যবাসী দগ্ধ হৈ থকাৰ সময়তে জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশনৰ অভিযোগে সর্বত্র তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বিশেষকৈ মর্মিতা মিত্ৰ নামৰ শিল্পীগৰাকীয়ে শেহতীয়াকৈ জুবিন গাৰ্গৰ এটি বিশেষ গীত নিজৰ শৈলীৰে বিহু মঞ্চত পৰিবেশন কৰাক লৈ এই প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্রতিক্ৰিয়াৰ মাত্রা ইমানেই বৃদ্ধি হৈছে যে মর্মিতাৰ বিৰুদ্ধে থানাত এজাহাৰ পৰ্যন্ত দাখিল হৈছে।
তদুপৰি কে’বাখনো বিহুৰ উদ্যোক্তাই শিল্পীগৰাকীৰ লগত অনুষ্ঠান পৰিবেশনৰ বাবে কৰা চুক্তিও বাতিল কৰিছে। কালি গোলাঘাট কেন্দ্রীয় ৰঙালী বিহু সম্মিলনীয়ে চুক্তি বাতিল কৰাৰ পাছত আজি কাজিৰঙাৰ কঁহৰা বসন্ত উৎসব আয়োজকেও মর্মিতাৰ অনুষ্ঠান প্রত্যাহাৰ কৰে।
তিনিচুকীয়াৰ তালাপ ৰাজহুৱা ৰঙালী বিহু সমিতিয়েও চুক্তি বাতিল কৰিছে। শিৱসাগৰতো একেই সিদ্ধান্ত গ্রহণ কৰা হৈছে। গুৱাহাটীৰ বৃহত্তৰ পাঞ্জাবাৰী আঞ্চলিক বঙালী বিহু সম্মিলনীয়েও কালি এক জাননীৰ জৰিয়তে অহা ২৭ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া মর্মিতাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা বুলি ঘোষণা কৰে।
ইপিনে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আজি গায়িকাগৰাকীৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াত উল্লেখ কৰা হৈছে যে মর্মিতা মিত্রই অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতসমূহ অসমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বিকৃতভাৱে পৰিবেশন কৰি অহা তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে।
এগৰাকী শিল্পীৰ গীতৰ প্ৰকৃত সুৰ, কথা আৰু গীতৰ মৌলিকতা শিল্পীগৰাকীৰ অথবা কর্তৃত্বপ্রাপ্ত কর্তৃপক্ষৰ অনুমতি নোহোৱাকৈ ব্যতিক্রমী ৰূপত ৰাজহুৱাকৈ পৰিবেশন কৰাতো আইনমতে দণ্ডনীয়। তেনে পৰিপ্ৰেক্ষিতত মর্মিতা মিত্রই জুবিন গাৰ্গৰ সৃষ্টিসমূহক বিকৃতভাৱে পৰিবেশন কৰি আইনমতে অপৰাধ কৰিছে।
মর্মিতা মিত্রই আর্থিক মুনাফা লাভৰ বাবে আইন উলংঘা কৰাই নহয়, তেওঁৰ এনে কার্যই জুবিন গাৰ্গৰ সৃষ্টিক কালিমা সানিছে। এনে কার্যই অসমীয়া জনগণৰ স্বাভিমানতো আঘাত হানিছে বুলি এজাহাৰখনত অভিযোগ কৰা হৈছে। সেয়েহে ইয়াৰ যথোচিত তদন্ত কৰি আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ এজাহাৰৰ জৰিয়তে আবেদন জনোৱা হৈছে।
সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চয়ো আজি দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। মঞ্চৰ হৈ সংগীত পৰিচালক অজয় ফুকন আৰু অভিনেতা বৈকুণ্ঠ প্রিন্স পাঠকে
জুবিনৰ কথা-সুৰৰে মঞ্চত অনুষ্ঠান গৰিমাৰ
ইপিনে, জুবিন গাৰ্গৰ গীতক লৈ সৃষ্টি হোৱা বিতর্কিত পৰিৱেশৰ মাজতে যোৱা নিশা প্রয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গার্গে গুৱাহাটীৰ পাণ্ডুৰ বিহু মঞ্চত শিল্পী জুবলী বৰুৱাৰ লগত ব্যতিক্ৰমী ৰূপত অনুষ্ঠান পৰিবেশন কৰে। জুবলীৰ গীতৰ মাজে মাজে জুবিনৰ গীতৰ পংক্তি তেওঁ আওৰায়। ইয়াকে লৈ বৃহৎ সংখ্যক দর্শকৰ সমাগম হোৱা বিহুতলীখনত সৃষ্টি হয় অভাৱনীয় আবেগিক পৰিৱেশৰ।
জুবিনক জীয়াই ৰখা যুঁজত অৱতীর্ণ পত্নী গৰিমাই অনুষ্ঠানটোৰ মঞ্চত কয়, ‘শেষ বুলি ক’লেই শেষ নহয়। ক’ৰবাত চলি থাকিব লাগিব, নতুন আৰম্ভণি হ’ব লাগিব। সেই যাত্রা ক’ৰ পৰা কেনেকৈ হ’ব। কি কৰিলে হ’ব? চাগে তেৱেঁই মোক বাট দেখুৱালে। বিহুৰ প্ৰথম দিনা মই লতাশিলৰ বিহুলৈ গৈছিলো। মই কথা পাতিলে, প্রার্থনা কৰিলে মোৰ এনেকুৱা লাগে- তেওঁ সদায় শুনে। মোক সদায় এটা উত্তৰ দিয়ে। আজিও চাগে তেওঁ মোক বাট দেখুৱালে আৰু ইয়াত আহি থিয় হৈ আপোনালোকৰ লগত তেওঁৰেই কেইটামান শব্দ, তেওঁৰেই কথা, তেওঁৰেই ছন্দ, জুবলীৰ সুৰৰ মাজত, তেওঁৰ সুৰৰ মাজত দাঙি ধৰিবলৈ মোক এইখিনি সাহস দিলে। মোৰ লগত, আপোনালোকৰ লগত তেওঁ সদায় থাকক। জুবিন আৰু আমাৰ যাত্রা কেতিয়াও শেষ নহওক। জুবিন অমৰ হৈ থাকক।’






























