Deadbody Recovered in Basistha River:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কৃত্রিম বানৰ অতি ভয়ংকৰ ৰূপে দেওবাৰে সন্ধিয়াৰ পৰা সমগ্র গুৱাহাটী মহানগৰীক বিপর্যস্ত কৰি তোলে। বানৰ এনে ৰূপ মহানগৰীখনে পূর্বে প্রত্যক্ষ নকৰা বুলিয়েই সর্বত্র চর্চা চলিছে। বাৰিষাৰ সময়ত কৃত্রিম বানে উপর্যুপৰি গুৱাহাটীক কোবাই যায়।
আনহাতে কৃত্ৰিম বানৰ মাজত থকা লোকনির্মাণ বিভাগ (পথ)ৰ উন্মুক্ত পদপথে কাল হ’ল পায়েল নাথ দাসৰ নামৰ মহিলা গৰাকীৰ । মহানগৰীৰ ধাৰাপুৰৰ পূব মাজিৰগাঁৱৰ নিবাসী মহিলা গৰাকীয়ে দেওবাৰে নিশা মালিগাঁৱত ঢাকনিবিহীন পদপথত সোমাই পৰি অকাল মৃত্যুক আঁকোৱালি লয়। স্বাভাৱিকতে এই ঘটনাই চৌদিশে তুমুল প্রতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ ফেনেফুটুকাৰে উফন্দি উঠা বশিষ্ঠ নৈত মঙলবাৰে মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
সাউকুছিত বশিষ্ঠ নৈত উটি আহিছিল এজন পুৰুষৰ মৃতদেহটো। অৱশ্যে এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই। কৃত্ৰিম বানৰ কবলত পৰি মৃতদেহটো মেনহলেৰে আহি বশিষ্ঠ নৈত পৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো জিএমচিএইছৰ মৰ্গলৈ প্ৰেৰণ কৰিছে।






























