Bokajan:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মান্দাকাটা বেটেলিয়িন শিবিৰত অঘটন I জোৱান অপৰ্ণা পণ্ডিতৰ চৰমপন্থা I বোকাজানৰ এই যুৱতী গৰাকী কৰ্মৰত আছিল অসম আৰক্ষীৰ বীৰাঙ্গনাত ৷ বুকুত অজস্ৰ সপোন লৈ আৰক্ষীত যোগদান কৰা যুৱতী গৰাকীৰ নিথৰ দেহ মঙ্গলবাৰে ঘূৰি আহিল বোকাজানৰ নিজ গৃহলৈ ৷মৃতদেহ নিজ গৃহ আহি পোৱাৰ লগে লগে শোকত ভাগি পৰিল পৰিয়াল আৰু অঞ্চলটোৰ সকলো ৰাইজ ৷
সোমবাৰে মান্দাকাটা বেটেলিয়েন শিবিৰৰ বেৰেকত ৰাতি জোৱান গৰাকীয়ে চৰমপন্থা লোৱাৰ খবৰ পৰিয়ালে লাভ কৰে ৰাতি এঘাৰ বজাত ৷ খবৰ পোৱাৰ লগে লগেই গুৱাহাটীত থকা জোৱান গৰাকীৰ ককায়েক মান্দাকাটালৈ যায় যদিও ঘটনাতো কেনেকৈ সংঘটিত হল তাৰ সঠিক উত্তৰ নাপালে ৷ ইপিনে আৰক্ষীৰ বক্তব্য অনুসৰি সেইদিনা বেৰেকত থকা পাঁচ গৰাকী জোৱানৰ তিনি গৰাকীৰ ডিউটি থকাৰ বাবে অপৰ্ণাসহ আনগৰাকী জোৱান বেৰেকত আছিল ৷ সহকৰ্মী গৰাকীৰ টোপনি অহাৰ পাছতেই অপৰ্ণাই বেৰেকৰ ভিতৰতে থকা এখন চিলিং ফেনত চিপজৰী লৈ চৰমপন্থা লয় ৷
যেতিয়া আন দুগৰাকী জোৱান বেৰেকলৈ উভতি আহে তেতিয়াহে জোৱান গৰাকীৰ নিথৰ দেহ ফেনত উলমি থকা দেখে বুলি মন্তব্য কৰে মৃতদেহ চমজাই দিবলৈ অহা আৰক্ষী বিষয়াই ৷ সংবাদ মাধ্যমৰ আগত বিষয়া গৰাকীয়ে এই ঘটনা কেনেকৈ সংঘটিত হল সেয়া তেওঁৰ অজ্ঞাত বুলি কোৱাৰ লগতে জোৱান গৰাকীয়ে লিখি থৈ যোৱা এটা চুইচাইড নোট বাইহাটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত আছে বুলি জানিবলৈ দিয়ে ৷
ইপিনে মাণ্দাকাটা বেটেলিয়ন শিবিৰৰ জোৱান সকলক এই বিষয়ে শীৰ্ষ আৰক্ষী মহলে একো জানিবলৈ দিয়া নাই বুলি সুত্ৰত প্ৰকাশ ৷ আনহাতে পৰিয়ালে এই ঘটনাক সহজভাবে লব পৰা নাই ৷ ১৯ এপ্ৰিললৈকে গুবাহাটীত ৰোগীয়া মাতৃৰ চিকিৎসাৰ বাবে নিজ বায়েকৰ লগত জোৱান গৰাকীও উপস্থিত আছিল আৰু তাৰ পাছতো মাকৰ সৈতে ফোনত যোগাযোগ কৰি আছিল ৷
সেয়েহে পৰিয়ালে উচিত তদন্তৰ বাবে দাবী কৰিছে ৷এতিয়া প্ৰশ্ন হয় কি আছিল জোৱান গৰাকীৰ চুইচাইড নোটত ৷ ইতিমধ্যে জব্দ কৰা জোৱান গৰাকীৰ ম’বাইল ফোনত কাৰ সৈতে মৃত্যুৰ আগত যোগাযোগ কৰিছিল ৷ উপযুক্ত তদন্ত হলে বহু ৰহস্য উদ্ঘাটন হব বুলি মত ব্যক্ত কৰিছে মৃত জোৱান গৰাকীৰ পৰিয়ালে ৷






























