বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে দেওবাৰে কংগ্রেছ নেতৃত্বাধীন ছয় দলীয় বিৰোধী মর্চাই প্রীতিভোজৰ মাধ্যমৰে সম্ভাব্য ফলাফলৰ পর্যালোচনা কৰে। গুৱাহাটীৰ এখন হোটেলত নিশা অনুষ্ঠিত এই পর্যালোচনা সভাত মিত্রতাৰ পাশত আৱদ্ধ হোৱা কংগ্রেছ, চিপিএম, চিপিআই (এমএল), অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু এপিএইছএলচিৰ নেতৃবৃন্দৰ লগতে প্রার্থী সকলো উপস্থিত থাকে।
অৱশ্যে এই বৈঠকৰ পূর্বে দলকেইটাৰ নেতৃত্বই নিজৰ দলৰ সম্ভাব্য ফলাফলৰ পৰ্যালোচনা কৰিছিল বৈঠকত সেয়া কালি দাঙি ধৰা হয়। তদুপৰি জ্যেষ্ঠ-কনিষ্ঠ কে’বাজনো প্রার্থীয়ে এই পর্যালোচনাত নিৰ্বাচনৰ অভিজ্ঞতা আৰু তেওঁলোকৰ সম্ভাব্য ফলাফল সম্পর্কত বক্তব্য দাঙি ধৰে। এই পর্যালোচনাত ঐক্যমত গ্রহণ কৰা হয় যে বিৰোধী তথা গৌৰৱ গগৈৰ নেতৃত্বত অসমত এইবাৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত। ইয়াৰ বিপৰীতে সর্বশক্তিৰে অৱতীৰ্ণ হৈয়ো বিজেপি মিত্রজোট যথেষ্ট কম সমষ্টিত সীমাবদ্ধ হৈ ৰ’ব।
মুখ্যমন্ত্ৰীৰ ৯০টা সমষ্টিত জয়লাভৰ দাবী অর্থহীন বুলিও লুৰীণজ্যোতি গগৈ, অখিল গগৈ প্রমুখ্যে নেতাই মন্তব্য কৰে। অৱশ্যে কিমান সংখ্যক সমষ্টিত বিৰোধী মিত্রজোঁটে জয়লাভ কৰিব, তাৰ সম্ভাব্য সংখ্যা পর্যালোচনাৰ সময়ত উল্লেখ কৰাৰ পৰা বিৰত থাকে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
সাংবাদিকৰ আগত গৌৰৱ গগৈয়ে কয় যে চৰকাৰ গঠনতে তেওঁলোক সন্তুষ্ট থাকিব বিচৰা নাই। তাৰ পৰৱৰ্তী সময়ছোৱাত অসমক নতুন ৰূপত গঢ় দিয়াৰ বিষয়টোক লৈহে তেওঁলোকে চিন্তা-চর্চা কৰিছে। গগৈয়ে কয়, ‘মোৰ ওচৰত যিমান খবৰ আছে, তাৰ পৰা আমি গম পাইছো যে ইটোৰ পাছত সিটো নির্বাচনত বিজেপি মিত্রজোটক সমর্থন জনোৱা বহু লোকে এইবাৰ কংগ্ৰেছক আদৰিছে। নির্বাচনী ফলাফলক লৈ আমি সন্তুষ্ট থাকিব বিচৰা নাই। বিজেপিয়ে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১০ বছৰত ভাঙি পেলোৱা অসমখনক একত্রিত কৰি সবল-শক্তিশালীভাবে আমি আগবঢ়াই নিব লাগিব। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ পৰা অসমৰ অৰ্থনীতিক ঋণমুক্ত কৰি সবল কৰালৈকে আমাৰ দায়িত্ব আছে। এক বহল দৃষ্টিৰে আমি এইবাৰৰ নিৰ্বাচনী যুঁজত নামিছিলো। অসমৰ বিকাশৰ নতুন মডেল লৈ আমি নতুন বৰঅসম গঢ়িব লাগিব।’
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপি তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে নৈতিক পৰাজয় স্বীকাৰ কৰি লৈছে। মুখ্যমন্ত্ৰীৰ শৰীৰৰ ভংগিমা, কথা-বতৰাত সেয়া স্পষ্ট হৈছে। গতিকে বিৰোধীয়ে এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি লুৰীণজ্যোতিয়ে লগতে কয়, ‘বিজেপিয়ে লোকসভা নির্বাচনৰ পূৰ্বে সম্পূর্ণ হিচাপ-নিকাচ কৰি সমষ্টি পুনর্নির্ধাৰণ কৰিছিল। তেতিয়া মুখ্যমন্ত্রীয়ে কৈছিল যে নতুনকৈ সীমা নির্ধাৰণ হোৱা ১০৪টা সমষ্টিত বিজেপিৰ জয় নিশ্চিত। সেই সংখ্যা এতিয়া মুখ্যমন্ত্রীৰ মুখত ৯০টালৈ নামিছে। গতিকে মুখ্যমন্ত্ৰীৰ ইতিমধ্যে নৈতিক পৰাজয় হৈছে। উজনি অসমত বিজেপিত তীব্র খহনীয়া হৈছে। সেই বিষয়ে অৱগত হৈ মুখ্যমন্ত্রীৰ শৰীৰৰ ভংগিমাও সলনি হৈছে।’
অজাপৰ সভাপতিজনে এই বুলিও কয় যে নির্বাচনটোত বিজেপিয়ে অসম গণ পৰিষদক এআইইউডিএফৰ বি টিম হিচাপে গঢ়ি তুলিলে। কাৰণ অসমত আজমলৰ ৰাজনীতি এতিয়া আৰু নচলে বুলি মন্তব্য কৰি লুৰীণজ্যোতিয়ে পুনৰ কয়, ‘আজমল নচলা হৈছে বাবেই অসম গণ পৰিষদক নতুন ইউডিএফ হিচাপে গঢ়ি তুলিবলৈ লক্ষ্য লোৱা হৈছে। সেই কাৰণে ইউডিএফৰ পৰা মানুহ আনি অসম গণ পৰিষদত ভৰ্তি কৰি নিৰ্বাচনত নমোৱা হৈছে। আজমল এইবাৰ নিজৰ সমষ্টিতে ৪০-৫০ হেজাৰ ভোটত হাৰিব।’
ইপিনে, বিৰোধী মিত্রজোঁটে ৭০-৮০টা সমষ্টিত জয়লাভ কৰিব বুলি দাবী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ইয়াৰ বিপৰীতে এনডিএই ৩০-৪০টা সমষ্টিত সীমাৱদ্ধ থকাৰো সম্ভাৱনা তেওঁ ব্যক্ত কৰে। অসমত এইবাৰ অকল্পনীয় নির্বাচনী ফলাফল সকলোৱে দেখিব বুলি দাবী কৰি অখিলে লগতে কয়, ‘তিনি গগৈৰ ধাৰণাটো এইবাৰৰ নির্বাচনত আটাইতকৈ ডাঙৰ ইছ্যু হয়। তিনি গগৈয়ে এইবাৰ হাল্লা লগাই দিছে। উজনি অসমৰ মানুহৰ মন-মগজু তিনি গগৈৰ ধাৰণাটোৱে বদলাই দিছে।’






























