AJP Review Meeting :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্ৰ বাৰটা দিন থকা অৱস্থাত দেওবাৰে কংগ্ৰেছ নেতৃত্বাধীন ছয়দলীয় মৰ্চাই মহানগৰীৰ এখন হোটেলত প্ৰীতিভোজৰ মাধ্যমেৰে পৰ্যালোচনা বৈঠকত অনুষ্ঠিত হোৱাৰ পিছত সোমবাৰে মৰ্চাৰ অন্যতম অংশীদাৰ দল অসম জাতীয় পৰিষদে হোটেল লিলিত অনুষ্ঠিত কৰে দলটোৰ পৰ্যালোচনা বৈঠক। দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ লগতে জ্যেষ্ঠ নেতৃবৰ্গই অংশগ্ৰহণ কৰে ৷ বৈঠকত দলটোৰ সম্ভাব্য ফলাফলৰ পৰ্যালোচনা কৰিছিল সেয়া বৈঠকত দাঙি ধৰা হয় ৷
ADVERTISEMENT






























