First phase election in WB:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-চুবুৰীয়া পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিসংখ্যা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। চৰকাৰী তথ্য অনুসৰি প্ৰথম পৰ্যায়ত ৩ কোটি ৭৭ লাখ ভোটাৰে কৰিব ভোটদান ৷ ইয়াৰে ১ কোটি ৮৪ লাখ ৯৯ হেজাৰ ৪৯৬ জন পুৰুষ ভোটাৰ আৰু ১ কোটি ৭৫ হেজাৰ ২১০ গৰাকী মহিলা ভোটাৰৰ বিপৰীতে ৪০০ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷
১৫২খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ২৯২৬ গৰাকী প্ৰাৰ্থীয়ে ৷
আনহাতে নিৰ্বাচন কৰ্তৃপক্ষই শান্তিপূৰ্ণ ভোটদান নিশ্চিত কৰিবলৈ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে মোতায়েন নিৰাপত্তা বাহিনীৰ বহুকেইটা কোম্পানী৷ একেদৰে নিৰ্বাচন আয়োগৰ দায়িত্বপ্ৰাপ্ত সংশ্লিষ্ট বিষয়াসকলে চূড়ান্ত সবিশেষ পৰ্যালোচনা কৰি আছে যাতে ভোটদান পৰ্ব শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৷






























